--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এজন-দুজনকৈ বাঢ়িছে প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ সৈতে সম্পৰ্ক থকা বলীউড তাৰকাৰ নাম। ২০০ কোটিৰ ধনদাবী গোচৰত অভিযুক্ত প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ হাত বলীউডৰ ভিতৰচ’ৰালৈ। কোটি কোটি টকাৰ উপহাৰ লৈ ইতিমধ্যে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জেৰাৰ সন্মুখীন হৈ আছে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ। পাছে পাছে ‘ইডি’ৰ প্ৰশ্নৰ সন্মুখীন হৈ গৈছে আৱেদনময়ী নোৰা ফাটেহী। এইবাৰ প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ ওলাইছে শিল্পা ছেট্টী আৰু শ্ৰদ্ধা কাপুৰৰ বিৰুদ্ধে।


চন্দ্ৰশেখৰৰ ২০০ কোটিৰ জালিয়াতিৰ তদন্ত অব্যাহত ৰখা তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে প্ৰৱঞ্চকজনৰ সৈতে অভিনেত্ৰী শিল্পা ছেট্টী আৰু শ্ৰদ্ধা কাপুৰসহ আন কেইবাজনো বলীউড ষ্টাৰৰ সম্পৰ্ক থকাৰ কথা পোহৰলৈ আনিছে। চন্দ্ৰশেখৰে দিয়া মন্তব্য অনুসৰি ২০১৫ৰ পৰাই শ্ৰদ্ধা কাপুৰৰ সৈতে তেওঁৰ চিনাকি আৰু নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ৰ এক মোকৰ্দমাত তেওঁ শ্ৰদ্ধাক সহায় কৰা বুলি ইডি-এ কয়। চন্দ্ৰশেখৰে লগতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটক দিয়া মন্তব্যত কয় যে, স্বামী ৰাজ কুন্দ্ৰাৰ জামিনৰ বাবে অভিনেত্ৰী শিল্পা ছেট্টীয়ে তেওঁক যোগাযোগ কৰিছিল। অন্য বলীউড তাৰকাসকলৰ বিষয়ে কৰা প্ৰশ্নত চন্দ্ৰশেখৰে ইডিক জনায় যে, অভিনেতা হৰমন বাৱেজাৰ লগতো তেওঁৰ চিনাকী আছে আৰু কাৰ্তিক আৰিয়ানৰ আগন্তুক ছবি ‘কেপ্টেইন’ৰ সহঃনিৰ্মাতা হিচাপে থকাৰো পৰিকল্পনা কৰিছে চন্দ্ৰশেখৰে।


ইয়াৰ পূৰ্বে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে চন্দ্ৰশেখৰৰ সৈতে থকা সম্পৰ্কৰ বাবে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ আৰু নোৰা ফাটেহীক জেৰা চলাইছে। ইডি-এ দাখিল কৰা চাৰ্জশ্বিট অনুসৰি জেকলিন আৰু নোৰাই চন্দ্ৰশেখৰৰ পৰা কোটি কোটি টকাৰ বিলাসী গাড়ীকে ধৰি অন্যান্য উপহাৰ গ্ৰহণ কৰিছে। এতিয়া চন্দ্ৰশেখৰৰ লগত নাম সাঙোৰ খোৱা শিল্পা ছেট্টী আৰু শ্ৰদ্ধা কাপুৰৰো দিন বেয়ালৈ ঢাল খাব নেকি!


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান