--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এজন বন বিষয়াৰ বাসভৱনত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অবৈধ ধন৷ ধনকুবেৰৰূপী এই বিষয়াজনৰ ঘৰত চলিছে অবৈধ ধনৰ অনুসন্ধান৷ যেনিতেনি ওলাইছে কেৱল টকা আৰু টকা৷ টকাৰ পাহাৰ দেখি স্তম্ভিত তদন্তকাৰী বিষয়াৰ দল৷ বিষয়াজনৰ ঘৰত ইমানেই ধন মজুত আছিল যে সেই ধনৰ গণনা কৰিবলৈ আনিবলগীয়া হৈছে যন্ত্ৰও৷ টকা গণি গণি ভাগৰি পৰিছে ইডিৰ বিষয়া৷

বুধবাৰে উত্তৰাখণ্ডত প্ৰৱৰ্তন সঞ্চালকালয়ে চলাইছে বিশেষ অভিযান৷ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা হৰক সিঙৰ চৌহদত অভিযান অব্যাহত ৰখাৰ সময়তে ইডিয়ে আইএফএছ বিষয়া সুশান্ত পাটনায়কৰ ঘৰতো চলাইছে মাৰাথন অভিযান। প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়াসকলে জব্দ কৰা সম্পত্তিৰ পৰিমাণ এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই, কিন্তু বিষয়াসকলে নোটগণনা যন্ত্ৰ এটা লৈ সুশান্ত পাটনায়কৰ বাসগৃহত উপস্থিত হৈছে।

ইডি বিষয়াসকল আইএফএছ বিষয়া সুশান্ত পাটনায়কৰ বাসগৃহত প্ৰায় ৮ ঘণ্টা ধৰি অভিযান চলাই আছে৷ সূত্ৰ অনুসৰি, এতিয়ালৈকে বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। সুশান্ত পাটনায়কৰ বাসগৃহত নথিপত্ৰও পৰীক্ষা কৰা হৈছে।

শেষবাৰৰ বাবে আইএফএছ বিষয়া সুশান্ত পাটনায়ক চৰ্চালৈ আহিছিল যেতিয়া এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে শাৰীৰিক উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছিল। 

এতিয়া বুধবাৰে পুৱাৰ পৰা সুশান্ত পাটনায়কৰ বাসগৃহত ইডি বিষয়াসকল উপস্থিত আছে। অৱশ্যে, ইডিৰ কোন বিষয়াই অনুসন্ধান কৰিবলৈ আহিছে সেয়া ৰাজহুৱা কৰা হোৱা নাই৷ লগতে, প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়াসকলেও এতিয়ালৈকে কোনো তথ্য ৰাজহুৱা কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু