--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি ছলমান খানলৈকে, দীপিকা পাডুকনৰ পৰা কেটৰিনা কাঈফলৈকে বলীউডৰ তাৰকাসকলৰ জীৱনশৈলী অতি বিলাসী। যিহেতু তেওঁলোকে কোটিৰ বহুগুণ উপাৰ্জন কৰে, তেনেকৈয়ে তেওঁলোকে কোটি টকা খৰচো কৰে। বলীউডৰ তাৰকাসকলৰ বিদ্যুতৰ বিল এমাহত কিমান খৰচ হয় জানেনে? আপুনি জানি আচৰিত হ’ব।

১) কেটৰিনা কাঈফ আৰু বিকি কৌশলঃ মুম্বাইৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চলত ৪ বেডৰুমৰ এপাৰ্টমেণ্টত থাকে কেটৰিনা কাঈফ আৰু বিকি কৌশল। লগতে তেওঁলোকে মাহিলী লাখ লাখ বিদ্যুতৰ বিল দিয়ে। বিদ্যুতৰ বিলৰ বাবে মাহে ৮ৰ পৰা ১০ লাখ টকা দিব লাগে কেটৰিনা আৰু বিকিয়ে।

২) আমিৰ খানঃ এই তালিকাত আমিৰ খানো কম নহয়। তেওঁ প্ৰতিমাহে লাখ লাখ বিদ্যুৎ খৰচ বহন কৰে। ৯ৰ পৰা ১১ লাখ টকা তেওঁ কেৱল বিদ্যুতৰ বিল হিচাপে খৰছ কৰে।

৩) দীপিকা পাডুকন আৰু ৰণবীৰ সিংঃ বলীউডৰ অন্যতম সুখী দম্পতী দীপিকা আৰু ৰণবীৰ। তেওঁলোকৰ কেৰিয়াৰ এতিয়া উচ্চতাত আছে। মুম্বাইত দীপিকাৰ দুটা ঘৰ আছে। ইয়াৰ ভিতৰত আছে ১১৯ কোটি টকাৰ বিলাসী বাসগৃহ। ৰণবীৰ আৰু দীপিকাই বিদ্যুতৰ বিলৰ বাবে প্ৰতিমাহে ১৩ৰ পৰা ১৫ লাখ টকা খৰচ কৰিব লগা হয়।

৪) অমিতাভ বচ্চনঃ মুম্বাইৰ জুহুৰ এটা ৰাজপ্ৰসাদ সদৃশ জলছা ঘৰত পৰিয়ালৰ সৈতে থাকে অমিতাভ বচ্চন। এই ঘৰৰ ভিতৰৰ অংশটোক ৰাজপ্ৰসাদৰ ভিতৰৰ অংশ বুলি ক’লেও ভুল কৰা নহ’ব। অমিতাভ বচ্চনে প্ৰতিমাহে বিদ্যুতৰ বিলত ২২ৰ পৰা ২৫ লাখ টকা খৰচ কৰে।

৫) ছলমান খানঃ ছলমান খানৰ মুম্বাইৰ বিভিন্ন প্ৰান্তত একাধিক বিলাসী ফ্লেট আৰু বাসগৃহ আছে। অৱশ্যে তেওঁ নিজেই মুম্বাইৰ এটা কোঠাৰ ফ্লেটত থাকে। অৱশ্যে বিদ্যুতৰ বিলৰ বাবে মাহে ২৩ৰ পৰা ২৫ লাখ টকা দিব লগা হয় ছলমান খানে।

৬) ছেইফ আলী খান আৰু কৰীণা কাপুৰঃ ছেইফ আলী খান আৰু কৰীণাৰ জীৱনশৈলী ৰজাৰ জীৱনশৈলীতকৈ কম নহয়। মুম্বাইৰ মাজমজিয়াত এটা বিলাসী ঘৰত বাস কৰে তেওঁলোকে। মাহিলী বিদ্যুতৰ বিলত ৩০ৰ পৰা ৩২ লাখ টকা খৰচ কৰে।

৭) শ্বাহৰুখ খানঃ মুম্বাইৰ বিলাসী ‘মন্নত’ ঘৰত পৰিয়ালৰ সৈতে থাকে শ্বাহৰুখ খান। মন্নত ৰাজপ্ৰসাদৰ দৰে। সকলো উন্নত সুবিধা আছে। এই ঘৰটোৰ বিদ্যুতৰ ব্যৱহাৰ মাহে ৪৩ৰ পৰা ৪৫ লাখ টকা পৰ্যন্ত হয়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক