--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মানুহৰ মাজত হৃদযন্ত্ৰৰ লগত জড়িত ৰোগবোৰ দ্ৰুতগতিত বিয়পি পৰিছে, ইয়াৰ কাৰণ হ’ল মানুহৰ দুৰ্বল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস। এইবোৰে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। সেইবাবেই সদায় সুস্থ জীৱনশৈলী মানি চলিব লাগে। যদি আপুনিও বিচাৰে যে আপোনাৰ হাৰ্ট এটেক হব নালাগে তেন্তে আপুনি আপোনাৰ জীৱনশৈলীৰ প্ৰতি গুৰুত্ব দিয়া উচিত। হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ আপুনি কেনেধৰণৰ জীৱনশৈলী পালন কৰিব লাগিব জানি লওক।

হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ মানি চলিবলগীয়া জীৱনশৈলী-

১) ৰক্তচাপ পৰীক্ষা কৰকঃ উচ্চ ৰক্তচাপৰ বাবে হৃদযন্ত্ৰৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ বাঢ়ি যায়। কাৰণ ৰক্তচাপ বৃদ্ধি হ’লে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়, গতিকে যদি আপুনি হাৰ্ট এটেকৰ দৰে সমস্যাৰ সন্মুখীন হ’ব নিবিচাৰে, তেন্তে নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰি থাকিব লাগে। হাৰ্ট এটেকৰ পৰা বাচি থাকিব বিচাৰে যদি ৰক্তচাপ নিয়ন্ত্ৰণত থকাটো অতি প্ৰয়োজনীয়।

২) ধূমপান পৰিহাৰ কৰকঃ ধূমপানে আপোনাৰ হাওঁফাওঁৰ ক্ষতি কৰাই নহয়, এই অভ্যাস হৃদযন্ত্ৰৰ বাবেও ভাল নহয়। ধূমপান কৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ ধূমপান আৰু ধঁপাত সেৱন পৰিহাৰ কৰিব লাগে।

৩) মানসিক চাপ পৰিহাৰ কৰকঃ অত্যধিক মানসিক চাপ লোৱাটো আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। যদি আপুনি প্ৰতিটো বিষয়তে মানসিক চাপ লয়, তেন্তে এই অভ্যাস সলনি কৰক। কাৰণ ষ্ট্ৰেছ গ্ৰহণ কৰিলে হাৰ্ট এটেক হ’ব পাৰে। গতিকে মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ যোগাসন, সংগীত, ব্যায়াম কৰক।

৪) ভালদৰে টোপনি যাওকঃ পৰ্যাপ্ত পৰিমাণে টোপনি অহাটো হৃদযন্ত্ৰৰ বাবে অতি প্ৰয়োজনীয়। টোপনিৰ অভাৱৰ বাবে আপুনি উচ্চ বি পিৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। গতিকে যদি আপুনি হাৰ্ট এটেকৰ দৰে সমস্যাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে দৈনিক পৰ্যাপ্ত পৰিমাণে টোপনি লোৱা উচিত।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ