--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত চলি আছে বিয়াৰ গৰম বতৰ। বহুতো চেলিব্ৰিটিয়ে তেওঁলোকৰ সংগীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। এইবাৰ ফাৰহান আখটাৰৰ বিয়াৰ খবৰ ওলাইছে। ২১ ফেব্ৰুৱাৰীত মাহ-হালধি সানিবলৈ সাজু হৈছে ফাৰহান। প্ৰসিদ্ধ গীতিকাৰ পিতৃ জাভেদ আখটাৰে নিশ্চিত কৰিছে এই বিয়াৰ খবৰ। পিছে ফাৰহানৰ কইনা কোন? ৪১ বছৰীয়া শিৱানী দাণ্ডেকাৰৰ সৈতে চিৰজীৱনলৈ এক হ'বলৈ গৈ আছে ৪৮ বছৰীয়া ফাৰহান আখটাৰ। পিতৃ জাভেদ আখটাৰে কোৱা অনুসৰি ফাৰহানে তেওঁৰ প্ৰেমিকা শিৱানীক ২১ ফেব্ৰুৱাৰীত বিয়া কৰাব, এই বিয়াখন জাভেদ আখটাৰৰ খাণ্ডালাৰ ঘৰত অনুষ্ঠিত হ'ব। বিয়াখন অতি সাধাৰণভাৱে পতা হ'ব, য'ত ক'ৰনা মহামাৰীৰ বাবে জাৰি কৰা সীমাবদ্ধতাৰ বাবে কেৱল কেইজনমান নিৰ্বাচিত লোকেহে অংশগ্ৰহণ কৰিব। তেওঁ লগতে কয় যে ''এতিয়ালৈকে কাকো বিয়াৰ কাৰ্ড প্ৰেৰণ কৰা হোৱা নাই। বিবাহৰ সকলো প্ৰস্তুতি ৱেডিং প্লেনাৰ্ছসকলৰ দ্বাৰা পৰিচালনা কৰা হৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ বাবে আমি বৃহৎ পৰিমাণত একো কৰিব নোৱাৰো। গতিকে আমি কেৱল কেইজনমান লোকক মাতিম। এইখন অতি সাধাৰণ বিবাহ হ'ব।'' কইনা শিৱানীৰ সন্দৰ্ভত জাভেদ আখটাৰে কয়, ''শিৱানী এজনী অতি ভাল ছোৱালী। আমাৰ পৰিয়ালৰ সকলোৱে শিৱানীক বৰ পচন্দ কৰে। সকলোতকৈ ভাল লগা কথাটো হ'ল ফাৰহান আৰু শিৱানীৰ সম্পৰ্কটো বৰ মধুৰ। এয়া অতি ভাল লগা কথা।'' উল্লেখ্য যে ২০১৮ চনৰ পৰা শিৱানী দাণ্ডেকাৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে ফাৰহান। ফাৰহানৰ এইখন দ্বিতীয় বিবাহ। ২০০০ চনত নিজতকৈ ৭ বছৰৰ ডাঙৰ আধুনা ভৱানীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ফাৰহান। ২০১৭ চনত আধুনাৰ সৈতে বিবাহ বিচ্ছেদ ঘটে ফাৰহানৰ। তেওঁলোকৰ চান্যা আৰু আকিৰা নামৰ দুগৰাকী কন্যা সন্তান আছে। ফাৰহান-শিৱানীক দৰা-কইনা ৰূপত চাবলৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে অনুৰাগীসকলে। আৰু পঢ়কঃ কাইলৈ সৰস্বতী পূজা; ভুলতো নকৰিব এই কাম, নহ’লে মা সৰস্বতী হ’ব ৰুষ্ট          

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ