--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক  
বিজয় দেৱৰাকোণ্ডা আৰু অনন্যা পাণ্ডেৰ ছবি  লিগাৰে অৱশেষত ২৫ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিেল।  পুৰী জগন্নাথৰ পৰিচালনা কৰা এই ছবিখনৰ জৰিয়তে বিজয় দেৱৰাকোণ্ডাই বলীউডত আত্মপ্ৰকাশৰ চেষ্টা কৰিছে। তদুপৰি, বক্সিং কিংবদন্তী মাইক টাইছনো চিনেমাখনৰ সৈতে জড়িত৷ তেওঁৰ উপস্থিতয়ে  চিনেমাখনক  এক বিশেষ মাত্ৰা প্ৰদান  কৰিছে৷ চলচ্চিত্ৰখনত ৰম্য কৃষ্ণন আৰু ৰনিত ৰয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

 ছবিখনৰ  প্ৰচাৰৰ সময়তেই  বিজয় দেৱৰাকোণ্ডাই লিগাৰৰ চেটত সৰ্বকালৰ এজন শ্ৰেষ্ঠ  বক্সাৰৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে মুকলি কৈছিল। 

 এক সাক্ষাৎকাৰত বিজয় দেৱৰাকোণ্ডাই প্ৰকাশ কৰিছিল যে, চেটত টাইছনে তেওঁক দুৰ্ব্যৱহাৰ কৰিছিল।

অভিনেতাজনে কয় যে "তেওঁ মোক মৰমেৰেই বহুত গালি-গালাজ কৰিছিল ৷  তেওঁ মোক কোৱা কথাবোৰ মই পুনৰাবৃত্তি কৰিব নোৱাৰো। কিন্তু  মই তেওঁৰ সৈতে যথেষ্ট  ভাল সময় অতিবাহিত কৰিছিলো৷" 


মাইক টাইছনৰ ভাৰতীয় খাদ্য আৰু  ইয়াৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ প্ৰতি থকা আকৰ্ষণক লৈ , বিজয় দেৱৰাকোণ্ডাই সকলোকে জনাইছিল যে  মাইকে ভাৰতক ইয়াৰ খাদ্য, সংগীত আৰু মানুহৰ বাবে যথেষ্ট ভাল পায়।"
 অভিনেতাজনে লগতে প্ৰকাশ কৰিছিল যে "আইৰণ মাইক"-এ চেটত থকা লোকসকলক তেওঁৰ বাবে ভাৰতীয় খাদ্য আনিবলৈ কৈছিল যিটো তেওঁ যথেষ্ট উপভোগ কৰিছিল। 

আনহাতে বিজয়ৰ সহ অভিনেত্ৰী অনন্যা পাণ্ডেক   ছেটত মাইক টাইছনৰ হোৱা অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ কোৱাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে মাইকৰ পৰা জীৱনত কেতিয়াও একো নক'বলৈ শিকিছোঁ বুলি মন্তব্য দিয়ে৷ 

সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰখনত ৰম্য কৃষ্ণন আৰু ৰনিত ৰয়ও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’