--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি সেইসকল লোকৰ মাজৰ এজন যিয়ে গভীৰ নিশালৈকে কাম কৰে বা হয়তো ৰাতিপুৱালৈকে সাৰ পাই থাকে, তেন্তে আমি নিশ্চিত যে কফিয়ে নিশ্চয় আপোনাক বৰ সকাহ দিয়ে। এই পানীয়ত এনে কিবা এটা আছে যিয়ে আমাক বহুত শিথিল কৰি তোলে। কিন্তু গাখীৰ আৰু চেনিৰে প্ৰস্তুত কৰা কফিয়ে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। তাৰ পৰিৱৰ্তে চেনি নোহোৱাকৈ ব্লেক কফি খাব লাগে। গ্ৰেটাৰ নয়ডাৰ জিমছ হাস্পতালত কৰ্মৰত বিখ্যাত ডায়েটিচিয়ান আয়ুষী যাদৱে ব্লেক কফি খালে আমাৰ শৰীৰত কি কি উপকাৰ পোৱা যায় সেই কথা সদৰী কৰিছে।

ব্লেক কফি খোৱাৰ সুবিধা

১) কম কেলৰিযুক্ত পানীয়ঃ আমেৰিকাৰ কৃষি বিভাগৰ (USDA) তথ্য অনুসৰি পিহি লোৱা বীনৰ পৰা তৈয়াৰী নিয়মীয়া ব্লেক কফিৰ কাপত ২ কেলৰি থাকে। আনহাতে, এক আউন্সৰ সমৃদ্ধ এস্প্ৰেছ’ত মাত্ৰ এটা কেলৰি থাকে। যদি আপুনি ডিকেফেইনযুক্ত বীন ব্যৱহাৰ কৰে তেন্তে আপোনাৰ কফিত কেলৰিৰ সংখ্যা শূন্য হ’ব।

২) ওজন কমোৱাত সহায়কঃ ব্লেক কফিতো ক্ল’ৰ’জেনিক এচিড নামৰ পদাৰ্থ থাকে, যিয়ে ওজন কমাবলৈ সহায় কৰে। ইয়াৰ বাবে ৰাতিৰ আহাৰ খোৱাৰ পিছত শৰীৰত গ্লুক’জ গঠন হোৱাত পলম হয় আৰু নতুন চৰ্বি কোষৰ গঠন কমি যায়, তাৰ পিছত ক্ৰমান্বয়ে ওজন কমিবলৈ আৰম্ভ কৰে।

৩) শৰীৰে শক্তি পাবঃ কফিত কেফেইন পোৱা যায় যিয়ে আমাৰ শৰীৰত বহু প্ৰভাৱ পেলায়। কেফেইন হৈছে এক প্ৰাকৃতিক উদ্দীপক যিয়ে আমাৰ মগজু আৰু স্নায়ুতন্ত্ৰক সক্ৰিয় আৰু মনোনিৱেশ কৰি ৰখাত সহায় কৰে। আমাৰ শক্তিৰ মাত্ৰাও উন্নত কৰাত সহায় কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ