--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতৰ ছবিৰ অভিনেতা আল্লু অৰ্জুনৰ জনপ্ৰিয়তা কিমান, সেয়া নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই। দিনক দিনে বৃদ্ধি পাইছে আল্লু অৰ্জুনৰ জনপ্ৰিয়তা। ধুমুহাৰ দৰে বক্স অফিচ দখল কৰে আল্লু অৰ্জুনৰ ছবিয়ে। দেশে-বিদেশে ব্যাপি আছে তেওঁৰ জনপ্ৰিয়তা। বহু চৰ্চিত ছবি ‘পুষ্পা’ৰ সফলতাৰ পাছৰে পৰা তেওঁ বেছিকৈ লাইমলাইটত আহি পৰিছে।কেৱল সেয়াই নহয়, তেওঁৰ অনুৰাগীৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈ আছে। গোটেই বিশ্বতে আল্লুৰ অসংখ্য অনুৰাগী আছে

অভিনেতাগৰাকীৰ ঘনিষ্ঠ সূত্ৰই সংবাদ মাধ্যমক জনাইছে যে ‘আল্লু অৰ্জুনে হলিউডৰ এখন চিনেমাত অভিনয় কৰাৰ প্ৰস্তাৱ পাইছে। এই প্ৰস্তাৱ দিছে হলিউডৰ এজন ডাঙৰ পৰিচালকে। জনা যায় যে অভিনেতাজনে নিউয়ৰ্কত থকাৰ সময়ত এই অফাৰ পাইছিল। দুয়োৰে মাজত গোপন বৈঠক হৈছিল। তেওঁক এটা ছুপাৰহিৰো ফ্ৰেঞ্চাইজিৰ বাবে এই প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু আল্লুৱে এই বিষয়ে এতিয়াও মুখ খুলা নাই। এই খবৰ ওলোৱাৰ পিছৰে পৰা অভিনেতাগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে অনুৰাগীসকল।

ইফালে আৰম্ভ হ’বলৈ গৈ আছে তেওঁৰ বহু প্ৰতীক্ষিত চিনেমা ‘পুষ্পা: দ্য ৰুল’। অতি শীঘ্ৰেই আৰম্ভ হ’ব এই চিনেমাখনৰ শ্বুটিং। পূজা-অৰ্চনা কৰি পুষ্পাৰ ছিকুৱেলৰ কাম আৰম্ভ কৰা হয়। ছবিখনৰ পৰিচালনা কৰিছে সুকুমাৰে। প্ৰডাকচন হাউচ 'মিথ্ৰি মুভি মেকাৰছ'ৰ দ্বাৰা প্ৰযোজিত। ইয়াৰ উপৰিও অভিনয় কৰিছে ৰশ্মিকা মন্দনা, মালয়ালমৰ তাৰকা ফহাধ ফাঁচিলে। তদুপৰি চিনেমাখনত আৰু কোন থাকিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। সকলো ঠিকে থাকিলে ২০২৩ চনত মুক্তি পাব ছবিখনে। এতিয়া এই ছবিখনলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে আল্লু অৰ্জুনৰ অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?