--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট বা ফুটবল নহয় এইবাৰ উইম্বলডনত টেনিছ উপভোগ কৰা দেখা গ’ল আমিৰ খানক৷ ২০২৩ চনৰ উইম্বলডনৰ ফাইনেলৰ বাবে লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আমিৰ খান নিজৰ কন্যা ইৰা খান আৰু দুয়োজন পুত্ৰ জুনেইদ আৰু আজাদৰ সৈতে উপস্থিত আছিল। ইৰাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁলোকৰ সকলোৰে সৈতে এখন চেলফি শ্বেয়াৰ কৰিছে।

মেচখনৰ বাবে ইৰাক আমিৰৰ কাষত বহি থকা দেখা গৈছিল, যাৰ আনফালে আজাদ আৰু কাষত জুনেইদ আছিল। ইৰাই কেমেৰাৰ বাবে সকলোৱে হাঁহি হাঁহি এখন মৰমলগা চেলফি তোলা পৰিলক্ষিত হৈছে। ইৰাই ছবিখনৰ কেপচনত উইম্বলডনৰ এটা সাধাৰণ হেচটেগ লিখিছিল আৰু এটা ষ্টীকাৰ ৰাখিছিল, য’ত লিখা আছিল, ‘চেণ্টাৰ ক’ৰ্ট’। নীলা ৰঙৰ চাৰ্ট পিন্ধি দেখা গৈছিল আমিৰ খানক।

কেৱল আমিৰ খানেই নহয়, দেওবাৰৰ খেলখনত বলীউডৰ বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিছিল। উপস্থিতসকলৰ ভিতৰত স্বামী আনন্দ আহুজাৰ সৈতে সোণম কাপুৰো আছিল। তেখেতে ইনষ্টাগ্ৰামলৈ গৈ নিজৰ লুকটোৰ সবিশেষ শ্বেয়াৰ কৰিছিল৷

ইফালে শেহতীয়াকৈ ইৰা খানে এটা সাক্ষাৎকাৰৰ সময়ত ডিপ্ৰেছনৰ সৈতে হোৱা যুঁজৰ বিষয়ে দীঘলীয়াকৈ কয়। শেহতীয়াকৈ তেওঁ মানসিক স্বাস্থ্যৰ সহায়ক সহায় কৰিবলৈ আগষ্টু ফাউণ্ডেশ্যন আৰম্ভ কৰিছে। তেওঁ প্ৰকাশ কৰে যে তেওঁৰ পিতৃ আমিৰ আৰু মাতৃ ৰীণা দত্ত সংস্থাটোৰ পৰামৰ্শদাতা ব’ৰ্ডৰ অংশ।

প্ৰাক্তন পত্নী ৰীনা দত্তৰ সৈতে আমিৰৰ দ্বিতীয় সন্তান ইৰা। তেওঁৰজ জেষ্ঠ ভাতৃ জুনেইদো আছে। ২০০২ চনত আমিৰ আৰু ৰীণাৰ বিচ্ছেদ ঘটে।পাছলৈ আমিৰে কিৰণ ৰাওক বিয়া কৰায় আৰু তেওঁলোকৰ আজাদ নামৰ এজন পুত্ৰ জন্ম হয়। উল্লেখ্য যে ২০২১ চনত আমিৰ আৰু কিৰণে বিচ্ছেদৰ কথা ঘোষণা কৰে।

স্মৰ্তব্য যে, যোৱা বছৰ মুক্তি পোৱা চলচ্চিত্ৰ লাল সিং চাদ্ধাত আমিৰক দেখা গৈছিল – যিখন ছবি ছবিগৃহত মুক্তি পোৱাৰ সময়ত বক্স অফিচত ফ্লপ হৈছিল যদিও পাছলৈ নেটফ্লিক্স ইণ্ডিয়াত ভাল সমাদৰ লাভ কৰিছিল। হলিউডৰ হিট ছবি ফৰেষ্ট গাম্পৰ অফিচিয়েল হিন্দী অভিযোজন কৰা এই ছবিখনত কৰীনা কাপুৰ আৰু ম’না সিঙেও অভিনয় কৰিছে। ২০২২ চনৰ ডিচেম্বৰ মাহত মুক্তি পোৱা কাজোল আৰু ৰেভাথীৰ ছবি চালাম ভেংকিতো আমিৰে বিশেষভাৱে অভিনয় কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু