--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি ছলমান খানলৈকে, দীপিকা পাডুকনৰ পৰা কেটৰিনা কাঈফলৈকে বলীউডৰ তাৰকাসকলৰ জীৱনশৈলী অতি বিলাসী। যিহেতু তেওঁলোকে কোটিৰ বহুগুণ উপাৰ্জন কৰে, তেনেকৈয়ে তেওঁলোকে কোটি টকা খৰচো কৰে। বলীউডৰ তাৰকাসকলৰ বিদ্যুতৰ বিল এমাহত কিমান খৰচ হয় জানেনে? আপুনি জানি আচৰিত হ’ব।

১) কেটৰিনা কাঈফ আৰু বিকি কৌশলঃ মুম্বাইৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চলত ৪ বেডৰুমৰ এপাৰ্টমেণ্টত থাকে কেটৰিনা কাঈফ আৰু বিকি কৌশল। লগতে তেওঁলোকে মাহিলী লাখ লাখ বিদ্যুতৰ বিল দিয়ে। বিদ্যুতৰ বিলৰ বাবে মাহে ৮ৰ পৰা ১০ লাখ টকা দিব লাগে কেটৰিনা আৰু বিকিয়ে।

২) আমিৰ খানঃ এই তালিকাত আমিৰ খানো কম নহয়। তেওঁ প্ৰতিমাহে লাখ লাখ বিদ্যুৎ খৰচ বহন কৰে। ৯ৰ পৰা ১১ লাখ টকা তেওঁ কেৱল বিদ্যুতৰ বিল হিচাপে খৰছ কৰে।

৩) দীপিকা পাডুকন আৰু ৰণবীৰ সিংঃ বলীউডৰ অন্যতম সুখী দম্পতী দীপিকা আৰু ৰণবীৰ। তেওঁলোকৰ কেৰিয়াৰ এতিয়া উচ্চতাত আছে। মুম্বাইত দীপিকাৰ দুটা ঘৰ আছে। ইয়াৰ ভিতৰত আছে ১১৯ কোটি টকাৰ বিলাসী বাসগৃহ। ৰণবীৰ আৰু দীপিকাই বিদ্যুতৰ বিলৰ বাবে প্ৰতিমাহে ১৩ৰ পৰা ১৫ লাখ টকা খৰচ কৰিব লগা হয়।

৪) অমিতাভ বচ্চনঃ মুম্বাইৰ জুহুৰ এটা ৰাজপ্ৰসাদ সদৃশ জলছা ঘৰত পৰিয়ালৰ সৈতে থাকে অমিতাভ বচ্চন। এই ঘৰৰ ভিতৰৰ অংশটোক ৰাজপ্ৰসাদৰ ভিতৰৰ অংশ বুলি ক’লেও ভুল কৰা নহ’ব। অমিতাভ বচ্চনে প্ৰতিমাহে বিদ্যুতৰ বিলত ২২ৰ পৰা ২৫ লাখ টকা খৰচ কৰে।

৫) ছলমান খানঃ ছলমান খানৰ মুম্বাইৰ বিভিন্ন প্ৰান্তত একাধিক বিলাসী ফ্লেট আৰু বাসগৃহ আছে। অৱশ্যে তেওঁ নিজেই মুম্বাইৰ এটা কোঠাৰ ফ্লেটত থাকে। অৱশ্যে বিদ্যুতৰ বিলৰ বাবে মাহে ২৩ৰ পৰা ২৫ লাখ টকা দিব লগা হয় ছলমান খানে।

৬) ছেইফ আলী খান আৰু কৰীণা কাপুৰঃ ছেইফ আলী খান আৰু কৰীণাৰ জীৱনশৈলী ৰজাৰ জীৱনশৈলীতকৈ কম নহয়। মুম্বাইৰ মাজমজিয়াত এটা বিলাসী ঘৰত বাস কৰে তেওঁলোকে। মাহিলী বিদ্যুতৰ বিলত ৩০ৰ পৰা ৩২ লাখ টকা খৰচ কৰে।

৭) শ্বাহৰুখ খানঃ মুম্বাইৰ বিলাসী ‘মন্নত’ ঘৰত পৰিয়ালৰ সৈতে থাকে শ্বাহৰুখ খান। মন্নত ৰাজপ্ৰসাদৰ দৰে। সকলো উন্নত সুবিধা আছে। এই ঘৰটোৰ বিদ্যুতৰ ব্যৱহাৰ মাহে ৪৩ৰ পৰা ৪৫ লাখ টকা পৰ্যন্ত হয়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু