--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীতত নতুন চিন্তা, নতুন শৈলীৰে শ্ৰোতা দৰ্শকক আমোদ দিয়া ‘ডিস্কো কিং’ আৰু নাই। পৱন হংস শ্মশানতে সম্পন্ন হয় বিশিষ্ট শিল্পীগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া। পঞ্চভূত বিলীন হোৱাৰ পাছত এতিয়া নানা প্ৰশ্নৰ অৱতাৰণা হোৱা দেখিবলৈ পোৱা গৈছে। সোণৰ গহনা অবিহনে বাপ্পী লাহিড়ি! এনে এটা দিন আহিব পাৰে বুলি হয়তো সপোনতো ভবা নাছিল সুৰকাৰ শিল্পীগৰাকীয়ে! তেওঁৰ হাত-ভৰিত বিভিন্ন ধৰণৰ অলংকাৰেৰে সুশোভিত হৈ আছিল । ডিঙিত ৰত্নখচিত নেকলেছ, বিভিন্ন প্ৰকাৰৰ পেণ্ডেণ্ট। ১০টা আঙুলিত ১০ প্ৰকাৰৰ আঙুঠি । মণিবন্ধৰ ওপৰতো কেৱল ৰত্নৰে প্ৰলেপ। বিগত জন্মদিনত নিজেই নিজক সোণৰ পিয়লা উপহাৰ দিছিল এইগৰাকী যশস্বী শিল্পীয়ে। সোণেৰে নিজকে মেৰিয়াই ৰখাতো অভ্যাসত পৰিণত হৈছিল বাপ্পীদাৰ। তেওঁৰ বাবে সোণ আছিল সৌভাগ্যৰ প্ৰতীক। সংস্কাৰ আৰু স্বৰ্ণপ্ৰেমৰ সংমিশ্ৰনৰেই যেন আন এটা নাম- বাপ্পী লাহিড়ি! তেওঁৰ এই স্বৰ্ণ অলংকাৰখিনিৰ চোৱাচিতা কৰিবলৈ এজন ব্যক্তিও নিয়োগ কৰিছিল বাপ্পী লাহিড়িয়ে। বাপ্পীদাৰ সেইগৰাকী সহায়কেই নিয়মীয়াকৈ গহনাবোৰ ৰক্ষণাবেক্ষণ কৰিছিল। জানিবলৈ পোৱা মতে, এটা এলবাম মুক্তি পালেই বাপ্পীয়ে এটা সোণ বা হীৰাৰ গহনা ক্ৰয় কৰিছিল। প্ৰতিটো গহনাৰ বাবে পৃথকে বাকচো আছিল। বাপ্পীদাই যিদৰে সোণৰ গহনা অবিহনে জীয়াই থাকিব পৰা নাছিল, তেনেদৰে আন কোনোৱে সেই অলংকাৰ সমূহ স্পৰ্শ কৰাটোও তেওঁ ভাল পোৱা নাছিল। এবাৰ তেওঁৰ এগৰাকী সহায়কে স্বৰ্ণগহনাবোৰৰ সৈতে এখন ফটো তুলিব বিচাৰিছিল। সহায়কজনক নম্ৰতাৰে তেওঁ বাধা দিছিল। বহুলোকে নতুন গহনা স্পৰ্শ কৰিবলৈ ভাল পায়। বাপ্পিদাই সেইটোত আপত্তি কৰিছিল। কোনেও যাতে, তেওঁৰ শৰীৰ তথা গহনা স্পৰ্শ কৰিব নোৱাৰে কাৰ বাবে তেওঁ সকলোৰে পৰা দূৰত্ব বজাই ৰাখিছিল। প্ৰকৃতিৰ অমোঘ নিয়মকে সাৰোগত কৰি বাপ্পী লাহিড়ি গ’লগৈ। বাপ্পীদাৰ বিদায়ৰ লগে লগে অনুৰাগীৰ মনত এতিয়া প্ৰশ্ন উঠিছে, বাপ্পী লাহিড়িৰ সোণৰ গহনাখিনি কি হ’ব? কোনে লাভ কৰিব প্ৰয়াত শিল্পীগৰাকীৰ বিপুল পৰিমাণৰ অলংকাৰ? বাপ্পীদাৰ এগৰাকী বন্ধুৱে এই বিষয়ে জানিবলৈ দিছে। তেওঁ সদৰী কৰা মতে, শিল্পীগৰাকীৰ দুই সন্তান বাপ্পা আৰু ৰেমাই পিতৃৰ অলংকাৰসমূহ সংৰক্ষণ কৰিব বুলি জনাইছে। দুটি ভাগত ভাগ কৰা হ’ব সকলোখিনি। ইয়াৰ উপৰি সোণ প্ৰীতিৰ বাবে বাপ্পীদাই বিভিন্নজনৰ পৰা সোণৰ অলংকাৰ,মূৰ্তি আদি উপহাৰ লাভ কৰিছিল। সেইবোৰো সংৰক্ষণ কৰা হ'ব বুলি জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু