--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এজন বন বিষয়াৰ বাসভৱনত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অবৈধ ধন৷ ধনকুবেৰৰূপী এই বিষয়াজনৰ ঘৰত চলিছে অবৈধ ধনৰ অনুসন্ধান৷ যেনিতেনি ওলাইছে কেৱল টকা আৰু টকা৷ টকাৰ পাহাৰ দেখি স্তম্ভিত তদন্তকাৰী বিষয়াৰ দল৷ বিষয়াজনৰ ঘৰত ইমানেই ধন মজুত আছিল যে সেই ধনৰ গণনা কৰিবলৈ আনিবলগীয়া হৈছে যন্ত্ৰও৷ টকা গণি গণি ভাগৰি পৰিছে ইডিৰ বিষয়া৷

বুধবাৰে উত্তৰাখণ্ডত প্ৰৱৰ্তন সঞ্চালকালয়ে চলাইছে বিশেষ অভিযান৷ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা হৰক সিঙৰ চৌহদত অভিযান অব্যাহত ৰখাৰ সময়তে ইডিয়ে আইএফএছ বিষয়া সুশান্ত পাটনায়কৰ ঘৰতো চলাইছে মাৰাথন অভিযান। প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়াসকলে জব্দ কৰা সম্পত্তিৰ পৰিমাণ এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই, কিন্তু বিষয়াসকলে নোটগণনা যন্ত্ৰ এটা লৈ সুশান্ত পাটনায়কৰ বাসগৃহত উপস্থিত হৈছে।

ইডি বিষয়াসকল আইএফএছ বিষয়া সুশান্ত পাটনায়কৰ বাসগৃহত প্ৰায় ৮ ঘণ্টা ধৰি অভিযান চলাই আছে৷ সূত্ৰ অনুসৰি, এতিয়ালৈকে বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। সুশান্ত পাটনায়কৰ বাসগৃহত নথিপত্ৰও পৰীক্ষা কৰা হৈছে।

শেষবাৰৰ বাবে আইএফএছ বিষয়া সুশান্ত পাটনায়ক চৰ্চালৈ আহিছিল যেতিয়া এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে শাৰীৰিক উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছিল। 

এতিয়া বুধবাৰে পুৱাৰ পৰা সুশান্ত পাটনায়কৰ বাসগৃহত ইডি বিষয়াসকল উপস্থিত আছে। অৱশ্যে, ইডিৰ কোন বিষয়াই অনুসন্ধান কৰিবলৈ আহিছে সেয়া ৰাজহুৱা কৰা হোৱা নাই৷ লগতে, প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়াসকলেও এতিয়ালৈকে কোনো তথ্য ৰাজহুৱা কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক