--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই মুহূৰ্তত আলিয়া ভাটে নিজৰ পেছাদাৰী জীৱনত উশাহ ল’বলৈও সময় পোৱা নাই। তেওঁৰ নতুন ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ চলিত মাহত মুক্তি পাব। অভিনেত্ৰীগৰাকীৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ছবি ‘হাৰ্ট অৱ ষ্টোন’ অহা মাহত মুক্তি পাব। কিন্তু কেৱল কামেই নহয়, আলিয়াই পৰিয়ালকো সময় দিব বিচাৰে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ পৰিয়াল আৰু কৰ্মৰ মাজত সমতা বজাই ৰখাৰ ক্ষেত্ৰত নিজৰ মনোভাৱ প্ৰকাশ কৰিছে। আলিয়া আৰু ৰণবীৰৰ কন্যা ৰহাৰ বয়স মাত্ৰ আঠ মাহ। ভৱিষ্যতে পৰিয়ালৰ সৈতে সেয়ে আলিয়াই অধিক সময় কটাব বিচাৰে বুলিও কয়।

আলিয়াই কয়, ‘দহ বছৰ উদ্যোগটোত কটোৱাৰ পিছত মোৰ জীৱনটোও সলনি হৈছে। এটা সময়ত মই শ্বুটিঙৰ বাবে টোপনি, পৰিয়াল, সকলো এৰি দিছো।''

কিন্তু এতিয়া অভিনেত্ৰীগৰাকীয়ে স্বামী-কন্যাৰ সৈতে থকা সুখী পৰিয়ালটোক আওকাণ কৰিব নোৱাৰে। গতিকে তেওঁ পৰিয়ালক সময় দিয়াৰ পক্ষপাতী। আলিয়াৰ ভাষাত "মই উপলব্ধি কৰিছো যে পৰিয়াল মোৰ আটাইতকৈ ডাঙৰ সহযোগী। মই পৰিয়ালৰ লগত কোনো কামতে আপোচ কৰিব নোৱাৰো।''

আলিয়াই বিশ্বাস কৰে যে ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ মাজত সেই ভাৰসাম্য বজাই ৰখাটো সম্ভৱ। তেওঁৰ ভাষাত, "মই কাম বন্ধ কৰি দিম, সেয়া মই কোৱা নাই। কিন্তু পৰিয়ালটোৰ বাবে অলপ সময় ৰাহি কৰিব পাৰি! মই সদায় সেইটো চেষ্টা কৰি আহিছো।''






FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ