--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ প্ৰকাশ পাডুকনৰ জীৱনক লৈ ছবি নিৰ্মাণ কৰিব দীপিকা পাডুকনে। দীপিকাৰ পিতৃ প্ৰকাশ পাডুকন ভাৰতৰ প্ৰাক্তন বেডমিণ্টন খেলুৱৈ। প্ৰকাশ পাডুকন অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়নশ্বিপ জয় কৰা প্ৰথম ভাৰতীয় আছিল। ১৯৮০ চনত প্ৰকাশ পাডুকন বিশ্ব বেডমিণ্টন ৰেংকিঙত ১ নম্বৰ স্থানত আছিল। তেওঁক ১৯৭২ চনত অৰ্জুন বঁটা আৰু ১৯৮২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। তেওঁ ভাৰতত অলিম্পিক ক্ৰীড়াৰ প্ৰচাৰৰ বাবে সমৰ্পিত এক ফাউণ্ডেচন অলিম্পিক গোল্ড কোৱেষ্টৰ অন্যতম সহ-প্ৰতিষ্ঠাপক। পিতৃৰ সন্দৰ্ভত কন্যা দীপিকাই কয় "মোৰ দেউতাই নিজৰ জীৱনত বহু সংগ্ৰাম কৰিছে। দেউতাই এটা বিবাহ ভৱনতে বেডমিণ্টনৰ প্ৰেক্টিছ কৰিছিল। দেউতাৰ বাবে সেয়াই আছিল বেডমিণ্টন কোৰ্ট। তেওঁ প্ৰকৃততে তেওঁৰ অসুবিধাবোৰ নিজৰ সুবিধা বুলি ভাবিয়েই ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত খেলুৱৈসকলে পোৱা সুবিধাসমূহ যদি মোৰ দেউতাইও পালেহেঁতেন তেতিয়া তেওঁ আৰু বহু বেছি দূৰলৈকে আগুৱাব পাৰিলেহেঁতেন। ১৯৮৩ত ভাৰতে ক্ৰিকেট বিশ্বকাপ জয় কৰাৰ আগত মোৰ দেউতা প্ৰথম ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত এজন আছিল যিয়ে ভাৰতীয় ক্ৰীড়াক গোলকীয় মানচিত্ৰত স্থান দিছিল। তেওঁ ১৯৮১ চনত বিশ্ব চেম্পিয়নশ্বিপ জিকিছিল।" উল্লেখ্য যে দীপিকা পাডুকনক শেহতীয়াকৈ গেহৰাইয়া চলচ্চিত্ৰত দেখা গৈছিল। চিনেমাখনক লৈ দৰ্শকসকল হতাশ হ'ল। অভিনেত্ৰীগৰাকীয়ে ক্ৰীড়াভিত্তিক চিনেমা '৮৩'ত সহ-প্ৰযোজনা আৰু অভিনয় কৰিছিল য'ত তেওঁৰ স্বামী ৰণবীৰ সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ বাহিৰেও দীপিকাই চলচ্চিত্ৰ নিৰ্মাতা নাগ অশ্বিনৰ 'প্ৰজেক্ট কে' শীৰ্ষক এখন বিজ্ঞান কল্পকাহিনীৰ চলচ্চিত্ৰত প্ৰভাসৰ বিপৰীতে অভিনয় কৰিবলৈ সাজু হৈছে। তেওঁক অমিতাভ বচ্চনৰ সৈতে হলিউডৰ ছবি 'দ্য ইণ্টাৰ্ণ'ৰ হিন্দী ৰিমেকতো দেখা যাব। চিনেমাখনৰ বাবে প্ৰথমতে ঋষি কাপুৰলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল কিন্তু তেওঁৰ মৃত্যুৰ পাছত অমিতাভ বচ্চনক তেওঁৰ ঠাইত লোৱা হৈছিল। সিদ্ধাৰ্থ আনন্দৰ একচন ছবি ফাইটাৰতো হৃত্বিক ৰোশনৰ সৈতে অভিনয় কৰিব দীপিকা পাডুকনে আৰু মহাভাৰতত তেওঁ দ্ৰৌপদী চৰিত্ৰ ৰূপায়ন কৰিব। আৰু পঢ়কঃ পুৱা ফুৰিবলৈ গৈছিল পত্নী,সন্ধিয়া ঘূৰি আহি বিছনাত দেখে অৰ্ধনগ্ন যুৱতীৰ মৃতদেহ!

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু