--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দ্য কাশ্মীৰ ফাইলছ'ৰ কলাকুশলীসকলক নিমন্ত্ৰণ নকৰাৰ বাবে চৰ্চাত আছিল জনপ্ৰিয় টিভি অনুষ্ঠান 'দ্য কপিল শৰ্মা শ্ব'। ইয়াকে লৈ যথেষ্ট বিতৰ্ক হৈছিল, যাৰ বাবে টুইটাৰত বয়কট কপিল শৰ্মা শ্ব ট্ৰেণ্ডিং আৰম্ভ হৈছিল। ইতিমধ্যে বিতৰ্ক শেষ হৈছে কিন্তু এতিয়া খবৰ আহিছে যে কপিলৰ অনুষ্ঠান সোনকালেই বন্ধ হ'ব। ইয়াৰ অৰ্থ হৈছে যে এতিয়া দৰ্শকে প্ৰতি সপ্তাহত হাঁহিৰ মহৌষধ নাপাব। 'দ্য কপিল শৰ্মা শ্ব' দূৰদৰ্শনৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত এটা। প্ৰতি সপ্তাহত প্ৰখ্যাত তাৰকাসকল এই শ্ব'লৈ অতিথি হিচাপে আহে আৰু শ্ব'টো যথেষ্ট মনোৰঞ্জনেৰে ভৰি থাকে। ছ'চিয়েল মিডিয়াত কপিল শৰ্মাই কৰা এটা পোষ্টৰ পাছত অনুষ্ঠানটো বন্ধ হোৱাৰ আলোচনা দ্ৰুতগতিত চলিছে। দৰাচলতে কপিলে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো শ্বেয়াৰ কৰি তেওঁৰ আমেৰিকা-কানাডা ভ্ৰমণৰ বিষয়ে এটা ঘোষণা কৰিছে। কপিলে পোষ্টটোৰ সৈতে লিখিছে যে ''২০২২ চনত আমেৰিকা-কানাডা ভ্ৰমণৰ বিষয়ে ঘোষণা কৰিবলৈ পাই মই অত্যন্ত সুখী। মই সোনকালেই আপোনালোকক লগ পাম।'' উল্লেখ্য যে ভ্ৰমণটো ১১ জুনৰ পৰা আৰম্ভ হ'ব আৰু ৩ জুলাইলৈকে চলিব। কপিলৰ এই পোষ্টটোৰ পৰা অনুমান কৰা হৈছে যে সোনকালেই অনুষ্ঠানটো কিছু সময়ৰ বাবে বন্ধ কৰা হ'ব। অৱশ্যে তাৰপাছত অনুষ্ঠানটো নতুন চিজনৰ সৈতে পুনৰ ঘূৰি আহিব বুলি আশা কৰিছে দৰ্শক তথা অনুৰাগীসকলে। অৱশ্যে সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই। কপিলৰ উপৰিও 'দ্য কপিল শৰ্মা শ্ব'ত কিকু শিৰদা, কৃষ্ণা অভিষেক, সুমনা চক্ৰৱৰ্তী, চন্দন প্ৰভাকৰ আৰু অৰ্চনা পুৰাণ সিঙে দৰ্শকক মনোৰঞ্জন দিয়ে। আৰু পঢ়কঃ জাতীয় প্ৰেম! অফিচিয়েল কাম-কাজত বাধ্যতামূলক হ’ল মাৰাঠী ভাষা, হিন্দী-ইংৰাজী নিষিদ্ধ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু