--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি কাৰোবাৰ  বিয়া ২৬  মাৰ্চ, ২০১০ -ৰ পিছত হৈছে , তেন্তে তেনে বিবাহ  পঞ্জীয়ন কৰিব লাগিব। যিসকলে ইতিমধ্যে সেয়া কৰিছে তেওঁলোকে পুনৰ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নহ'ব। এই ব্যৱস্থা উত্তৰাখণ্ড বিধানসভাত উত্থাপন কৰা ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বিধেয়কত আছে।আজি উত্তৰাখণ্ড বিধানসভাত উত্তপ্ত আলোচনাৰ পিছত  ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বিধেয়কখন গৃহীত কৰা হয়। এই বিধেয়কৰ মতে যদি কাৰোবাৰ  বিয়া ২৬  মাৰ্চ, ২০১০ -ৰ পিছত হৈছে , তেন্তে তেনে বিবাহ  পঞ্জীয়ন কৰাটো বাধ্যতামূলক। 

মনকৰিবলগীয়া কথাটো হ'ল আইনখন ৰূপায়ণ হোৱাৰ  ছমাহৰ ভিতৰত বিবাহৰ  পঞ্জীয়ন নকৰা সকলৰ ওপৰত ১০,০০০ টকাৰ জৰিমনা আৰোপ কৰা হ'ব। যিসকলে পঞ্জীয়নত মিছা তথ্য দিয়ে তেওঁলোকৰ বিৰুদ্ধে  ২৫,০০০ টকাৰ জৰিমনা আৰোপ কৰা হ'ব। ইউচিচিত এই কথা  স্পষ্ট কৰা হৈছে  যে যদি বিবাহ সম্প্ন হোৱা  মহিলা বা পুৰুষ ৰাজ্যখনৰ বাসিন্দা হয়, তেন্তে তেওঁৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব।২৬  মাৰ্চ, ২০১০ লৈকে পঞ্জীয়ন নোহোৱা বিবাহবোৰ (উত্তৰাখণ্ড বাধ্যতামূলক বিবাহ পঞ্জীয়ন আইন) ইউচিচি কাৰ্যকৰী হোৱাৰ ছমাহৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। যিসকল ইতিমধ্যে পঞ্জীয়ন কৰিছে তেওঁলোকে আইনখন আৰম্ভ হোৱাৰ ছমাহৰ ভিতৰত উপ-পঞ্জীয়কৰ কাৰ্যালয়ত এই বিষয়ত ঘোষণাপত্ৰ দাখিল কৰিব লাগিব। ২০১০  চনৰ পূৰ্বৰ দম্পতীসকলে ইচ্ছা কৰিলে তেওঁলোকৰ বিবাহৰ পঞ্জীয়ন কৰিব পাৰিব।  

ইউচিচি কাৰ্যকৰী হোৱাৰ পিছত, স্বামী আৰু পত্নীয়ে একেলগে এখন প্ৰপত্ৰ পূৰণ কৰিব লাগিব । তেওঁলোকে বিবাহৰ তাৰিখৰ পৰা ৬০  দিনৰ ভিতৰত উপ-পঞ্জীয়কৰ সন্মুখতহাজিৰ হ’ব লাগিব।   চৰ্তটো হ'ল যে দুয়োগৰাকীৰ মাজৰে এগৰাকী  ৰাজ্যখনত বাস কৰা হ’লে এই নিয়ম মানিব লাগিব।। একেদৰে, ২০১০  চনৰ আগৰ দম্পতীসকলৰ বাবেও কিছুমান আনুষ্ঠানিকতা থাকিব।চৰকাৰে এনেবোৰ বিষয় চোৱা-চিতাৰ বাবে  উপ-পঞ্জীয়ক, পঞ্জীয়ক, পঞ্জীয়ক জেনেৰেল নিয়োগ কৰিব।

ইউচিচিৰ অধীনত ৰাজ্য চৰকাৰে এজন সচিব পৰ্যায়ৰ বিষয়াক মহাপঞ্জীয়ক হিচাপে নিযুক্তি দিব। ইয়াৰ পিছত উপ সংগ্ৰাহকৰ পৰ্যায়লৈকে বিষয়াসকলক বিভিন্ন  অঞ্চলৰ বাবে পঞ্জীয়ক আৰু উপ পঞ্জীয়ক হিচাপে নিযুক্তি দিয়া হ'ব।
 
যিকোনো ব্যক্তিয়ে বিবাহ সম্পন্ন হোৱাৰ পিছত ইচ্ছাকৃতভাৱে পঞ্জীয়ন নকৰিলে বা পঞ্জীয়নত অৱহেলা কৰিলে  তেওঁলোকক উপ-পঞ্জীয়কে ১০,০০০ টকালৈকে জৰিমনা বিহিব পাৰিব।  পঞ্জীয়নত মিছা তথ্য বা জাল নথি পত্ৰ প্ৰদান কৰা ব্যক্তিক  তিনি মাহলৈকে কাৰাবাস বা ২৫,০০০  টকা লৈকে জৰিমনা বিহা হ'ব পাৰে বা দুয়োটাই কাৰ্যকৰী কৰা হ’ব পাৰে। একেদৰে ১৫  দিনৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়াৰ বিষয়ত  ব্যৱস্থা গ্ৰহণ নকৰা উপ-পঞ্জীয়ককো ২৫,০০০ টকালৈকে জৰিমনা বিহা হ'ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু