--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰে বলীউড আৰু দক্ষিণ ভাৰতীয় চিনেমাৰ ওপৰত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অনুপম খেৰে শেহতীয়াকৈ এক সাক্ষাৎকাৰত কয়, ''বলীউডে সদায় ষ্টাৰ বনোৱাৰ পিছত দৌৰি থাকে, সেয়া এতিয়াও চলি আছে। আনহাতে দক্ষিণ ভাৰতীয় চিনেমাই নতুন নতুন কাহিনী সৃষ্টি কৰি আছে, তেওঁলোকৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ কাহিনী সমগ্ৰ বিশ্বতে জনাজাত হৈছে। প্ৰকৃত চিনেমাবোৰ দক্ষিণ ভাৰতত নিৰ্মাণ কৰা হয়।''

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অনপুম খেৰে বলীউডৰ ফ্লপ অৱস্থাৰ বিষয়ে কওঁতে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

অনুপম খেৰে কয়, ''মূল সমস্যাটো হ’ল বলীউডে ইতিমধ্যে ধৰি লৈছে যে ইয়াত ভাল চিনেমা নিৰ্মাণ কৰা হয়। যদি দৰ্শকে ভাল নাপায় তেন্তে সকলো দৰ্শকৰ দোষ। কিন্তু দক্ষিণৰ চিমেনাত এনে নহয়। দক্ষিণৰ উদ্যোগে সকলোকে লগত লৈ যায়। তাত চিনেমা নিৰ্মাণ কৰাৰ আগতে সঠিক গৱেষণা কৰা হয়, যিটো বলীউডত নহয়।''

বক্স অফিচৰ হিচাপ অনুসৰি চলিত বৰ্ষৰ আটাইতকৈ সফল ছবিখন হৈছে অনুপম খেৰ অভিনীত ‘দ্য কাশ্মীৰ ফাইলছ’। ইয়াৰ লগে লগে যেতিয়া ইখনৰ পিছত সিখন বলীউডৰ চিনেমা ফ্লপ হৈ আছে, তেতিয়া অনুপম খেৰে বলীউডৰ বৰ্তমানৰ ট্ৰেণ্ডক লৈ এনে এক বিস্ফোৰক মন্তব্য কৰে। প্ৰবীণ অভিনেতাগৰাকীৰ এই মন্তব্য এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি