--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত চলি আছে বিয়াৰ গৰম বতৰ। বহুতো চেলিব্ৰিটিয়ে তেওঁলোকৰ সংগীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। এইবাৰ ফাৰহান আখটাৰৰ বিয়াৰ খবৰ ওলাইছে। ২১ ফেব্ৰুৱাৰীত মাহ-হালধি সানিবলৈ সাজু হৈছে ফাৰহান। প্ৰসিদ্ধ গীতিকাৰ পিতৃ জাভেদ আখটাৰে নিশ্চিত কৰিছে এই বিয়াৰ খবৰ। পিছে ফাৰহানৰ কইনা কোন? ৪১ বছৰীয়া শিৱানী দাণ্ডেকাৰৰ সৈতে চিৰজীৱনলৈ এক হ'বলৈ গৈ আছে ৪৮ বছৰীয়া ফাৰহান আখটাৰ। পিতৃ জাভেদ আখটাৰে কোৱা অনুসৰি ফাৰহানে তেওঁৰ প্ৰেমিকা শিৱানীক ২১ ফেব্ৰুৱাৰীত বিয়া কৰাব, এই বিয়াখন জাভেদ আখটাৰৰ খাণ্ডালাৰ ঘৰত অনুষ্ঠিত হ'ব। বিয়াখন অতি সাধাৰণভাৱে পতা হ'ব, য'ত ক'ৰনা মহামাৰীৰ বাবে জাৰি কৰা সীমাবদ্ধতাৰ বাবে কেৱল কেইজনমান নিৰ্বাচিত লোকেহে অংশগ্ৰহণ কৰিব। তেওঁ লগতে কয় যে ''এতিয়ালৈকে কাকো বিয়াৰ কাৰ্ড প্ৰেৰণ কৰা হোৱা নাই। বিবাহৰ সকলো প্ৰস্তুতি ৱেডিং প্লেনাৰ্ছসকলৰ দ্বাৰা পৰিচালনা কৰা হৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ বাবে আমি বৃহৎ পৰিমাণত একো কৰিব নোৱাৰো। গতিকে আমি কেৱল কেইজনমান লোকক মাতিম। এইখন অতি সাধাৰণ বিবাহ হ'ব।'' কইনা শিৱানীৰ সন্দৰ্ভত জাভেদ আখটাৰে কয়, ''শিৱানী এজনী অতি ভাল ছোৱালী। আমাৰ পৰিয়ালৰ সকলোৱে শিৱানীক বৰ পচন্দ কৰে। সকলোতকৈ ভাল লগা কথাটো হ'ল ফাৰহান আৰু শিৱানীৰ সম্পৰ্কটো বৰ মধুৰ। এয়া অতি ভাল লগা কথা।'' উল্লেখ্য যে ২০১৮ চনৰ পৰা শিৱানী দাণ্ডেকাৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে ফাৰহান। ফাৰহানৰ এইখন দ্বিতীয় বিবাহ। ২০০০ চনত নিজতকৈ ৭ বছৰৰ ডাঙৰ আধুনা ভৱানীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ফাৰহান। ২০১৭ চনত আধুনাৰ সৈতে বিবাহ বিচ্ছেদ ঘটে ফাৰহানৰ। তেওঁলোকৰ চান্যা আৰু আকিৰা নামৰ দুগৰাকী কন্যা সন্তান আছে। ফাৰহান-শিৱানীক দৰা-কইনা ৰূপত চাবলৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে অনুৰাগীসকলে। আৰু পঢ়কঃ কাইলৈ সৰস্বতী পূজা; ভুলতো নকৰিব এই কাম, নহ’লে মা সৰস্বতী হ’ব ৰুষ্ট          

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু