--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নবৈবৰ দশকৰ বহু শিশুৰ শৈশৱ ৰোমাঞ্চিত কৰি ৰখা জনপ্ৰিয় ধাৰাবাহিকৰ মাজত অন্যতম আছিল ‘শক্তিমান’। সন্ধিয়া হোৱাৰ লগে লগে ‘শক্তিমান’ৰ শব্দত কঁপি উঠিছিল টেলিভিছনৰ পৰ্দা। এই ধাৰাবাহিকখন নোচোৱা শিশু বিচাৰি উলিওৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান। প্ৰতিটো চৰিত্ৰই মনত সাঁচ বহুৱাই যোৱা ‘শক্তিমান’ৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দুৱেই আছিল মুকেশ খান্না। বহুল প্ৰচলিত আৰু জনপ্ৰিয় ধাৰাবাহিকখন পুনৰ টেলিভিছনৰ পৰ্দাত দেখিবলৈ পোৱা যাব। এই কথা সদৰী কৰিছে জনপ্ৰিয় অভিনেতা মুকেশ খান্নাই নিজে। শেহতীয়াকৈ, এক সাক্ষাৎকাৰত ধাৰাবাহিকখনৰ বিষয়ে মুকেশ খান্নাই গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। শক্তিমানৰ চৰিত্ৰৰ ওপৰত কেন্দ্ৰ কৰিয়েই ত্ৰিলজী নিৰ্মাণ কৰা হ'ব বুলি অভিনেতাজনে সদৰী কৰিছে। দীৰ্ঘদিন ধৰি এই প্ৰকল্পটোত কাম কৰি থকা মুকেশ খান্নাই কয়, ‘ কেৱল সঠিক সময়ৰ বাবে অপেক্ষা কৰি আছিলো। দৰ্শকক কথা দি কথা ৰাখিব পাৰিম বুলি ভাবিয়েই ভাল লাগিছে। স্বস্তিৰ নিশ্বাস পেলাইছো।’ স্বাভাৱিকতে, খবৰটো প্ৰকাশ পোৱাৰ পাছতে উচ্ছসিত হৈ পৰিছে শ্ৰোতা দৰ্শক। পাছে ‘শক্তিমান’ৰ চৰিত্ৰত কোনে অভিনয় কৰিব? মুকেশ খান্না থাকিব নে আন কিবা বিকল্প? তাকে লৈ এক কৌতুহলে বিৰাজ কৰিছে শ্ৰোতা দৰ্শকৰ মাজত। অৱশ্যে, এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে মুকেশ খান্না। তেওঁ কয়, ‘কাষ্টিঙৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত নতুনত্ব দেখিবলৈ পোৱা যাব। কিন্তু মূল কাহিনীৰ চিত্ৰপট একেই থাকিব।’ কেৱল সেয়াই নহয়, মুকেশে নিজকে আটাইতকৈ ডাঙৰ ছুপাৰহিৰো বুলিও অভিহিত কৰিছে। তেওঁ কয়,‘ শক্তিমানৰ দৰে শক্তি আন কাৰোৱেই নাই।’ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ‘শক্তিমান’ক এক অনন্য মাত্ৰা প্ৰদান কৰা হ’ব। নতুনত্বৰ পৰশ থাকিলেও মানুহে পুৰণি গোন্ধ বিচাৰি পাব, নিজা স্বকীয়তা থাকিব বুলিও আশ্বাস প্ৰদান কৰে অভিনেতাজনে। স্মৰ্তব্য যে, দূৰদৰ্শনত ৮ বছৰ ধৰি সম্প্ৰচাৰিত হৈছিল ‘শক্তিমান’। হলিউডত ‘বেটমেন’ বা ‘ছুপাৰমেন’ৰ দৰে ‘শক্তিমান’ৰ অনুৰাগীয়ো কম নাছিল। এইবাৰ দৰ্শকৰ মাজত ‘শক্তিমান’-এ সেই একেই সমাদৰ লাভ কৰে নে নাই সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু