--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হঠাৎ যেন ‘পত্নীপ্ৰেম’ উথলি উঠিছে ৰাজ কুন্দ্ৰাৰ। কথাটো এনেকৈও চৰ্চা হৈছে যে, পত্নীৰ ওচৰত যেন ক্ষতিপূৰণ ভৰিবলগীয়া হৈছে ৰাজ কুন্দ্ৰাই। চেলিব্ৰিটী ব্যৱসায়ী তথা মোহময়ী অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী কুন্দ্ৰাই পত্নীক দিছে বৃহৎ উপহাৰ। পৰ্ন ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচলন কাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰাৰ পাছত ৰাজ কুন্দ্ৰা আৰু শিল্পা ছেট্টীৰ সহজাত জীৱনৰ উজ্জ্বলতা কিছু হ’লেও ম্লান হৈছিল। তেওঁলোকৰ গ্লেমাৰ আলোকিত জীৱনত পৰিছিল কলংকৰ ছায়া। স্বামীৰ বদনামৰ ছিটিকনি স্বাভাৱিকতে পৰিছিল শিল্পা ছেট্টীৰ জীৱনতো।   শিল্পাই সেই সময়ত তেওঁৰ গোপনীয়তাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈকো সকলোকে আবেদন জনাইছিল। এই কাৰ্যই প্ৰমাণ কৰে যে তেওঁ কিমান চাপৰ সন্মুখীন হ’বলগীয়া হৈছিল এই বিতৰ্কক লৈ। স্বামীৰ দুৰ্দিনৰ সময়তো অতি দৃঢ়তাৰে নিজৰে চম্ভালি লোৱাৰ লগতে স্বামীকো আবৰি ৰখাৰ কাম কৰিছিল শিল্পাই। এতিয়া তাৰেই প্ৰতিদান যেন লাভ কৰিলে শিল্পা ছেট্টীয়ে। কিন্তু এই কাৰ্যই এক প্ৰশ্নবোধকৰো সৃষ্টি নকৰা নহয়। চেলিব্ৰিটী ব্যৱসায়ী ৰাজ কুন্দ্ৰাই তেওঁৰ তাৰকা পত্নী শিল্পা ছেট্টীলৈ ৩৮.৫কোটি টকাৰ সম্পত্তি হস্তান্তৰ কৰিছে। সম্পত্তিৰ পঞ্জীয়নৰ নথিৰ পৰা লাভ কৰা তথ্য অনুসৰি এই বৃহৎ পৰিমাণৰ সম্পত্তি পত্নীৰ নামত পঞ্জীয়ন কৰিছে কুন্দ্ৰাই। ‘স্কুয়েৰফিট ইণ্ডিয়া ডট কম’ নামৰ সংস্থাটোৱে এই তথ্য পোহৰলৈ আনিছে। ‘স্কুয়েৰফিট ইণ্ডিয়া’ৰ প্ৰতিষ্ঠাপক বৰুণ সিঙে প্ৰকাশ কৰা মতে ‘অ’চেন ভিউ’ নামৰ মুম্বাইৰ জুহুত থকা অট্টালিকাটোৰ পাঁচটা ফ্লেট আৰু বেছমেণ্ট শিল্পালৈ হস্তান্তৰ কৰিছে ৰাজ কুন্দ্ৰাই। বৰুণ সিঙে লগতে সদৰি কৰে যে, ৰাজ কুন্দ্ৰাই মুঠ ৫,৯৯৬ বৰ্গফুট সম্পত্তি পত্নীলৈ হস্তান্তৰ কৰিছে।   সিঙে প্ৰকাশ কৰা মতে, ৰাজ আৰু শিল্পাই এই একেটা ঘৰকে তেওঁলোকৰ বৰ্তমানৰ ঠিকনা হিচাপে প্ৰকাশ কৰিছে। এই হস্তান্তৰ প্ৰক্ৰিয়াৰ বাবে ১.৯২কোটিৰ পঞ্জীয়ন মাচুলো আদায় দিছে ৰাজ কুন্দ্ৰাই। এই বছৰৰ ২২জানুৱাৰীত এই হস্তান্তৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। হঠাতে কিহৰ বাবেনো এনেদৰে সম্পত্তিৰ স্বত্ত্ব হস্তান্তৰ কৰিবলগীয়া হ’ল সেই লৈও প্ৰশ্নচিহ্নৰো উদ্ৰেগ হৈছে। পৰ্ন ভিডিঅ’ কাণ্ডক লৈ ব্যাপক বিতৰ্কৰ সন্মুখীন হোৱা ৰাজ কুন্দ্ৰাৰ প্ৰতি ভৰসা হেৰুৱাই এনে পদক্ষেপ শিল্পাই গ্ৰহণ কৰিছে নে অন্য কোনো কাৰণ ইয়াৰ আঁৰত আছে সেয়াও এতিয়া ৰহস্যৰ বিষয় হৈ পৰিছে।   এটা গুণগুণনিৰ পৰা জানিব পৰা অনুসৰি শিল্পা ছেট্টীয়ে ৰাজ কুন্দ্ৰাৰ পৰা একধৰণৰ দূৰত্ব বজাই ৰাখিব বিচাৰিছে। তেওঁৰ পেচাগত জীৱন যাতে কুন্দ্ৰাৰ কলংকই ক’লা কৰিব নোৱাৰে তাৰ বাবে যেন এতিয়াৰ পৰা সচেতন হৈছে শিল্পা ছেট্টী। কেৱল এয়াই নহয় আনুষ্ঠানিক একো নঘটিলেও তেওঁলোকে নিজৰ নিজৰ দুখন বেলেগ জগত গঢ়ি লোৱাৰ দৰে বিষয় সন্দৰ্ভতো চলিছে ব্যাপক চৰ্চা। পৰ্ন ভিডিঅ’ কাণ্ডই শিল্পাৰ পেচাগত জীৱনত যি ক্ষতি সাধিলে তাৰ ক্ষতিপূৰণ হিচাপে ৰাজ কুন্দ্ৰাই এই সম্পত্তি পত্নীক দিবলগীয়া হৈছে বুলিও চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ