--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নবৈবৰ দশকৰ বহু শিশুৰ শৈশৱ ৰোমাঞ্চিত কৰি ৰখা জনপ্ৰিয় ধাৰাবাহিকৰ মাজত অন্যতম আছিল ‘শক্তিমান’। সন্ধিয়া হোৱাৰ লগে লগে ‘শক্তিমান’ৰ শব্দত কঁপি উঠিছিল টেলিভিছনৰ পৰ্দা। এই ধাৰাবাহিকখন নোচোৱা শিশু বিচাৰি উলিওৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান। প্ৰতিটো চৰিত্ৰই মনত সাঁচ বহুৱাই যোৱা ‘শক্তিমান’ৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দুৱেই আছিল মুকেশ খান্না। বহুল প্ৰচলিত আৰু জনপ্ৰিয় ধাৰাবাহিকখন পুনৰ টেলিভিছনৰ পৰ্দাত দেখিবলৈ পোৱা যাব। এই কথা সদৰী কৰিছে জনপ্ৰিয় অভিনেতা মুকেশ খান্নাই নিজে। শেহতীয়াকৈ, এক সাক্ষাৎকাৰত ধাৰাবাহিকখনৰ বিষয়ে মুকেশ খান্নাই গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। শক্তিমানৰ চৰিত্ৰৰ ওপৰত কেন্দ্ৰ কৰিয়েই ত্ৰিলজী নিৰ্মাণ কৰা হ'ব বুলি অভিনেতাজনে সদৰী কৰিছে। দীৰ্ঘদিন ধৰি এই প্ৰকল্পটোত কাম কৰি থকা মুকেশ খান্নাই কয়, ‘ কেৱল সঠিক সময়ৰ বাবে অপেক্ষা কৰি আছিলো। দৰ্শকক কথা দি কথা ৰাখিব পাৰিম বুলি ভাবিয়েই ভাল লাগিছে। স্বস্তিৰ নিশ্বাস পেলাইছো।’ স্বাভাৱিকতে, খবৰটো প্ৰকাশ পোৱাৰ পাছতে উচ্ছসিত হৈ পৰিছে শ্ৰোতা দৰ্শক। পাছে ‘শক্তিমান’ৰ চৰিত্ৰত কোনে অভিনয় কৰিব? মুকেশ খান্না থাকিব নে আন কিবা বিকল্প? তাকে লৈ এক কৌতুহলে বিৰাজ কৰিছে শ্ৰোতা দৰ্শকৰ মাজত। অৱশ্যে, এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে মুকেশ খান্না। তেওঁ কয়, ‘কাষ্টিঙৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত নতুনত্ব দেখিবলৈ পোৱা যাব। কিন্তু মূল কাহিনীৰ চিত্ৰপট একেই থাকিব।’ কেৱল সেয়াই নহয়, মুকেশে নিজকে আটাইতকৈ ডাঙৰ ছুপাৰহিৰো বুলিও অভিহিত কৰিছে। তেওঁ কয়,‘ শক্তিমানৰ দৰে শক্তি আন কাৰোৱেই নাই।’ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ‘শক্তিমান’ক এক অনন্য মাত্ৰা প্ৰদান কৰা হ’ব। নতুনত্বৰ পৰশ থাকিলেও মানুহে পুৰণি গোন্ধ বিচাৰি পাব, নিজা স্বকীয়তা থাকিব বুলিও আশ্বাস প্ৰদান কৰে অভিনেতাজনে। স্মৰ্তব্য যে, দূৰদৰ্শনত ৮ বছৰ ধৰি সম্প্ৰচাৰিত হৈছিল ‘শক্তিমান’। হলিউডত ‘বেটমেন’ বা ‘ছুপাৰমেন’ৰ দৰে ‘শক্তিমান’ৰ অনুৰাগীয়ো কম নাছিল। এইবাৰ দৰ্শকৰ মাজত ‘শক্তিমান’-এ সেই একেই সমাদৰ লাভ কৰে নে নাই সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু