--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট বা ফুটবল নহয় এইবাৰ উইম্বলডনত টেনিছ উপভোগ কৰা দেখা গ’ল আমিৰ খানক৷ ২০২৩ চনৰ উইম্বলডনৰ ফাইনেলৰ বাবে লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আমিৰ খান নিজৰ কন্যা ইৰা খান আৰু দুয়োজন পুত্ৰ জুনেইদ আৰু আজাদৰ সৈতে উপস্থিত আছিল। ইৰাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁলোকৰ সকলোৰে সৈতে এখন চেলফি শ্বেয়াৰ কৰিছে।

মেচখনৰ বাবে ইৰাক আমিৰৰ কাষত বহি থকা দেখা গৈছিল, যাৰ আনফালে আজাদ আৰু কাষত জুনেইদ আছিল। ইৰাই কেমেৰাৰ বাবে সকলোৱে হাঁহি হাঁহি এখন মৰমলগা চেলফি তোলা পৰিলক্ষিত হৈছে। ইৰাই ছবিখনৰ কেপচনত উইম্বলডনৰ এটা সাধাৰণ হেচটেগ লিখিছিল আৰু এটা ষ্টীকাৰ ৰাখিছিল, য’ত লিখা আছিল, ‘চেণ্টাৰ ক’ৰ্ট’। নীলা ৰঙৰ চাৰ্ট পিন্ধি দেখা গৈছিল আমিৰ খানক।

কেৱল আমিৰ খানেই নহয়, দেওবাৰৰ খেলখনত বলীউডৰ বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিছিল। উপস্থিতসকলৰ ভিতৰত স্বামী আনন্দ আহুজাৰ সৈতে সোণম কাপুৰো আছিল। তেখেতে ইনষ্টাগ্ৰামলৈ গৈ নিজৰ লুকটোৰ সবিশেষ শ্বেয়াৰ কৰিছিল৷

ইফালে শেহতীয়াকৈ ইৰা খানে এটা সাক্ষাৎকাৰৰ সময়ত ডিপ্ৰেছনৰ সৈতে হোৱা যুঁজৰ বিষয়ে দীঘলীয়াকৈ কয়। শেহতীয়াকৈ তেওঁ মানসিক স্বাস্থ্যৰ সহায়ক সহায় কৰিবলৈ আগষ্টু ফাউণ্ডেশ্যন আৰম্ভ কৰিছে। তেওঁ প্ৰকাশ কৰে যে তেওঁৰ পিতৃ আমিৰ আৰু মাতৃ ৰীণা দত্ত সংস্থাটোৰ পৰামৰ্শদাতা ব’ৰ্ডৰ অংশ।

প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে আমিৰৰ দ্বিতীয় সন্তান ইৰা। তেওঁৰজ জেষ্ঠ ভাতৃ জুনেইদো আছে। ২০০২ চনত আমিৰ আৰু ৰীণাৰ বিচ্ছেদ ঘটে।পাছলৈ আমিৰে কিৰণ ৰাওক বিয়া কৰায় আৰু তেওঁলোকৰ আজাদ নামৰ এজন পুত্ৰ জন্ম হয়। উল্লেখ্য যে ২০২১ চনত আমিৰ আৰু কিৰণে বিচ্ছেদৰ কথা ঘোষণা কৰে।

স্মৰ্তব্য যে, যোৱা বছৰ মুক্তি পোৱা চলচ্চিত্ৰ লাল সিং চাদ্ধাত আমিৰক দেখা গৈছিল – যিখন ছবি ছবিগৃহত মুক্তি পোৱাৰ সময়ত বক্স অফিচত ফ্লপ হৈছিল যদিও পাছলৈ নেটফ্লিক্স ইণ্ডিয়াত ভাল সমাদৰ লাভ কৰিছিল। হলিউডৰ হিট ছবি ফৰেষ্ট গাম্পৰ অফিচিয়েল হিন্দী অভিযোজন কৰা এই ছবিখনত কৰীনা কাপুৰ আৰু ম’না সিঙেও অভিনয় কৰিছে। ২০২২ চনৰ ডিচেম্বৰ মাহত মুক্তি পোৱা কাজোল আৰু ৰেভাথীৰ ছবি চালাম ভেংকিতো আমিৰে বিশেষভাৱে অভিনয় কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement