--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতৰ ছবিৰ অভিনেতা আল্লু অৰ্জুনৰ জনপ্ৰিয়তা কিমান, সেয়া নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই। দিনক দিনে বৃদ্ধি পাইছে আল্লু অৰ্জুনৰ জনপ্ৰিয়তা। ধুমুহাৰ দৰে বক্স অফিচ দখল কৰে আল্লু অৰ্জুনৰ ছবিয়ে। দেশে-বিদেশে ব্যাপি আছে তেওঁৰ জনপ্ৰিয়তা। বহু চৰ্চিত ছবি ‘পুষ্পা’ৰ সফলতাৰ পাছৰে পৰা তেওঁ বেছিকৈ লাইমলাইটত আহি পৰিছে।কেৱল সেয়াই নহয়, তেওঁৰ অনুৰাগীৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈ আছে। গোটেই বিশ্বতে আল্লুৰ অসংখ্য অনুৰাগী আছে

অভিনেতাগৰাকীৰ ঘনিষ্ঠ সূত্ৰই সংবাদ মাধ্যমক জনাইছে যে ‘আল্লু অৰ্জুনে হলিউডৰ এখন চিনেমাত অভিনয় কৰাৰ প্ৰস্তাৱ পাইছে। এই প্ৰস্তাৱ দিছে হলিউডৰ এজন ডাঙৰ পৰিচালকে। জনা যায় যে অভিনেতাজনে নিউয়ৰ্কত থকাৰ সময়ত এই অফাৰ পাইছিল। দুয়োৰে মাজত গোপন বৈঠক হৈছিল। তেওঁক এটা ছুপাৰহিৰো ফ্ৰেঞ্চাইজিৰ বাবে এই প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু আল্লুৱে এই বিষয়ে এতিয়াও মুখ খুলা নাই। এই খবৰ ওলোৱাৰ পিছৰে পৰা অভিনেতাগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে অনুৰাগীসকল।

ইফালে আৰম্ভ হ’বলৈ গৈ আছে তেওঁৰ বহু প্ৰতীক্ষিত চিনেমা ‘পুষ্পা: দ্য ৰুল’। অতি শীঘ্ৰেই আৰম্ভ হ’ব এই চিনেমাখনৰ শ্বুটিং। পূজা-অৰ্চনা কৰি পুষ্পাৰ ছিকুৱেলৰ কাম আৰম্ভ কৰা হয়। ছবিখনৰ পৰিচালনা কৰিছে সুকুমাৰে। প্ৰডাকচন হাউচ 'মিথ্ৰি মুভি মেকাৰছ'ৰ দ্বাৰা প্ৰযোজিত। ইয়াৰ উপৰিও অভিনয় কৰিছে ৰশ্মিকা মন্দনা, মালয়ালমৰ তাৰকা ফহাধ ফাঁচিলে। তদুপৰি চিনেমাখনত আৰু কোন থাকিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। সকলো ঠিকে থাকিলে ২০২৩ চনত মুক্তি পাব ছবিখনে। এতিয়া এই ছবিখনলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে আল্লু অৰ্জুনৰ অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি