--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দ্য কাশ্মীৰ ফাইলছ'ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ইতিমধ্যে মৃত্যুৰ ভাবুকি পাইছিল কিছুদিন পূৰ্বে। পৰিচালকগৰাকীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে তেওঁক 'ৱাই' শ্ৰেণীৰ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰি দিছিল। কিন্তু তাৰ আগতে বিবেকৰ কাৰ্যালয়ত দুজন অচিনাক্ত ব্যক্তিয়ে আক্ৰমণ কৰিছিল। ইমানদিনে এই বিষয়ে ৰাজহুৱাভাৱে তেওঁ কোনো ধৰণৰ মন্তব্য নকৰিলেও শেহতীয়াকৈ এটা সংবাদ মাধ্যমত এই আক্ৰমণৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছে। ‘ দ্য কাশ্মীৰ ফাইলছ’-ৰ মুক্তিলাভৰ পাছৰ পৰাই মই বাৰে বাৰে নানা অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হৈ আহিছো। ’ বিবেক অগ্নিহোত্ৰীয়ে কয়, ‘কেইদিনমান আগতে, হঠাত্‍ দুজন মানুহে মোৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল যেতিয়া মই আৰু মোৰ পত্নী কাৰ্যালয়ত নাছিলো। কাৰ্যালয়ত মোৰ মেনেজাৰৰ লগতে এগৰাকী মধ্যবয়স্ক মহিলা উপস্থিত আছিল। তেওঁলোকক কাৰ্যালয়ৰ ভিতৰলৈ ঠেলা মাৰি সোমাই আহিছিল দুষ্কৃতিকাৰী। মই কেতিয়াও এই বিষয়ে কাকো কোৱা নাছিলো। বিচৰা নাছিলো এজনো নিৰাপত্তাৰক্ষী। কিন্তু এজন পৰিচালকৰ ক্ষেত্ৰত এনে ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক। ইফালে, ছবিখনে ইতিমধ্যে ব’ক্স অফিচত ২০০ কোটিতকৈ অধিক ব্যৱসায়েৰে অভিলেখ গঢ়‌িছে। 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ প্ৰশংসাত পঞ্চমুখ সমগ্ৰ বলীউডত। প্ৰখ্যাত তাৰকাসকলে ছবিখনক লৈ কৰিছে ভূয়সী প্ৰশংসা। অলপতে, আমিৰ খানে দেশৰ প্ৰতিজন নাগৰিককে এই ছবিখন চাবলৈ অনুৰোধ জনাইছিল। আমিৰে কৈছিল, ‘কাশ্মীৰী পণ্ডিতসকলৰ সৈতে যি ঘটিছে সেয়া সঁচাকৈয়ে দুখঃজনক। এই ঘটনাটো ভাৰতীয় ইতিহাসৰ এক হৃদয়বিদারক ঘটনা। এই ঘটনাটোৱে গভীৰ আঘাতৰ জন্ম দিছিল। মই ভাবো এনেকোৱা এটা বিষয়বস্তুক লৈ এনে ছবি প্ৰস্তুত কৰাটো উচিত আছিল। ছবিখনৰ প্ৰতিজন কলা-কুশলীলৈ অভিনন্দন। ’ [caption id="attachment_139607" align="alignleft" width="300"]কাশ্মীৰ ফাইলছ' - the kashmir files - latest news 'কাশ্মীৰ ফাইলছ' প্ৰতিজন ভাৰতীয়ই চোৱা উচিত,কাশ্মীৰী পণ্ডিতৰ সৈতে যি ঘটিল সেয়া অতি দুখজনকঃ আমিৰ খান[/caption] আনহাতে, বলীউড অভিনেতা নানা পাটেকাৰে 'দ্য কাশ্মীৰ ফাইলছ'ক লৈ কৰিছে বিৰূপ মন্তব্য। সাংবাদিকসকলে 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ ওপৰত তেওঁৰ পৰা মতামত জানিব বিচাৰিছিল। উত্তৰত অভিনেতাজনে কয় যে, ‘ হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকল এই ভাৰতৰে লোক। দুয়োটা সম্প্ৰদায় শান্তিত থাকিব লাগে। ইজনে সিজনৰ অবিহনে জীয়াই থাকিব নোৱাৰে। এখন ছবিয়ে এনে বিভাজনৰ সৃষ্টি কৰাটো উচিত নহয়। সকলোৱে শান্তিত থাকক। যিসকলে এনে এখন ছবিৰ জৰিয়তে এনে কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোকৰ পৰা উত্তৰ বিচাৰিব লাগে। এনে এখন ছবিয়ে আমাৰ সমাজখন টুকুৰা-টুকুৰ কৰি পেলাব পাৰে।’ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক