--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ শ্ৰেষ্ঠ অভিনেতা বিজয় বাৰ্মা আৰু অভিনেত্ৰী তমন্না ভাটিয়াৰ প্ৰেমৰ সম্পৰ্কই এইকেইদিন শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ দুয়োকে মুম্বাইত হাতত হাত ধৰি থকা দেখা গৈছে। যাৰ বহুতৰে ছবি এতিয়া ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছবিবোৰত তমন্নাই লাজতে ৰঙা পৰা দেখা গৈছে।

তমন্না ভাটিয়া আৰু বিজয় বাৰ্মা ৰেষ্টুৰেণ্ট এখনত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ মুম্বাইত উপস্থিত হয়। এই সময়ত দুয়োকে পাপাৰাজীয়ে তেওঁলোকৰ কেমেৰাত বন্দী কৰিছিল। এই ছবিসমূহ এতিয়া যোগেন শ্বাহে নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিছে। য’ত দুয়োকে অতি ৰোমান্টিক শৈলীত দেখা গৈছিল। ছবিবোৰত দুয়োকে কেজুৱেল আউটফিটত দেখা গৈছে। বগা টি-চাৰ্টৰ সৈতে ক’লা পেণ্ট পিন্ধিছে তমন্নাই। আনহাতে, প্ৰিণ্টেড টি-চাৰ্টৰ সৈতে নীলা জিন্স পিন্ধি বিজয়ক অতি ধুনীয়া দেখা গৈছে। দুয়োৰে এই ছবিয়ে এতিয়া তেওঁলোকৰ প্ৰেমৰ সাক্ষ্য দিছে।

উল্লেখ্য যে কৰ্মক্ষেত্ৰত বিজয় আৰু তমন্নাক দেখা গৈছিল শেহতীয়াকৈ মুক্তি পোৱা ৱেব ছিৰিজ ‘লাষ্ট ষ্ট’ৰী’ৰ দ্বিতীয় খণ্ডত। য’ত তেওঁলোকৰ কেমিষ্ট্ৰীয়ে অনুৰাগীসকলক উন্মাদ কৰি তুলিছিল।শেহতীয়াকৈ বিজয়ক দেখা গৈছে ৱেব চিৰিজ ‘কলকুট’ত। আনহাতে তমন্নাক অতি সোনকালে আহিবলগীয়া ‘জেলাৰ’ আৰু ‘ভোলা শংকৰ’ ছবিৰ লগতে ‘বেদা’ ছবিতো দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ