--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলী ভাৰতীয় ক্ৰিকেট জগতৰ অন্যতম উজ্জ্বল তাৰকা। ২২ গজৰ পথাৰত তেওঁ ৰজা। পুত্ৰ হিচাপে, স্বামী হিচাপে, পিতৃ হিচাপে ব্যক্তিগত জীৱনতো তেওঁ অতি সফল। তেওঁ সম্পূৰ্ণ পাৰিবাৰিক ব্যক্তি। মাতৃ, পত্নী আৰু কন্যাই এতিয়া তেওঁৰ জীৱনৰ সকলো। সৌৰভৰ ব্যক্তিগত জীৱনত কিছু বিতৰ্ক আছে।

তেওঁৰ পত্নী ড’না গাংগুলী সৌৰভ গাংগুলীৰ জীৱনত একমাত্ৰ নাৰী নহয়। সৌৰভৰ নামটো এসময়ত বলীউডৰ এগৰাকী সুন্দৰী অভিনেত্ৰীৰ সৈতে জড়িত আছিল। ৯০ দশকত বলীউড আৰু দক্ষিণ ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হল নাগমা। নাগমাৰ সৈতে নাম সাঙুৰ খাইছিল সৌৰভ গাংগুলীৰ। বলীউড আৰু ক্ৰিকেট জগতৰ তাৰকাসকলৰ মাজত গঢ় লৈ উঠা প্ৰেমৰ কাহিনী আমি প্ৰায়ে শুনিবলৈ পাওঁ। নাগমা আৰু সৌৰভৰ প্ৰেম কাহিনী তেনেকুৱাই।

নাগমা তেতিয়া বলীউডৰ শীৰ্ষ অভিনেত্ৰী আছিল। তেওঁ সৌৰভৰ প্ৰেমত ভালকৈয়ে পৰিছিল। শুনা যায় যে ক্ৰিকেটৰ মহাৰাজ সৌৰভো নাগমাৰ প্ৰতি দুৰ্বল আছিল। কিন্তু সৌৰভ বিবাহিত হোৱাৰ বাবে তেওঁলোকৰ প্ৰেম বাস্তৱায়িত নহ’ল। সৌৰভে নিজেই নাগমাৰ সৈতে সম্পৰ্ক শেষ কৰিলে। কাৰণ তেওঁ ড’নাক এৰি যাব বিচৰা নাছিল।

ব্ৰেকআপৰ পিছত ২০০৯ চনত নাগমাই সৌৰভৰ সৈতে থকা ভগ্ন সম্পৰ্কৰ বিষয়ে সংবাদ মাধ্যমৰ আগত মুকলিকৈ কয়। অৱশ্যে তেওঁ সৌৰভৰ নাম পোনপটীয়াকৈ লোৱা নাছিল। তেওঁ কৈছিল, “হাজাৰজনৰ ভিতৰত এজন মানুহ হঠাতে অতি বিশেষ হৈ পৰে। যেতিয়া দুখন জগতৰ দুজন বিখ্যাত মানুহে ইজনে সিজনক ভালদৰে চিনি পায়, ইজনে সিজনক পচন্দ কৰে তেতিয়া বহুতে বহু কথা কয়।"

নাগমাই লগতে কয়, “দুজন বিখ্যাত ব্যক্তিৰ ঘনিষ্ঠতা পৃথিৱীয়ে ভাল নাপায়। ই ধ্বংস কঢ়িয়াই আনে। আৰু সেইবাবে, সকলো এৰি দিয়া হয়।” নাগমাৰ এই বক্তব্যৰ পিছত ক্ৰিকেট আৰু বলীউড দুয়োটা উদ্যোগতে আলোড়নৰ সৃষ্টি হয়। তেওঁ স্পষ্ট কৰি দিলে, “মই কেতিয়াও বাদ দিয়াৰ কথা কোৱা নাছিলো। যেতিয়া কোনোবাই আপোনাৰ জীৱনটোক অৰ্থপূৰ্ণ কৰি তোলে, তেতিয়া আপুনি তেওঁক এৰি দিব নোৱাৰে।"

“যদি আপুনি এজন ব্যক্তিৰ সৈতে একেলগে কিছুমান ভাল মুহূৰ্ত কটাব পাৰে, তেন্তে সেই সম্পৰ্ক, সেই ব্যক্তিজনক কেতিয়াও পাহৰিব নোৱাৰি। বন্ধু সদায় বন্ধুৱেই। যদি এটা সম্পৰ্ক সঁচা হয় তেন্তে ই কেতিয়াও গুচি নাযায়। মানুহে সম্পৰ্কৰ বাবে পৰিয়ালৰ সৈতে কাজিয়া কৰে। মোৰ ক্ষেত্ৰত অৱশ্যে কাজিয়াৰ থল নাছিল।” উল্লেখ্য যে সৌৰভে কেতিয়াও ৰাজহুৱাভাৱে নাগমাক লৈ কোনো ধৰণৰ মন্তব্য দিয়া নাই। 

বৰ্তমান নাগমাৰ বয়স ৪৬ বছৰ আৰু এতিয়ালৈকে তেওঁ বিবাহপাশত আৱদ্ধ হোৱা নাই। সৌৰভ গাংগুলীৰ বাহিৰেও নাগমাই দক্ষিণৰ অভিনেতা শৰত কুমাৰ, ভোজপুৰী অভিনেতা ৰবি কিশান আৰু মনোজ তিৱাৰীৰ সৈতে দুৰ্দান্ত প্ৰেম কৰিছিল। এওঁলোকো আছিল বিবাহিত পুৰুষ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ