--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ প্ৰকাশ পাডুকনৰ জীৱনক লৈ ছবি নিৰ্মাণ কৰিব দীপিকা পাডুকনে। দীপিকাৰ পিতৃ প্ৰকাশ পাডুকন ভাৰতৰ প্ৰাক্তন বেডমিণ্টন খেলুৱৈ। প্ৰকাশ পাডুকন অল ইংলেণ্ড অপেন বেডমিণ্টন চেম্পিয়নশ্বিপ জয় কৰা প্ৰথম ভাৰতীয় আছিল। ১৯৮০ চনত প্ৰকাশ পাডুকন বিশ্ব বেডমিণ্টন ৰেংকিঙত ১ নম্বৰ স্থানত আছিল। তেওঁক ১৯৭২ চনত অৰ্জুন বঁটা আৰু ১৯৮২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। তেওঁ ভাৰতত অলিম্পিক ক্ৰীড়াৰ প্ৰচাৰৰ বাবে সমৰ্পিত এক ফাউণ্ডেচন অলিম্পিক গোল্ড কোৱেষ্টৰ অন্যতম সহ-প্ৰতিষ্ঠাপক। পিতৃৰ সন্দৰ্ভত কন্যা দীপিকাই কয় "মোৰ দেউতাই নিজৰ জীৱনত বহু সংগ্ৰাম কৰিছে। দেউতাই এটা বিবাহ ভৱনতে বেডমিণ্টনৰ প্ৰেক্টিছ কৰিছিল। দেউতাৰ বাবে সেয়াই আছিল বেডমিণ্টন কোৰ্ট। তেওঁ প্ৰকৃততে তেওঁৰ অসুবিধাবোৰ নিজৰ সুবিধা বুলি ভাবিয়েই ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত খেলুৱৈসকলে পোৱা সুবিধাসমূহ যদি মোৰ দেউতাইও পালেহেঁতেন তেতিয়া তেওঁ আৰু বহু বেছি দূৰলৈকে আগুৱাব পাৰিলেহেঁতেন। ১৯৮৩ত ভাৰতে ক্ৰিকেট বিশ্বকাপ জয় কৰাৰ আগত মোৰ দেউতা প্ৰথম ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত এজন আছিল যিয়ে ভাৰতীয় ক্ৰীড়াক গোলকীয় মানচিত্ৰত স্থান দিছিল। তেওঁ ১৯৮১ চনত বিশ্ব চেম্পিয়নশ্বিপ জিকিছিল।" উল্লেখ্য যে দীপিকা পাডুকনক শেহতীয়াকৈ গেহৰাইয়া চলচ্চিত্ৰত দেখা গৈছিল। চিনেমাখনক লৈ দৰ্শকসকল হতাশ হ'ল। অভিনেত্ৰীগৰাকীয়ে ক্ৰীড়াভিত্তিক চিনেমা '৮৩'ত সহ-প্ৰযোজনা আৰু অভিনয় কৰিছিল য'ত তেওঁৰ স্বামী ৰণবীৰ সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ বাহিৰেও দীপিকাই চলচ্চিত্ৰ নিৰ্মাতা নাগ অশ্বিনৰ 'প্ৰজেক্ট কে' শীৰ্ষক এখন বিজ্ঞান কল্পকাহিনীৰ চলচ্চিত্ৰত প্ৰভাসৰ বিপৰীতে অভিনয় কৰিবলৈ সাজু হৈছে। তেওঁক অমিতাভ বচ্চনৰ সৈতে হলিউডৰ ছবি 'দ্য ইণ্টাৰ্ণ'ৰ হিন্দী ৰিমেকতো দেখা যাব। চিনেমাখনৰ বাবে প্ৰথমতে ঋষি কাপুৰলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল কিন্তু তেওঁৰ মৃত্যুৰ পাছত অমিতাভ বচ্চনক তেওঁৰ ঠাইত লোৱা হৈছিল। সিদ্ধাৰ্থ আনন্দৰ একচন ছবি ফাইটাৰতো হৃত্বিক ৰোশনৰ সৈতে অভিনয় কৰিব দীপিকা পাডুকনে আৰু মহাভাৰতত তেওঁ দ্ৰৌপদী চৰিত্ৰ ৰূপায়ন কৰিব। আৰু পঢ়কঃ পুৱা ফুৰিবলৈ গৈছিল পত্নী,সন্ধিয়া ঘূৰি আহি বিছনাত দেখে অৰ্ধনগ্ন যুৱতীৰ মৃতদেহ!

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু