--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দ্য কাশ্মীৰ ফাইলছ'ৰ কলাকুশলীসকলক নিমন্ত্ৰণ নকৰাৰ বাবে চৰ্চাত আছিল জনপ্ৰিয় টিভি অনুষ্ঠান 'দ্য কপিল শৰ্মা শ্ব'। ইয়াকে লৈ যথেষ্ট বিতৰ্ক হৈছিল, যাৰ বাবে টুইটাৰত বয়কট কপিল শৰ্মা শ্ব ট্ৰেণ্ডিং আৰম্ভ হৈছিল। ইতিমধ্যে বিতৰ্ক শেষ হৈছে কিন্তু এতিয়া খবৰ আহিছে যে কপিলৰ অনুষ্ঠান সোনকালেই বন্ধ হ'ব। ইয়াৰ অৰ্থ হৈছে যে এতিয়া দৰ্শকে প্ৰতি সপ্তাহত হাঁহিৰ মহৌষধ নাপাব। 'দ্য কপিল শৰ্মা শ্ব' দূৰদৰ্শনৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত এটা। প্ৰতি সপ্তাহত প্ৰখ্যাত তাৰকাসকল এই শ্ব'লৈ অতিথি হিচাপে আহে আৰু শ্ব'টো যথেষ্ট মনোৰঞ্জনেৰে ভৰি থাকে। ছ'চিয়েল মিডিয়াত কপিল শৰ্মাই কৰা এটা পোষ্টৰ পাছত অনুষ্ঠানটো বন্ধ হোৱাৰ আলোচনা দ্ৰুতগতিত চলিছে। দৰাচলতে কপিলে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো শ্বেয়াৰ কৰি তেওঁৰ আমেৰিকা-কানাডা ভ্ৰমণৰ বিষয়ে এটা ঘোষণা কৰিছে। কপিলে পোষ্টটোৰ সৈতে লিখিছে যে ''২০২২ চনত আমেৰিকা-কানাডা ভ্ৰমণৰ বিষয়ে ঘোষণা কৰিবলৈ পাই মই অত্যন্ত সুখী। মই সোনকালেই আপোনালোকক লগ পাম।'' উল্লেখ্য যে ভ্ৰমণটো ১১ জুনৰ পৰা আৰম্ভ হ'ব আৰু ৩ জুলাইলৈকে চলিব। কপিলৰ এই পোষ্টটোৰ পৰা অনুমান কৰা হৈছে যে সোনকালেই অনুষ্ঠানটো কিছু সময়ৰ বাবে বন্ধ কৰা হ'ব। অৱশ্যে তাৰপাছত অনুষ্ঠানটো নতুন চিজনৰ সৈতে পুনৰ ঘূৰি আহিব বুলি আশা কৰিছে দৰ্শক তথা অনুৰাগীসকলে। অৱশ্যে সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই। কপিলৰ উপৰিও 'দ্য কপিল শৰ্মা শ্ব'ত কিকু শিৰদা, কৃষ্ণা অভিষেক, সুমনা চক্ৰৱৰ্তী, চন্দন প্ৰভাকৰ আৰু অৰ্চনা পুৰাণ সিঙে দৰ্শকক মনোৰঞ্জন দিয়ে। আৰু পঢ়কঃ জাতীয় প্ৰেম! অফিচিয়েল কাম-কাজত বাধ্যতামূলক হ’ল মাৰাঠী ভাষা, হিন্দী-ইংৰাজী নিষিদ্ধ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক