--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক  
বিজয় দেৱৰাকোণ্ডা আৰু অনন্যা পাণ্ডেৰ ছবি  লিগাৰে অৱশেষত ২৫ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিেল।  পুৰী জগন্নাথৰ পৰিচালনা কৰা এই ছবিখনৰ জৰিয়তে বিজয় দেৱৰাকোণ্ডাই বলীউডত আত্মপ্ৰকাশৰ চেষ্টা কৰিছে। তদুপৰি, বক্সিং কিংবদন্তী মাইক টাইছনো চিনেমাখনৰ সৈতে জড়িত৷ তেওঁৰ উপস্থিতয়ে  চিনেমাখনক  এক বিশেষ মাত্ৰা প্ৰদান  কৰিছে৷ চলচ্চিত্ৰখনত ৰম্য কৃষ্ণন আৰু ৰনিত ৰয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

 ছবিখনৰ  প্ৰচাৰৰ সময়তেই  বিজয় দেৱৰাকোণ্ডাই লিগাৰৰ চেটত সৰ্বকালৰ এজন শ্ৰেষ্ঠ  বক্সাৰৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে মুকলি কৈছিল। 

 এক সাক্ষাৎকাৰত বিজয় দেৱৰাকোণ্ডাই প্ৰকাশ কৰিছিল যে, চেটত টাইছনে তেওঁক দুৰ্ব্যৱহাৰ কৰিছিল।

অভিনেতাজনে কয় যে "তেওঁ মোক মৰমেৰেই বহুত গালি-গালাজ কৰিছিল ৷  তেওঁ মোক কোৱা কথাবোৰ মই পুনৰাবৃত্তি কৰিব নোৱাৰো। কিন্তু  মই তেওঁৰ সৈতে যথেষ্ট  ভাল সময় অতিবাহিত কৰিছিলো৷" 


মাইক টাইছনৰ ভাৰতীয় খাদ্য আৰু  ইয়াৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ প্ৰতি থকা আকৰ্ষণক লৈ , বিজয় দেৱৰাকোণ্ডাই সকলোকে জনাইছিল যে  মাইকে ভাৰতক ইয়াৰ খাদ্য, সংগীত আৰু মানুহৰ বাবে যথেষ্ট ভাল পায়।"
 অভিনেতাজনে লগতে প্ৰকাশ কৰিছিল যে "আইৰণ মাইক"-এ চেটত থকা লোকসকলক তেওঁৰ বাবে ভাৰতীয় খাদ্য আনিবলৈ কৈছিল যিটো তেওঁ যথেষ্ট উপভোগ কৰিছিল। 

আনহাতে বিজয়ৰ সহ অভিনেত্ৰী অনন্যা পাণ্ডেক   ছেটত মাইক টাইছনৰ হোৱা অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ কোৱাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে মাইকৰ পৰা জীৱনত কেতিয়াও একো নক'বলৈ শিকিছোঁ বুলি মন্তব্য দিয়ে৷ 

সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰখনত ৰম্য কৃষ্ণন আৰু ৰনিত ৰয়ও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?