--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ চলচ্চিত্ৰ জগতৰ কিংম্বদন্তি তাৰকা ৰজনীকান্ত। তেওঁৰ জীৱনটোও চিনেমাৰ দৰে। বাছ কণ্ডাক্টৰৰ পৰা ৰূপালী পৰ্দাৰ এক নম্বৰ নায়ক। সমগ্ৰ দেশতে তেওঁক ‘থালাইভা’ নামেৰে চিনাকি দিয়া হয়। তেওঁৰ কেৰিয়াৰ পাঁচ দশকৰো অধিক সময় ধৰি চলি আহিছে।

কিন্তু ৰজনীকান্তৰো কিছুমান বেয়া অভ্যাস আছে। ইয়াৰে এটা হ’ল মদৰ প্ৰতি আসক্তি। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে নিজৰ জীৱনৰ এই বেয়া অভ্যাসৰ বিষয়ে মুকলিকৈ আলোচনা কৰিছিল।

এটা সময় আছিল যেতিয়া তেওঁ প্ৰতিদিনে মদ খাইছিল বুলি অভিনেতাজনে নিজেই স্বীকাৰ কৰিছে। ইয়াৰ লগত আমিষ খাদ্যও আছিল। ইয়াৰ বাহিৰেও ধূমপানৰো আসক্তি আছিল।

ৰজনীকান্তে এক সাক্ষাৎকাৰত কয়, "যেতিয়া মই কণ্ডাক্টৰ আছিলো তেতিয়া মই প্ৰতিদিনে মদ খাইছিলো। ইয়াৰ বাহিৰেও তীব্ৰ ধূমপান। মোৰ দিনটো আৰম্ভ হৈছিল আমিষ খাদ্যৰে। দিনটোত কমেও দুবাৰকৈ আমিষ খাদ্য খাইছিলোঁ। স্বাস্থ্যৰ বাবে ভয়ংকৰ তিনিওটা কামেই কৰিছিলোঁ।''

অৱশ্যে মদ্যপানৰ আসক্তি তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল বুলিও স্বীকাৰ কৰে অভিনেতাগৰাকীয়ে। তেওঁৰ ভাষাত "মোৰ জীৱনত মদ নাথাকিলে সমাজৰ বাবে আৰু বহুত বেছি কৰিব পাৰিলোহেঁতেন। মদ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। মই কোৱা নাই যে মদ একেবাৰে নাখাব। যেতিয়ালৈকে ই আনন্দ দিয়ে, ঠিকেই আছে। কিন্তু প্ৰতিদিনে খোৱাটো একেবাৰেই ভাল কাম নহয়। ই শৰীৰৰ লগতে মনৰো ক্ষতি কৰে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ