--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসমবাসীৰ বাবে এটা গৌৰৱৰ খৱৰ। বলীউডত অসম সন্তানৰ জয়যাত্ৰা। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হোৱা ৬৮ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত দুটাকৈ বঁটা অৰ্জন কৰি উজলিল বৰপেটাৰ সুমন অধিকাৰী।

‘বধাই দো’ ছবিৰ বাবে সুমন অধিকাৰীয়ে অক্ষত ঘিলদিয়ালৰ সৈতে যুটীয়াভাৱে শ্ৰেষ্ঠ কাহিনী বঁটা আৰু অক্ষত ঘিলদিয়াল, হৰ্ষবৰ্ধন কুলকাৰ্ণীৰ সৈতে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে।

সুমন অধিকাৰীয়ে নিজৰ প্ৰতিভাৰ স্বীকৃতি পোৱাটো এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁৰ চিত্ৰনাট্যৰ পৰিচালনাৰ চুটি ছবি ‘ছ’ৰী ভাইছাব’ৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ ‘বধাই দো’ৰ বাবে আইফা এৱাৰ্ডৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে মনোনয়ন লাভ কৰিছে।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৃষ্টিশীল আৰু কাৰিকৰী কৃতিত্বক স্বীকৃতি দিবলৈ টাইমছ গ্ৰুপে প্ৰতি বছৰে ফিল্মফেয়াৰ বঁটা প্ৰদান কৰে।

দশক দশক ধৰি এই বঁটাসমূহে ভাৰতীয় চলচ্চিত্ৰ জগতত সন্মান আৰু সাফল্যৰ চিন হিচাপে পৰিলক্ষিত হৈ আহিছে। এইবাৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ মনোনয়নত এনে ছবি অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে দৰ্শকৰ মনৰ কল্পনাতীত প্ৰতিটো অনুভূতি উলিয়াই আনিছিল।

প্ৰথমবাৰৰ বাবে বলীউডৰ ভাইজান ছলমান খানে আয়ুষ্মান খুৰানা আৰু মনীশ পলৰ সৈতে এই অনুষ্ঠানৰ হোষ্টিং কৰে। বিকি কৌশল, গোবিন্দ, টাইগাৰ শ্ৰফ, জাহ্নৱী কাপুৰ, জেকলিন ফাৰ্নাণ্ডেজকে ধৰি কেইবাগৰাকীও কলা-কুশলীয়ে মঞ্চ পোহৰাই তুলিছিল।

ভাৰতীয় চলচ্চিত্ৰৰ জগতৰ এই সাফল্যৰ বাবে সুমন অধিকাৰী নিশ্চয়কৈ অভিনন্দনৰ যোগ্য। অনাগত দিনত তেওঁ এনেদৰেই আগুৱাই যাওক আৰু অসমক জিলিকাই ৰাখক। অলেখ শুভকামনা। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে