--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰে বলীউড আৰু দক্ষিণ ভাৰতীয় চিনেমাৰ ওপৰত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অনুপম খেৰে শেহতীয়াকৈ এক সাক্ষাৎকাৰত কয়, ''বলীউডে সদায় ষ্টাৰ বনোৱাৰ পিছত দৌৰি থাকে, সেয়া এতিয়াও চলি আছে। আনহাতে দক্ষিণ ভাৰতীয় চিনেমাই নতুন নতুন কাহিনী সৃষ্টি কৰি আছে, তেওঁলোকৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ কাহিনী সমগ্ৰ বিশ্বতে জনাজাত হৈছে। প্ৰকৃত চিনেমাবোৰ দক্ষিণ ভাৰতত নিৰ্মাণ কৰা হয়।''

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অনপুম খেৰে বলীউডৰ ফ্লপ অৱস্থাৰ বিষয়ে কওঁতে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

অনুপম খেৰে কয়, ''মূল সমস্যাটো হ’ল বলীউডে ইতিমধ্যে ধৰি লৈছে যে ইয়াত ভাল চিনেমা নিৰ্মাণ কৰা হয়। যদি দৰ্শকে ভাল নাপায় তেন্তে সকলো দৰ্শকৰ দোষ। কিন্তু দক্ষিণৰ চিমেনাত এনে নহয়। দক্ষিণৰ উদ্যোগে সকলোকে লগত লৈ যায়। তাত চিনেমা নিৰ্মাণ কৰাৰ আগতে সঠিক গৱেষণা কৰা হয়, যিটো বলীউডত নহয়।''

বক্স অফিচৰ হিচাপ অনুসৰি চলিত বৰ্ষৰ আটাইতকৈ সফল ছবিখন হৈছে অনুপম খেৰ অভিনীত ‘দ্য কাশ্মীৰ ফাইলছ’। ইয়াৰ লগে লগে যেতিয়া ইখনৰ পিছত সিখন বলীউডৰ চিনেমা ফ্লপ হৈ আছে, তেতিয়া অনুপম খেৰে বলীউডৰ বৰ্তমানৰ ট্ৰেণ্ডক লৈ এনে এক বিস্ফোৰক মন্তব্য কৰে। প্ৰবীণ অভিনেতাগৰাকীৰ এই মন্তব্য এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?