--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলী ভাৰতীয় ক্ৰিকেট জগতৰ অন্যতম উজ্জ্বল তাৰকা। ২২ গজৰ পথাৰত তেওঁ ৰজা। পুত্ৰ হিচাপে, স্বামী হিচাপে, পিতৃ হিচাপে ব্যক্তিগত জীৱনতো তেওঁ অতি সফল। তেওঁ সম্পূৰ্ণ পাৰিবাৰিক ব্যক্তি। মাতৃ, পত্নী আৰু কন্যাই এতিয়া তেওঁৰ জীৱনৰ সকলো। সৌৰভৰ ব্যক্তিগত জীৱনত কিছু বিতৰ্ক আছে।

তেওঁৰ পত্নী ড’না গাংগুলী সৌৰভ গাংগুলীৰ জীৱনত একমাত্ৰ নাৰী নহয়। সৌৰভৰ নামটো এসময়ত বলীউডৰ এগৰাকী সুন্দৰী অভিনেত্ৰীৰ সৈতে জড়িত আছিল। ৯০ দশকত বলীউড আৰু দক্ষিণ ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হল নাগমা। নাগমাৰ সৈতে নাম সাঙুৰ খাইছিল সৌৰভ গাংগুলীৰ। বলীউড আৰু ক্ৰিকেট জগতৰ তাৰকাসকলৰ মাজত গঢ় লৈ উঠা প্ৰেমৰ কাহিনী আমি প্ৰায়ে শুনিবলৈ পাওঁ। নাগমা আৰু সৌৰভৰ প্ৰেম কাহিনী তেনেকুৱাই।

নাগমা তেতিয়া বলীউডৰ শীৰ্ষ অভিনেত্ৰী আছিল। তেওঁ সৌৰভৰ প্ৰেমত ভালকৈয়ে পৰিছিল। শুনা যায় যে ক্ৰিকেটৰ মহাৰাজ সৌৰভো নাগমাৰ প্ৰতি দুৰ্বল আছিল। কিন্তু সৌৰভ বিবাহিত হোৱাৰ বাবে তেওঁলোকৰ প্ৰেম বাস্তৱায়িত নহ’ল। সৌৰভে নিজেই নাগমাৰ সৈতে সম্পৰ্ক শেষ কৰিলে। কাৰণ তেওঁ ড’নাক এৰি যাব বিচৰা নাছিল।

ব্ৰেকআপৰ পিছত ২০০৯ চনত নাগমাই সৌৰভৰ সৈতে থকা ভগ্ন সম্পৰ্কৰ বিষয়ে সংবাদ মাধ্যমৰ আগত মুকলিকৈ কয়। অৱশ্যে তেওঁ সৌৰভৰ নাম পোনপটীয়াকৈ লোৱা নাছিল। তেওঁ কৈছিল, “হাজাৰজনৰ ভিতৰত এজন মানুহ হঠাতে অতি বিশেষ হৈ পৰে। যেতিয়া দুখন জগতৰ দুজন বিখ্যাত মানুহে ইজনে সিজনক ভালদৰে চিনি পায়, ইজনে সিজনক পচন্দ কৰে তেতিয়া বহুতে বহু কথা কয়।"

নাগমাই লগতে কয়, “দুজন বিখ্যাত ব্যক্তিৰ ঘনিষ্ঠতা পৃথিৱীয়ে ভাল নাপায়। ই ধ্বংস কঢ়িয়াই আনে। আৰু সেইবাবে, সকলো এৰি দিয়া হয়।” নাগমাৰ এই বক্তব্যৰ পিছত ক্ৰিকেট আৰু বলীউড দুয়োটা উদ্যোগতে আলোড়নৰ সৃষ্টি হয়। তেওঁ স্পষ্ট কৰি দিলে, “মই কেতিয়াও বাদ দিয়াৰ কথা কোৱা নাছিলো। যেতিয়া কোনোবাই আপোনাৰ জীৱনটোক অৰ্থপূৰ্ণ কৰি তোলে, তেতিয়া আপুনি তেওঁক এৰি দিব নোৱাৰে।"

“যদি আপুনি এজন ব্যক্তিৰ সৈতে একেলগে কিছুমান ভাল মুহূৰ্ত কটাব পাৰে, তেন্তে সেই সম্পৰ্ক, সেই ব্যক্তিজনক কেতিয়াও পাহৰিব নোৱাৰি। বন্ধু সদায় বন্ধুৱেই। যদি এটা সম্পৰ্ক সঁচা হয় তেন্তে ই কেতিয়াও গুচি নাযায়। মানুহে সম্পৰ্কৰ বাবে পৰিয়ালৰ সৈতে কাজিয়া কৰে। মোৰ ক্ষেত্ৰত অৱশ্যে কাজিয়াৰ থল নাছিল।” উল্লেখ্য যে সৌৰভে কেতিয়াও ৰাজহুৱাভাৱে নাগমাক লৈ কোনো ধৰণৰ মন্তব্য দিয়া নাই। 

বৰ্তমান নাগমাৰ বয়স ৪৬ বছৰ আৰু এতিয়ালৈকে তেওঁ বিবাহপাশত আৱদ্ধ হোৱা নাই। সৌৰভ গাংগুলীৰ বাহিৰেও নাগমাই দক্ষিণৰ অভিনেতা শৰত কুমাৰ, ভোজপুৰী অভিনেতা ৰবি কিশান আৰু মনোজ তিৱাৰীৰ সৈতে দুৰ্দান্ত প্ৰেম কৰিছিল। এওঁলোকো আছিল বিবাহিত পুৰুষ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু