--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গজেন্দ্ৰ নামৰ এটা ম'হে চেলিব্ৰিটীৰ দৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ নতুন চেলিব্ৰিটী হৈ পৰিছে গজেন্দ্ৰ। নামটোৰ দৰেই দেখাই শুনাই গজেন্দ্ৰ এই ম'হটো। ডেৰ টন ওজনৰ ম'হটোৰ মূল্য ৮০ লাখ টকা। গজেন্দ্ৰক তেওঁৰ মালিক বিলাস নায়কে মাংচুলি গাঁৱৰ পৰা তাচগাঁৱত কৃষক সংঘ স্বাভিমানী শেতকাৰী সংগঠনৰ দ্বাৰা আয়োজিত এখন প্ৰদৰ্শনীলৈ লৈ আহিছে। ম'হটো ইয়াৰ আকৰ্ষণীয় আকাৰৰ বাবে চহৰখনৰ চৰ্চাৰ কাৰণ হৈ পৰিছে।

গজেন্দ্ৰৰ সুস্বাস্থ্যৰ বাবে সি স্বাস্থ্যকৰ পোৱালি জন্ম হোৱাত সহায় কৰে। বিলাস নায়কে কোৱা অনুসৰি গজেন্দ্ৰই দিনত চাৰিবাৰ কৈ ঘাঁহ আৰু কুঁহিয়াৰ খোৱাৰ উপৰিও দৈনিক ১৫ লিটাৰকৈ গাখীৰ খায়। মহাৰাষ্ট্ৰস্থিত কৃষক সংঘৰ জিলা মুৰব্বী মহেশ খাৰাদে কয়, "এই ম'হটো আমাৰ কৃষিগৌৰৱ হৈ পৰিছে। ইয়াৰ মূল্য লাখ লাখ টকা কিয়নো ই উন্নত জাতৰ ম'হ প্ৰজনন কৰাত সহায় কৰে। গজেন্দ্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমাৰ গাঁৱৰ কৃষকসকলে স্বাস্থ্যৱান জন্তু প্ৰতিপালনৰ প্ৰথা ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে। সেয়েহে তেওঁলোকে ভাল উপাৰ্জনৰ এক নতুন উৎস লাভ কৰিছে।"

গজেন্দ্ৰ ইমানেই আকৰ্ষণীয় যে যিয়ে এবাৰ দেখে সিয়ে ঘূৰি ঘূৰি চায়। এটা ম'হৰ দামে ৮০ লাখ টকা পৰ্যন্ত চোৱাত বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান