--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসমবাসীৰ বাবে এটা গৌৰৱৰ খৱৰ। বলীউডত অসম সন্তানৰ জয়যাত্ৰা। মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হোৱা ৬৮ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডত দুটাকৈ বঁটা অৰ্জন কৰি উজলিল বৰপেটাৰ সুমন অধিকাৰী।

‘বধাই দো’ ছবিৰ বাবে সুমন অধিকাৰীয়ে অক্ষত ঘিলদিয়ালৰ সৈতে যুটীয়াভাৱে শ্ৰেষ্ঠ কাহিনী বঁটা আৰু অক্ষত ঘিলদিয়াল, হৰ্ষবৰ্ধন কুলকাৰ্ণীৰ সৈতে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে।

সুমন অধিকাৰীয়ে নিজৰ প্ৰতিভাৰ স্বীকৃতি পোৱাটো এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে তেওঁৰ চিত্ৰনাট্যৰ পৰিচালনাৰ চুটি ছবি ‘ছ’ৰী ভাইছাব’ৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ ‘বধাই দো’ৰ বাবে আইফা এৱাৰ্ডৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে মনোনয়ন লাভ কৰিছে।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৃষ্টিশীল আৰু কাৰিকৰী কৃতিত্বক স্বীকৃতি দিবলৈ টাইমছ গ্ৰুপে প্ৰতি বছৰে ফিল্মফেয়াৰ বঁটা প্ৰদান কৰে।

দশক দশক ধৰি এই বঁটাসমূহে ভাৰতীয় চলচ্চিত্ৰ জগতত সন্মান আৰু সাফল্যৰ চিন হিচাপে পৰিলক্ষিত হৈ আহিছে। এইবাৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ মনোনয়নত এনে ছবি অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে দৰ্শকৰ মনৰ কল্পনাতীত প্ৰতিটো অনুভূতি উলিয়াই আনিছিল।

প্ৰথমবাৰৰ বাবে বলীউডৰ ভাইজান ছলমান খানে আয়ুষ্মান খুৰানা আৰু মনীশ পলৰ সৈতে এই অনুষ্ঠানৰ হোষ্টিং কৰে। বিকি কৌশল, গোবিন্দ, টাইগাৰ শ্ৰফ, জাহ্নৱী কাপুৰ, জেকলিন ফাৰ্নাণ্ডেজকে ধৰি কেইবাগৰাকীও কলা-কুশলীয়ে মঞ্চ পোহৰাই তুলিছিল।

ভাৰতীয় চলচ্চিত্ৰৰ জগতৰ এই সাফল্যৰ বাবে সুমন অধিকাৰী নিশ্চয়কৈ অভিনন্দনৰ যোগ্য। অনাগত দিনত তেওঁ এনেদৰেই আগুৱাই যাওক আৰু অসমক জিলিকাই ৰাখক। অলেখ শুভকামনা। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?