--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ চলচ্চিত্ৰ জগতৰ কিংম্বদন্তি তাৰকা ৰজনীকান্ত। তেওঁৰ জীৱনটোও চিনেমাৰ দৰে। বাছ কণ্ডাক্টৰৰ পৰা ৰূপালী পৰ্দাৰ এক নম্বৰ নায়ক। সমগ্ৰ দেশতে তেওঁক ‘থালাইভা’ নামেৰে চিনাকি দিয়া হয়। তেওঁৰ কেৰিয়াৰ পাঁচ দশকৰো অধিক সময় ধৰি চলি আহিছে।

কিন্তু ৰজনীকান্তৰো কিছুমান বেয়া অভ্যাস আছে। ইয়াৰে এটা হ’ল মদৰ প্ৰতি আসক্তি। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে নিজৰ জীৱনৰ এই বেয়া অভ্যাসৰ বিষয়ে মুকলিকৈ আলোচনা কৰিছিল।

এটা সময় আছিল যেতিয়া তেওঁ প্ৰতিদিনে মদ খাইছিল বুলি অভিনেতাজনে নিজেই স্বীকাৰ কৰিছে। ইয়াৰ লগত আমিষ খাদ্যও আছিল। ইয়াৰ বাহিৰেও ধূমপানৰো আসক্তি আছিল।

ৰজনীকান্তে এক সাক্ষাৎকাৰত কয়, "যেতিয়া মই কণ্ডাক্টৰ আছিলো তেতিয়া মই প্ৰতিদিনে মদ খাইছিলো। ইয়াৰ বাহিৰেও তীব্ৰ ধূমপান। মোৰ দিনটো আৰম্ভ হৈছিল আমিষ খাদ্যৰে। দিনটোত কমেও দুবাৰকৈ আমিষ খাদ্য খাইছিলোঁ। স্বাস্থ্যৰ বাবে ভয়ংকৰ তিনিওটা কামেই কৰিছিলোঁ।''

অৱশ্যে মদ্যপানৰ আসক্তি তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল বুলিও স্বীকাৰ কৰে অভিনেতাগৰাকীয়ে। তেওঁৰ ভাষাত "মোৰ জীৱনত মদ নাথাকিলে সমাজৰ বাবে আৰু বহুত বেছি কৰিব পাৰিলোহেঁতেন। মদ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। মই কোৱা নাই যে মদ একেবাৰে নাখাব। যেতিয়ালৈকে ই আনন্দ দিয়ে, ঠিকেই আছে। কিন্তু প্ৰতিদিনে খোৱাটো একেবাৰেই ভাল কাম নহয়। ই শৰীৰৰ লগতে মনৰো ক্ষতি কৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু