--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি সকলোৱে জানো যে পানীৰ অভাৱতে আমাৰ শৰীৰত বহুতো স্বাস্থ্য সম্পৰ্কীয় সমস্যা আৰম্ভ হয়। শৰীৰৰ পৰা অবাঞ্চিত বস্তু আঁতৰোৱাতো পানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি খাদ্যৰ সঠিক হজমলৈকে পানীৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা । এনে অৱস্থাত আমি সময়ে সময়ে পানী খাই থকাটো জৰুৰী, কিন্তু প্ৰশ্ন হয় যে চেলিব্ৰিটি সকলে কিয় ব্লেক ৱাটাৰ‌ খায়? জানো আহক ইয়াৰ আঁৰৰ কাহিনী।

কিয় চৰ্চাত ব্লেক ৱাটাৰ‌?

black alkaline water beneficial for stomach obesity immunity | नीता अंबानी  से लेकर करीना कपूर और मलाइका तक पीती हैं काला पानी, जानिए इस ब्लैक वाटर के  बेनिफिट्स | Patrika News

আচলতে শ্ৰুতি হাছান, উৰ্বশী ৰাউটেলা, মলাইকা আৰোৰা, কাজল আগৰৱালা আদি বহু চেলিব্ৰিটিক বহুবাৰ হাতত ব্লেক ৱাটাৰ‌ বটলৰ সৈতে দেখা পোৱা যায়, কিন্তু সঁচাকৈয়ে ইয়াৰ কিবা প্ৰয়োজন বা সুবিধা আছেনে? ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক

ব্লেক ৱাটাৰ‌  কি

ব্লেক ৱাটাৰ‌ এবিধ বিশেষ ধৰণৰ পানী, যিয়ে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায়ক। উল্লেখযোগ্য যে এই পানীয়ে কেৱল ওজন কমোৱাতহে সহায় কৰে, ওজন কমাই দিব নোৱাৰে। ইয়াৰ বাহিৰেও ইয়াক ক্ষাৰকীয় আয়নীয়কৃত পানী বুলিও কোৱা হয়। ‘Evidence Based Complementary and Alternative Medicine’ (EBCAM) নামৰ মেডিকেল জাৰ্নেলৰ মতে, লেবত এন্দুৰৰ ওপৰত পৰীক্ষা কৰাৰ পিছত দেখা গৈছে যে ক্ষাৰকীয় পানী শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায়ক।

প্ৰতিবেদন অনুসৰি, জিম বা শাৰীৰিক ব্যায়াম কৰাৰ সময়ত যেতিয়া শৰীৰৰ পৰা বহুত ঘাম ওলাই যায়, তেতিয়া ইয়াৰ পাছত ব্লেক ৱাটাৰ‌ খালে কিছু সকাহ পোৱা যায়। ই শৰীৰত ইলেক্ট্ৰ’লাইটৰ যোগান বৃদ্ধি কৰে। কিছুমান কোম্পানীয়ে দাবী কৰে যে ক্ষাৰকীয় পানীয়ে বয়স বৃদ্ধিৰ প্ৰভাৱ কমায়। কিন্তু এই দাবীৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই।

সাধাৰণ পানী আৰু ব্লেক ৱাটাৰ‌ মাজত পাৰ্থক্য কি

স্বাভাৱিক পানীত থকা খনিজ পদাৰ্থৰ পৰিমাণ কম হয়, যাৰ অভাৱত ৰোগৰো সৃষ্টি হ’ব পাৰে। আনহাতে, মেগনেছিয়াম আৰু কেলচিয়ামৰ দৰে খনিজ পদাৰ্থ ব্লেক ৱাটাৰ‌ত পোৱা যায়। ইয়াক প্ৰস্তুত কৰা কোম্পানীসমূহে দাবী কৰে যে ব্লেক ৱাটাৰে শৰীৰত মেটাবলিজম প্ৰক্ৰিয়া ত্বৰান্বিত কৰে আৰু হজম শক্তিৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়। সাধাৰণ পানীৰ pH মাত্ৰা ৬ৰ পৰা ৭, আনহাতে ক্ষাৰকীয় পানীৰ pH মাত্ৰা ৭তকৈ বেছি, কিন্তু ব্লেক ৱাটাৰ‌ত কেৱল উচ্চ pH মাত্ৰাৰ বাবেই উপকৃত নহয়, বৰঞ্চ ইয়াত উপস্থিত খনিজ পদাৰ্থইও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ব্লেক ৱাটাৰ‌ উপকাৰিতা

গৱেষকৰ মতে, স্বাস্থ্যজনিত সমস্যা থকা লোকসকলক ক্ষাৰকীয় পানীয়ে সহায় কৰে। পেপচিন নামৰ এবিধ এনজাইমৰ দ্বাৰা সৃষ্টি হোৱা এচিডিটি আঁতৰোৱাত ব্লেক ৱাটাৰ‌ সহায়ক হয়। ব্লেক ৱাটাৰ‌ৰ পি এইচ ৮.৮ হ’লে পেপচিন এনজাইমৰ প্ৰভাৱ কমি যায়। এই পানীত ৭০বিধ খনিজ পদাৰ্থ পোৱা যায়, যিয়ে শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। ইয়াৰ সমান্তৰালকৈ ইহঁতে শৰীৰক শক্তিও দিয়ে। ইয়াৰোপৰি এই খনিজ পদাৰ্থই শৰীৰকো বিষমুক্তও কৰে।

ব্লেক ৱাটাৰ‌‌ কিমান দামী? 

বৰ্তমান ভাৰতত ব্লেক ৱাটাৰ‌ বহুতো ব্ৰেণ্ড উপলব্ধ। ইয়াৰ ভিতৰত ইভ’কাছ নামটোৰ বিষয়ে বহুত চৰ্চিত হয়। মলাইকা আৰোৰা খানৰ হাতত দেখা পোৱা বটলটো এই ব্ৰেণ্ডৰ। ৬০০ টকাত ৬টাকৈ আধা লিটাৰৰ ইভ’কাছৰ বটল পোৱা যাব। অৰ্থাৎ ৩ লিটাৰৰ খৰচ হ'ব ৬০০ টকা। সেই অনুসৰি ক’লা পানীৰ মূল্য প্ৰতি লিটাৰত ২০০ টকা। ক’লা পানীৰ বটলত ৩২ মিলিগ্ৰাম কেলচিয়াম, ২১ মিলিগ্ৰাম মেগনেছিয়াম আৰু ৮ মিলিগ্ৰাম ছডিয়াম থাকে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল