--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত বিস্ফোৰণ! এই বিস্ফোৰণ পাছে আপুনি-ম‌ই ভবাৰ দৰে নহয়। ছবি কেন্দ্ৰিক বিস্ফোৰণে জোকাৰি গৈছে বলীউডক। ইখনৰ পাছত সিখন ছবিৰ অবাধ দৌৰাত্ম্যই দৃষ্টি কাঢ়িছে অগণিত অনুৰাগী তথা সাধাৰণ শ্ৰোতা-দৰ্শকৰ। ‘গংগুৱাঈ কাঠিয়াৱাড়ী' ছবিখনে মুক্তিৰ প্ৰথম দিনটোতে ১০ কোটি টকাৰ ব্যৱসায় কৰিছিল। এইবাৰ প্ৰভাস আৰু পূজা হেগড়েৰ প্ৰথম যুটিটোৱে মাত্ৰ ৩ দিনতে ১৫১ কোটি টকাৰ ব্যৱসায়েৰে দৃষ্টি কাঢ়িছে সকলোৰে। প্ৰশংসাৰ সমান্তৰালকৈ সমালোচনাৰ তীক্ষ্ণ বাক্যবাণো নিক্ষেপ কৰা হৈছে ছবিখনৰ প্ৰযোজক-পৰিচালকলৈ। পাছে সমালোচিত হোৱা স্বত্বেও, প্ৰযোজক-পৰিচালকৰ মুখত যুদ্ধত জয়ৰ বৰণীয়া হাঁহি আনি দিছে ‘ৰাধে শ্যাম' ছবিখনে । বলীউডৰ খবৰ অনুসৰি, মুক্তিৰ পূৰ্বেই এই ছবিখনে ছেটেলাইট আৰু ডিজিটেল মাধ্যমত ২০০ কোটিৰ উপাৰ্জন কৰিছে ‘ৰাধে শ্যাম’-এ। দৰ্শকৰ মণিকূটত ছবিখনৰ এনে সমাদৰ পোৱাত নথৈ আনন্দিত কলা-কুশলী। প্ৰভাসে হয়তো নিজেও অনুভৱ কৰা নাছিল যে, প্ৰথমখন ছবিতেই তেওঁৰ আৰু পূজাৰ যুটিটোক এনেদৰে আদৰি ল’ব দৰ্শকে। লক্ষণীয়ভাৱে 'বাহুবলী'ৰ পাছতে প্ৰভাস অভিনীত এই ছবিখনে পাইছে বিপুল জনপ্ৰিয়তা।   ইয়াৰোপৰি, ছবিখনত কিংবদন্তি অভিনেতা অমিতাভ বচ্চনৰ কণ্ঠস্বৰ শুনিবলৈ পোৱা গৈছে। ছবিখনৰ দৃশ্যগ্ৰহণ ইটালী, জৰ্জিয়া আৰু হায়দৰাবাদত কৰা হৈছিল। উল্লেখ্য যে, ১১ মাৰ্চত মুক্তি পাইছিল গুলছন কুমাৰ আৰু টি-ছিৰিজৰ 'ৰাধে শ্যাম'। ইউভি ক্ৰিয়েচনৰ দ্বাৰা প্ৰযোজিত, ৰাধা কৃষ্ণ কুমাৰৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ সম্পাদক কোটাগিৰি ভেঙ্কটেশ্বৰ ৰাও। প্ৰযোজক ভূষণ কুমাৰ। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু