--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি আলোড়ন তুলিবলৈ সক্ষম হৈছে বিবেক অগ্নিহোত্রীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’-এ। মুক্তিৰ প্রথম দিনতেই বক্স অফিচ কঁপোৱা ব্যৱসায় কৰিছে অনুপম খেৰ, মিঠুন চক্রৱর্তী, দর্শন কুমাৰ আৰু পল্লৱী যোশী অভিনীত এই ছবিয়ে । ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিৰ প্রশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়েও। এই ছবিখন মূলতঃ ১৯৯০ত কাশ্মীৰি পণ্ডিতসকলৰ গণহত্যাৰ ওপৰত নিৰ্মাণ কৰা হৈছে। সীমিত প্ৰচাৰ, সীমিত পৰ্দা আৰু 'ৰাধে শ্যাম'ৰ দৰে এখন চলচ্চিত্ৰৰ প্ৰতিযোগিতাকে ধৰি বহুতো বাধাৰ স্বত্বেও 'দ্য কাশ্মীৰ ফাইলছ' বক্স অফিচত বিজয়ী হিচাপে উদীয়মান হৈছে। ছবিখনে মাত্ৰ চাৰি দিনৰ ভিতৰত শ্বাহিদ কাপুৰৰ ব্লকবাষ্টাৰ ছবি 'কবীৰ সিং', অক্ষয় কুমাৰৰ 'ৰুস্তম', অজয় দেৱগানৰ 'শিৱায়' আৰু শ্বাহৰুখ খানৰ 'ৰা ৱান'ৰ সংগ্ৰহক অতিক্ৰম কৰিছে। অভিনেত্ৰী য়ামী গৌতম আৰু তেওঁৰ স্বামী-চলচ্চিত্ৰ নিৰ্মাতা আদিত্য ধৰে বিবেক অগ্নিহোত্ৰীৰ 'দ্য কাশ্মীৰ ফাইলছ'লৈ তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে। টুইটাৰযোগে য়ামী আৰু আদিত্যই সকলো দৰ্শকক এই চিনেমাখন চাবলৈ আহ্বান জনায়। আদিত্যই লিখিছে, "আপুনি নিশ্চয় 'দ্য কাশ্মীৰ ফাইল' চোৱাৰ পিছত ছবিগৃহত দৰ্শকে কান্দি থকা বহুতো ভিডিঅ' দেখিছে। এই অনুভৱটো বাস্তৱিক। এইটোৱে বুজায় যে আমি কিমান দিন ধৰি এটা সম্প্ৰদায় হিচাপে আমাৰ বেদনা আৰু ট্ৰেজেডী দমন কৰিছিলো। কান্দি দুখ পাতলাবলৈ আমি কাৰো কান্ধ পোৱা নাছিলো আৰু আমাৰ অনুৰোধ শুনিবলৈ কোনো কাণ নাছিল।" স্বামী আদিত্য ধৰৰ টুইটটো শ্বেয়াৰ কৰি য়ামীয়ে কয় যে "এজন কাশ্মীৰী পণ্ডিতক (আদিত্য) বিয়া কৰাই মই কাশ্মীৰী পণ্ডিতসকলৰ বেদনাৰ বিষয়ে বেছিকৈ বুজিছো। এজন কাশ্মীৰী পণ্ডিতৰ পত্নী হোৱাৰ বাবে মই এই শান্তিপ্ৰেমী সম্প্ৰদায়ৰ অত্যাচাৰক নিবিড়ভাৱে জানো আৰু বুজি পাওঁ। কিন্তু এই বিষয়ে দেশৰ বেছিভাগ অংশ এতিয়াও অজ্ঞাত। সত্যটো জানিবলৈ অনুগ্ৰহ কৰি 'কাশ্মীৰ ফাইল' চাওক আৰু তেওঁলোকক সমৰ্থন কৰক।" আৰু পঢ়কঃ স্কুল-কলেজত পিন্ধিব নোৱাৰিব হিজাব! কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু