--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি আলোড়ন তুলিবলৈ সক্ষম হৈছে বিবেক অগ্নিহোত্রীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’-এ। মুক্তিৰ প্রথম দিনতেই বক্স অফিচ কঁপোৱা ব্যৱসায় কৰিছে অনুপম খেৰ, মিঠুন চক্রৱর্তী, দর্শন কুমাৰ আৰু পল্লৱী যোশী অভিনীত এই ছবিয়ে । ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিৰ প্রশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়েও। এই ছবিখন মূলতঃ ১৯৯০ত কাশ্মীৰি পণ্ডিতসকলৰ গণহত্যাৰ ওপৰত নিৰ্মাণ কৰা হৈছে। সীমিত প্ৰচাৰ, সীমিত পৰ্দা আৰু 'ৰাধে শ্যাম'ৰ দৰে এখন চলচ্চিত্ৰৰ প্ৰতিযোগিতাকে ধৰি বহুতো বাধাৰ স্বত্বেও 'দ্য কাশ্মীৰ ফাইলছ' বক্স অফিচত বিজয়ী হিচাপে উদীয়মান হৈছে। ছবিখনে মাত্ৰ চাৰি দিনৰ ভিতৰত শ্বাহিদ কাপুৰৰ ব্লকবাষ্টাৰ ছবি 'কবীৰ সিং', অক্ষয় কুমাৰৰ 'ৰুস্তম', অজয় দেৱগানৰ 'শিৱায়' আৰু শ্বাহৰুখ খানৰ 'ৰা ৱান'ৰ সংগ্ৰহক অতিক্ৰম কৰিছে। অভিনেত্ৰী য়ামী গৌতম আৰু তেওঁৰ স্বামী-চলচ্চিত্ৰ নিৰ্মাতা আদিত্য ধৰে বিবেক অগ্নিহোত্ৰীৰ 'দ্য কাশ্মীৰ ফাইলছ'লৈ তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে। টুইটাৰযোগে য়ামী আৰু আদিত্যই সকলো দৰ্শকক এই চিনেমাখন চাবলৈ আহ্বান জনায়। আদিত্যই লিখিছে, "আপুনি নিশ্চয় 'দ্য কাশ্মীৰ ফাইল' চোৱাৰ পিছত ছবিগৃহত দৰ্শকে কান্দি থকা বহুতো ভিডিঅ' দেখিছে। এই অনুভৱটো বাস্তৱিক। এইটোৱে বুজায় যে আমি কিমান দিন ধৰি এটা সম্প্ৰদায় হিচাপে আমাৰ বেদনা আৰু ট্ৰেজেডী দমন কৰিছিলো। কান্দি দুখ পাতলাবলৈ আমি কাৰো কান্ধ পোৱা নাছিলো আৰু আমাৰ অনুৰোধ শুনিবলৈ কোনো কাণ নাছিল।" স্বামী আদিত্য ধৰৰ টুইটটো শ্বেয়াৰ কৰি য়ামীয়ে কয় যে "এজন কাশ্মীৰী পণ্ডিতক (আদিত্য) বিয়া কৰাই মই কাশ্মীৰী পণ্ডিতসকলৰ বেদনাৰ বিষয়ে বেছিকৈ বুজিছো। এজন কাশ্মীৰী পণ্ডিতৰ পত্নী হোৱাৰ বাবে মই এই শান্তিপ্ৰেমী সম্প্ৰদায়ৰ অত্যাচাৰক নিবিড়ভাৱে জানো আৰু বুজি পাওঁ। কিন্তু এই বিষয়ে দেশৰ বেছিভাগ অংশ এতিয়াও অজ্ঞাত। সত্যটো জানিবলৈ অনুগ্ৰহ কৰি 'কাশ্মীৰ ফাইল' চাওক আৰু তেওঁলোকক সমৰ্থন কৰক।" আৰু পঢ়কঃ স্কুল-কলেজত পিন্ধিব নোৱাৰিব হিজাব! কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু