--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এজন-দুজনকৈ বাঢ়িছে প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ সৈতে সম্পৰ্ক থকা বলীউড তাৰকাৰ নাম। ২০০ কোটিৰ ধনদাবী গোচৰত অভিযুক্ত প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ হাত বলীউডৰ ভিতৰচ’ৰালৈ। কোটি কোটি টকাৰ উপহাৰ লৈ ইতিমধ্যে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জেৰাৰ সন্মুখীন হৈ আছে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ। পাছে পাছে ‘ইডি’ৰ প্ৰশ্নৰ সন্মুখীন হৈ গৈছে আৱেদনময়ী নোৰা ফাটেহী। এইবাৰ প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ ওলাইছে শিল্পা ছেট্টী আৰু শ্ৰদ্ধা কাপুৰৰ বিৰুদ্ধে।


চন্দ্ৰশেখৰৰ ২০০ কোটিৰ জালিয়াতিৰ তদন্ত অব্যাহত ৰখা তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে প্ৰৱঞ্চকজনৰ সৈতে অভিনেত্ৰী শিল্পা ছেট্টী আৰু শ্ৰদ্ধা কাপুৰসহ আন কেইবাজনো বলীউড ষ্টাৰৰ সম্পৰ্ক থকাৰ কথা পোহৰলৈ আনিছে। চন্দ্ৰশেখৰে দিয়া মন্তব্য অনুসৰি ২০১৫ৰ পৰাই শ্ৰদ্ধা কাপুৰৰ সৈতে তেওঁৰ চিনাকি আৰু নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ৰ এক মোকৰ্দমাত তেওঁ শ্ৰদ্ধাক সহায় কৰা বুলি ইডি-এ কয়। চন্দ্ৰশেখৰে লগতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটক দিয়া মন্তব্যত কয় যে, স্বামী ৰাজ কুন্দ্ৰাৰ জামিনৰ বাবে অভিনেত্ৰী শিল্পা ছেট্টীয়ে তেওঁক যোগাযোগ কৰিছিল। অন্য বলীউড তাৰকাসকলৰ বিষয়ে কৰা প্ৰশ্নত চন্দ্ৰশেখৰে ইডিক জনায় যে, অভিনেতা হৰমন বাৱেজাৰ লগতো তেওঁৰ চিনাকী আছে আৰু কাৰ্তিক আৰিয়ানৰ আগন্তুক ছবি ‘কেপ্টেইন’ৰ সহঃনিৰ্মাতা হিচাপে থকাৰো পৰিকল্পনা কৰিছে চন্দ্ৰশেখৰে।


ইয়াৰ পূৰ্বে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে চন্দ্ৰশেখৰৰ সৈতে থকা সম্পৰ্কৰ বাবে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ আৰু নোৰা ফাটেহীক জেৰা চলাইছে। ইডি-এ দাখিল কৰা চাৰ্জশ্বিট অনুসৰি জেকলিন আৰু নোৰাই চন্দ্ৰশেখৰৰ পৰা কোটি কোটি টকাৰ বিলাসী গাড়ীকে ধৰি অন্যান্য উপহাৰ গ্ৰহণ কৰিছে। এতিয়া চন্দ্ৰশেখৰৰ লগত নাম সাঙোৰ খোৱা শিল্পা ছেট্টী আৰু শ্ৰদ্ধা কাপুৰৰো দিন বেয়ালৈ ঢাল খাব নেকি!


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন