--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গজেন্দ্ৰ নামৰ এটা ম'হে চেলিব্ৰিটীৰ দৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ নতুন চেলিব্ৰিটী হৈ পৰিছে গজেন্দ্ৰ। নামটোৰ দৰেই দেখাই শুনাই গজেন্দ্ৰ এই ম'হটো। ডেৰ টন ওজনৰ ম'হটোৰ মূল্য ৮০ লাখ টকা। গজেন্দ্ৰক তেওঁৰ মালিক বিলাস নায়কে মাংচুলি গাঁৱৰ পৰা তাচগাঁৱত কৃষক সংঘ স্বাভিমানী শেতকাৰী সংগঠনৰ দ্বাৰা আয়োজিত এখন প্ৰদৰ্শনীলৈ লৈ আহিছে। ম'হটো ইয়াৰ আকৰ্ষণীয় আকাৰৰ বাবে চহৰখনৰ চৰ্চাৰ কাৰণ হৈ পৰিছে।

গজেন্দ্ৰৰ সুস্বাস্থ্যৰ বাবে সি স্বাস্থ্যকৰ পোৱালি জন্ম হোৱাত সহায় কৰে। বিলাস নায়কে কোৱা অনুসৰি গজেন্দ্ৰই দিনত চাৰিবাৰ কৈ ঘাঁহ আৰু কুঁহিয়াৰ খোৱাৰ উপৰিও দৈনিক ১৫ লিটাৰকৈ গাখীৰ খায়। মহাৰাষ্ট্ৰস্থিত কৃষক সংঘৰ জিলা মুৰব্বী মহেশ খাৰাদে কয়, "এই ম'হটো আমাৰ কৃষিগৌৰৱ হৈ পৰিছে। ইয়াৰ মূল্য লাখ লাখ টকা কিয়নো ই উন্নত জাতৰ ম'হ প্ৰজনন কৰাত সহায় কৰে। গজেন্দ্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমাৰ গাঁৱৰ কৃষকসকলে স্বাস্থ্যৱান জন্তু প্ৰতিপালনৰ প্ৰথা ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে। সেয়েহে তেওঁলোকে ভাল উপাৰ্জনৰ এক নতুন উৎস লাভ কৰিছে।"

গজেন্দ্ৰ ইমানেই আকৰ্ষণীয় যে যিয়ে এবাৰ দেখে সিয়ে ঘূৰি ঘূৰি চায়। এটা ম'হৰ দামে ৮০ লাখ টকা পৰ্যন্ত চোৱাত বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন