--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ শ্ৰেষ্ঠ অভিনেতা বিজয় বাৰ্মা আৰু অভিনেত্ৰী তমন্না ভাটিয়াৰ প্ৰেমৰ সম্পৰ্কই এইকেইদিন শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ দুয়োকে মুম্বাইত হাতত হাত ধৰি থকা দেখা গৈছে। যাৰ বহুতৰে ছবি এতিয়া ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছবিবোৰত তমন্নাই লাজতে ৰঙা পৰা দেখা গৈছে।

তমন্না ভাটিয়া আৰু বিজয় বাৰ্মা ৰেষ্টুৰেণ্ট এখনত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ মুম্বাইত উপস্থিত হয়। এই সময়ত দুয়োকে পাপাৰাজীয়ে তেওঁলোকৰ কেমেৰাত বন্দী কৰিছিল। এই ছবিসমূহ এতিয়া যোগেন শ্বাহে নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিছে। য’ত দুয়োকে অতি ৰোমান্টিক শৈলীত দেখা গৈছিল। ছবিবোৰত দুয়োকে কেজুৱেল আউটফিটত দেখা গৈছে। বগা টি-চাৰ্টৰ সৈতে ক’লা পেণ্ট পিন্ধিছে তমন্নাই। আনহাতে, প্ৰিণ্টেড টি-চাৰ্টৰ সৈতে নীলা জিন্স পিন্ধি বিজয়ক অতি ধুনীয়া দেখা গৈছে। দুয়োৰে এই ছবিয়ে এতিয়া তেওঁলোকৰ প্ৰেমৰ সাক্ষ্য দিছে।

উল্লেখ্য যে কৰ্মক্ষেত্ৰত বিজয় আৰু তমন্নাক দেখা গৈছিল শেহতীয়াকৈ মুক্তি পোৱা ৱেব ছিৰিজ ‘লাষ্ট ষ্ট’ৰী’ৰ দ্বিতীয় খণ্ডত। য’ত তেওঁলোকৰ কেমিষ্ট্ৰীয়ে অনুৰাগীসকলক উন্মাদ কৰি তুলিছিল।শেহতীয়াকৈ বিজয়ক দেখা গৈছে ৱেব চিৰিজ ‘কলকুট’ত। আনহাতে তমন্নাক অতি সোনকালে আহিবলগীয়া ‘জেলাৰ’ আৰু ‘ভোলা শংকৰ’ ছবিৰ লগতে ‘বেদা’ ছবিতো দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?