--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত বিস্ফোৰণ! এই বিস্ফোৰণ পাছে আপুনি-ম‌ই ভবাৰ দৰে নহয়। ছবি কেন্দ্ৰিক বিস্ফোৰণে জোকাৰি গৈছে বলীউডক। ইখনৰ পাছত সিখন ছবিৰ অবাধ দৌৰাত্ম্যই দৃষ্টি কাঢ়িছে অগণিত অনুৰাগী তথা সাধাৰণ শ্ৰোতা-দৰ্শকৰ। ‘গংগুৱাঈ কাঠিয়াৱাড়ী' ছবিখনে মুক্তিৰ প্ৰথম দিনটোতে ১০ কোটি টকাৰ ব্যৱসায় কৰিছিল। এইবাৰ প্ৰভাস আৰু পূজা হেগড়েৰ প্ৰথম যুটিটোৱে মাত্ৰ ৩ দিনতে ১৫১ কোটি টকাৰ ব্যৱসায়েৰে দৃষ্টি কাঢ়িছে সকলোৰে। প্ৰশংসাৰ সমান্তৰালকৈ সমালোচনাৰ তীক্ষ্ণ বাক্যবাণো নিক্ষেপ কৰা হৈছে ছবিখনৰ প্ৰযোজক-পৰিচালকলৈ। পাছে সমালোচিত হোৱা স্বত্বেও, প্ৰযোজক-পৰিচালকৰ মুখত যুদ্ধত জয়ৰ বৰণীয়া হাঁহি আনি দিছে ‘ৰাধে শ্যাম' ছবিখনে । বলীউডৰ খবৰ অনুসৰি, মুক্তিৰ পূৰ্বেই এই ছবিখনে ছেটেলাইট আৰু ডিজিটেল মাধ্যমত ২০০ কোটিৰ উপাৰ্জন কৰিছে ‘ৰাধে শ্যাম’-এ। দৰ্শকৰ মণিকূটত ছবিখনৰ এনে সমাদৰ পোৱাত নথৈ আনন্দিত কলা-কুশলী। প্ৰভাসে হয়তো নিজেও অনুভৱ কৰা নাছিল যে, প্ৰথমখন ছবিতেই তেওঁৰ আৰু পূজাৰ যুটিটোক এনেদৰে আদৰি ল’ব দৰ্শকে। লক্ষণীয়ভাৱে 'বাহুবলী'ৰ পাছতে প্ৰভাস অভিনীত এই ছবিখনে পাইছে বিপুল জনপ্ৰিয়তা।   ইয়াৰোপৰি, ছবিখনত কিংবদন্তি অভিনেতা অমিতাভ বচ্চনৰ কণ্ঠস্বৰ শুনিবলৈ পোৱা গৈছে। ছবিখনৰ দৃশ্যগ্ৰহণ ইটালী, জৰ্জিয়া আৰু হায়দৰাবাদত কৰা হৈছিল। উল্লেখ্য যে, ১১ মাৰ্চত মুক্তি পাইছিল গুলছন কুমাৰ আৰু টি-ছিৰিজৰ 'ৰাধে শ্যাম'। ইউভি ক্ৰিয়েচনৰ দ্বাৰা প্ৰযোজিত, ৰাধা কৃষ্ণ কুমাৰৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ সম্পাদক কোটাগিৰি ভেঙ্কটেশ্বৰ ৰাও। প্ৰযোজক ভূষণ কুমাৰ। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু