--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰৰ আকাশত সংগীতৰ ঢৌ তুলি বাপ্পীদা গ’লগৈ! ‘চলতে চলতে মেৰে ইয়ে গীত য়াদ ৰাখনা, কভী অলবিদা না কেহেনা ...’ - সঁচাকৈয়ে সুৰৰ মূৰ্ছনাৰে মোহাচ্ছন্ন কৰি ৰখা এইগৰাকী তাৰাক শিল্পীক যেন বিদায় জনাবলৈ বিচৰা নাই অনুৰাগীয়ে। এটাৰ পাছত আনটো সংগীত জগতৰ নক্ষত্ৰৰ পতনে আহত কৰিছে শিল্পজগতক। আজি পুৱা আৰব সাগৰৰ পাৰৰ পৰা অহা উদ্ৰেগকাৰী খবৰটোৱে বুকুত শেল বিন্ধা দি বিন্ধিছিল সকলোৰে। প্ৰিয় বাপ্পী দা আৰু নাই! কথাটো যেন মানি ল’ব পৰা নাই অনুৰাগীয়ে। দিনটোৰ আৰম্ভণিও যে এনে খবৰেৰে হ’ব পাৰে তাৰ কল্পনা কৰাটো হৈ পৰিছে কঠিন! বোম্বাইৰ ডিস্কো কঁপোৱা সেই গীতটোৰ পৰা, প্ৰেমিকৰ মনত ‘আমি অমৰ সংগী...’লৈকে। ক’ত যে ছুপাৰহিট গীতৰ ভোগজৰা দি গৈছে ডিস্কো কিঙে। সেইবাবে এভাৰগ্ৰীণ বাপ্পী লাহিড়ি। বংগৰ প্ৰতি তেওঁৰ আছিল এৰাব নোৱাৰা টান। বহুতে তেওঁক অতি নিবিড়ভাৱে চিনি পাইছিল, আৰু কিছুমানে দূৰৰ পৰা তেওঁৰ সৃষ্টি আৰু আত্মাক ভাল পাইছিল। সংগীতৰ প্ৰতি থকা উন্মাদনা আৰু সুৰৰ ব্যঞ্জনাৰে এক সম্পূৰ্ণ ব্যতিক্ৰমী শৈলীৰে সমগ্ৰ ভাৰতবৰ্ষতে খলকনি লগাইছিল বাপ্পী লাহিড়ি-এ। সেইগৰাকী শিল্পীৰে বহু অজানা কাহিনী- তেওঁৰ প্ৰকৃত নাম আছিল অলোকেশ লাহিড়ি, পিতৃ অপাৰেশ লাহিড়িৰ হাতত ধৰিয়েই খোজ থৈছিল স্বপ্ননগৰীত। দৰ্শকৰ হৃদয় জয় কৰিছিল বাপ্পী নামেৰে, তেতিয়াৰে পৰা ‘ডিস্কো কিং’ নামেৰে পৰিচিত হৈ পৰে বাপ্পী লাহিড়ি। সৰুৰে পৰা সংগীত এটা ঘৰুৱা পৰিৱেশ পাইছিল লাহিড়ি-এ। কিশোৰ কুমাৰৰ প্ৰতি লাহিড়িৰ আছিল গভীৰ আনুগত্য। তেজৰ কোনো সম্পৰ্ক নাথাকিলেও কিশোৰ কুমাৰৰ মাতৃয়ে বাপ্পী লাহিড়িৰ মাতৃক নিজৰ ভগ্নী হিচাপেই মানি লৈছিল। নিজ পুত্ৰৰ সমানে লাহিড়িক মৰম কৰিছিল কিশোৰৰ মাতৃয়ে। সৰুৰ পৰা একেলগে ডাঙৰ হোৱা, একেলগে কটোৱা মুহূৰ্তবোৰৰ স্মৃতিচাৰণ কৰিবলৈ পাহৰা নাছিল ডিস্কো কিঙে। কিশোৰ কুমাৰৰ মৃত্যুৰ পাছত নিজকে সম্পূৰ্ণৰূপে হেৰুৱাই পেলোৱা বাপ্পীয়ে সুৰৰ পৃথিৱীৰ পৰা বিদায় লোৱাৰ কথা ভাবিছিল। অনুৰাগীৰ উত্সােহৰ বাবেই সংগীতৰ পৃথিৱীৰ সৈতে পুনৰ একাত্ম হৈ পৰিছিল বাপ্পী লাহিড়ি। মোমায়েক কিশোৰ কুমাৰৰ হাতত ধৰিয়েই ৰূপালী পৰ্দাত আত্মপ্ৰকাশ ঘটিছিল বাপ্পীৰ। ১৯৭৪ চনত 'বাঢ়তী কা নাম দাড়ী' বোলছবিখনত অভিনয়ো কৰিছিল লাহিড়ি -এ। অলপ সময়ৰ বাবে হ’লেও তেওঁৰ অভিনয়ে মুগ্ধ কৰিছিল অনুৰাগীক। যথাসাধ্য নিখুঁট সুৰ দিবলৈ চেষ্টা কৰিছিল তেওঁ। সৃষ্টিত সদায় নতুনত্বৰে ভৰাই ৰাখিব বিচাৰিছিল বাবেই ‘ৰেপাৰ ড্ৰে’ৰ বিৰুদ্ধে আইনী পদক্ষেপ হাতত লৈছিল বাপ্পীয়ে। 'কলিয়ন কান চমন' গীতটো নকল কৰা বাবে ২০০৩ চনত কপী ৰাইটৰ পদক্ষেপ হাতত লৈছিল ডিস্কো কিঙে। পৰৱৰ্তী সময়ত আমেৰিকান ৰেপাৰজনে বাপ্পীক কৃতিত্ব দিবলৈ পাহৰা নাছিল। হাঁহিমুখে আমেৰিকান ৰেপাৰগৰাকীক ক্ষমা কৰি দিছিল বাপ্পীয়ে। তিনি বছৰ বয়সতে তবলা বজাবলৈ লৈছিল তেওঁ। প্ৰতিদিনে তবলাৰ অনুশীলন কৰিছিল, কৰিছিল সংগীতৰ আৰাধনা, লগতে আছিল সাংগীতিক গৱেষণা। সুৰ আৰু ছন্দত ইমানেই নিমগ্ন হৈ আছিল যে গাৰুতো তবলা বজাইছিল শিল্পীজনে। তেওঁ নিজৰ সুৰৰ বাহিৰে আন কাৰো গীত গোৱা নাছিল। কিন্তু সংগীত পৰিচালক বিশাল শেখৰৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম যাদুগৰী সুৰৰ গৰাকী বাপ্পী। ২০০৬ চনত ‘টেক্সি নং ৯২১১’ ছবিত ‘বোম্বাই নগৰীয়া’ গীতটোত কণ্ঠ নিগৰোৱাৰ পাছত বলীউডৰ বলিছিল ধুমুহা। ‘গ’ল্ড ইজ মাই গ’ড’ বুলি কৈছিল তেওঁ। সোণৰ অলংকাৰৰ বাহিৰে তেওঁ একোকে পিন্ধা নাছিল। এবাৰ এজন অনুৰাগীয়ে তেওঁৰ এই ফেন্সি ষ্টাইলিঙৰ বিষয়ে জানিব বিচাৰিছিল। তেতিৰয়া তেওঁ কৈছিল, ‘এলভিছ প্ৰেছলীৰ দ্বাৰা মই অনুপ্ৰাণিত হৈছিলো।’ এবছৰত ৩৩খন চলচ্চিত্ৰত ১৮০টা গীত গাই বিশ্ব অভিলেখ গঢ়িছিল বাপ্পীয়ে। নিজৰ পাৰদৰ্শিতাৰে গিনিজ বুকতো নাম ৰাখিবলৈ সক্ষম হৈছিল এইগৰাকী তাৰকা শিল্পীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু