--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি সকলোৱে জানো যে পানীৰ অভাৱতে আমাৰ শৰীৰত বহুতো স্বাস্থ্য সম্পৰ্কীয় সমস্যা আৰম্ভ হয়। শৰীৰৰ পৰা অবাঞ্চিত বস্তু আঁতৰোৱাতো পানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি খাদ্যৰ সঠিক হজমলৈকে পানীৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা । এনে অৱস্থাত আমি সময়ে সময়ে পানী খাই থকাটো জৰুৰী, কিন্তু প্ৰশ্ন হয় যে চেলিব্ৰিটি সকলে কিয় ব্লেক ৱাটাৰ‌ খায়? জানো আহক ইয়াৰ আঁৰৰ কাহিনী।

কিয় চৰ্চাত ব্লেক ৱাটাৰ‌?

black alkaline water beneficial for stomach obesity immunity | नीता अंबानी  से लेकर करीना कपूर और मलाइका तक पीती हैं काला पानी, जानिए इस ब्लैक वाटर के  बेनिफिट्स | Patrika News

আচলতে শ্ৰুতি হাছান, উৰ্বশী ৰাউটেলা, মলাইকা আৰোৰা, কাজল আগৰৱালা আদি বহু চেলিব্ৰিটিক বহুবাৰ হাতত ব্লেক ৱাটাৰ‌ বটলৰ সৈতে দেখা পোৱা যায়, কিন্তু সঁচাকৈয়ে ইয়াৰ কিবা প্ৰয়োজন বা সুবিধা আছেনে? ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক

ব্লেক ৱাটাৰ‌  কি

ব্লেক ৱাটাৰ‌ এবিধ বিশেষ ধৰণৰ পানী, যিয়ে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায়ক। উল্লেখযোগ্য যে এই পানীয়ে কেৱল ওজন কমোৱাতহে সহায় কৰে, ওজন কমাই দিব নোৱাৰে। ইয়াৰ বাহিৰেও ইয়াক ক্ষাৰকীয় আয়নীয়কৃত পানী বুলিও কোৱা হয়। ‘Evidence Based Complementary and Alternative Medicine’ (EBCAM) নামৰ মেডিকেল জাৰ্নেলৰ মতে, লেবত এন্দুৰৰ ওপৰত পৰীক্ষা কৰাৰ পিছত দেখা গৈছে যে ক্ষাৰকীয় পানী শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায়ক।

প্ৰতিবেদন অনুসৰি, জিম বা শাৰীৰিক ব্যায়াম কৰাৰ সময়ত যেতিয়া শৰীৰৰ পৰা বহুত ঘাম ওলাই যায়, তেতিয়া ইয়াৰ পাছত ব্লেক ৱাটাৰ‌ খালে কিছু সকাহ পোৱা যায়। ই শৰীৰত ইলেক্ট্ৰ’লাইটৰ যোগান বৃদ্ধি কৰে। কিছুমান কোম্পানীয়ে দাবী কৰে যে ক্ষাৰকীয় পানীয়ে বয়স বৃদ্ধিৰ প্ৰভাৱ কমায়। কিন্তু এই দাবীৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই।

সাধাৰণ পানী আৰু ব্লেক ৱাটাৰ‌ মাজত পাৰ্থক্য কি

স্বাভাৱিক পানীত থকা খনিজ পদাৰ্থৰ পৰিমাণ কম হয়, যাৰ অভাৱত ৰোগৰো সৃষ্টি হ’ব পাৰে। আনহাতে, মেগনেছিয়াম আৰু কেলচিয়ামৰ দৰে খনিজ পদাৰ্থ ব্লেক ৱাটাৰ‌ত পোৱা যায়। ইয়াক প্ৰস্তুত কৰা কোম্পানীসমূহে দাবী কৰে যে ব্লেক ৱাটাৰে শৰীৰত মেটাবলিজম প্ৰক্ৰিয়া ত্বৰান্বিত কৰে আৰু হজম শক্তিৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়। সাধাৰণ পানীৰ pH মাত্ৰা ৬ৰ পৰা ৭, আনহাতে ক্ষাৰকীয় পানীৰ pH মাত্ৰা ৭তকৈ বেছি, কিন্তু ব্লেক ৱাটাৰ‌ত কেৱল উচ্চ pH মাত্ৰাৰ বাবেই উপকৃত নহয়, বৰঞ্চ ইয়াত উপস্থিত খনিজ পদাৰ্থইও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ব্লেক ৱাটাৰ‌ উপকাৰিতা

গৱেষকৰ মতে, স্বাস্থ্যজনিত সমস্যা থকা লোকসকলক ক্ষাৰকীয় পানীয়ে সহায় কৰে। পেপচিন নামৰ এবিধ এনজাইমৰ দ্বাৰা সৃষ্টি হোৱা এচিডিটি আঁতৰোৱাত ব্লেক ৱাটাৰ‌ সহায়ক হয়। ব্লেক ৱাটাৰ‌ৰ পি এইচ ৮.৮ হ’লে পেপচিন এনজাইমৰ প্ৰভাৱ কমি যায়। এই পানীত ৭০বিধ খনিজ পদাৰ্থ পোৱা যায়, যিয়ে শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। ইয়াৰ সমান্তৰালকৈ ইহঁতে শৰীৰক শক্তিও দিয়ে। ইয়াৰোপৰি এই খনিজ পদাৰ্থই শৰীৰকো বিষমুক্তও কৰে।

ব্লেক ৱাটাৰ‌‌ কিমান দামী? 

বৰ্তমান ভাৰতত ব্লেক ৱাটাৰ‌ বহুতো ব্ৰেণ্ড উপলব্ধ। ইয়াৰ ভিতৰত ইভ’কাছ নামটোৰ বিষয়ে বহুত চৰ্চিত হয়। মলাইকা আৰোৰা খানৰ হাতত দেখা পোৱা বটলটো এই ব্ৰেণ্ডৰ। ৬০০ টকাত ৬টাকৈ আধা লিটাৰৰ ইভ’কাছৰ বটল পোৱা যাব। অৰ্থাৎ ৩ লিটাৰৰ খৰচ হ'ব ৬০০ টকা। সেই অনুসৰি ক’লা পানীৰ মূল্য প্ৰতি লিটাৰত ২০০ টকা। ক’লা পানীৰ বটলত ৩২ মিলিগ্ৰাম কেলচিয়াম, ২১ মিলিগ্ৰাম মেগনেছিয়াম আৰু ৮ মিলিগ্ৰাম ছডিয়াম থাকে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক