--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বন্ধুত্বৰ জয়গান। কাৰগাৰৰ বন্ধ কুঠৰীত দুই বন্ধুৰ আত্মীয়তাই মন মোহিছে একাংশৰ। শ্বাহৰুখৰ পুত্ৰ আৰিয়ানৰ সৈতে আৰবাজ মাৰ্চেণ্টকো ২ অক্টোবৰৰ নিশা এনচিবি-এ আটক কৰিছিল। গ্ৰেপ্তাৰৰ পাছতে আৰ্থাৰ ৰোড কাৰাগাৰত আৰিয়ান ৰ সৈতে ২৫ দিনৰ বাবে কাৰাগাৰত ৰখা হৈছে মাৰ্চেণ্টক। জানিবলৈ পোৱা মতে, আৰিয়ান ৰ ঘনিষ্ঠ বন্ধু আৰবাজ মাৰ্চেণ্টৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছে। পুত্ৰৰ অস্বাভাৱিক স্বাস্থ্যত চিন্তিত মাৰ্চেণ্ট পিতৃ। উল্লেখ্য যে, আৰবাজৰ পিতৃ পেছাত এগৰাকী অধিবক্তা। পুত্ৰৰ জামিনৰ বাবে শ্বাহৰূখৰ দৰে মাৰ্চেণ্ট পিতৃয়েও আৰ্থাৰ ৰোড কাৰাগাৰলৈ অহা-যোৱা কৰি আছে।

আৰবাজৰ সৈতে সাক্ষাৎ হোৱাৰ পাছত মাৰ্চেণ্ট পিতৃয়ে কয়, ‘মই মাৰ্চেণ্টৰ জামিনৰ বিষয়ে কথা পতাৰ উদ্দেশ্যে কাৰাগাৰলৈ গৈছিলো। মই মোৰ পুত্ৰৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত। তেওঁৰ ওজন ৭ কিলোগ্ৰামলৈ হ্ৰাস পাইছে। স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে মাৰ্চেণ্টৰ। কাৰাগাৰৰ খাদ্য ভাল নহয়। সেইবাবে মাৰ্চেণ্টে খোৱা-শোৱা সকলো ত্যাগ কৰিছে। আৰম্ভণিৰে পৰা বন্ধ কুঠৰীত বিভীষিকাময় সময় কটাই মানসিকভাৱে ভাগি পৰিছে মোৰ পুত্ৰ।’ ইফালে আৰিয়ানক লৈয়ো উদ্বিগ্ন আৰবাজ। এই সন্দৰ্ভত আৰবাজ পিতৃয়ে কয়, ‘আৰিয়ানক কাৰাগাৰত অকলে থৈ বাহিৰলৈ যাব খোজা নাই আৰবাজে। আৰিয়ানৰ যাতে একো ক্ষতি নহয় তাক লৈয়ো বেছ সচেতন আৰবাজ।’ কাৰাগাৰলৈ একেলগে আহিছো যেতিয়া একেলগে ওলাই যোৱাৰো দৃঢ় অংগীকাৰ আৰবাজ মাৰ্চেণ্টৰ। পুত্ৰৰ এই কথা শুনাৰ পাছতে আৱেগিক হৈ পৰিছে পিতৃ।

স্বাভাৱিকতে কাৰাগাৰৰ বন্ধ কুঠৰীত বন্ধুত্বৰ উত্কৃকষ্ট নিদৰ্শন দাঙি ধৰিছে আৰিয়ান-আৰবাজে।
আৰবাজৰ পিতৃয়ে কয়, 'সিহঁতৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন। সংস্থাটোৱে ইয়াৰ অনুসন্ধান কৰি আছে। ইমান দিনৰ আগতে এই বিষয়ে কোৱাটো উচিত নহয়। এইক্ষেত্ৰত এনচিবিয়ে আমাক যথেষ্ট সহায় কৰিছে। সিহঁতৰ সৈতে এনচিবি বিষয়াসকলৰ ব্যৱহাৰ বৰ ভাল। এজন অধিবক্তা হিচাপে, আদালতৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে। সত্যৰ জয় হ’বই। আৰবাজ-আৰিয়ান নিৰ্দোষ প্ৰমাণিত হ'ব মোৰ বিশ্বাস।’ উল্লেখ্য যে, আজি পুনৰ মুম্বাইত আৰিয়ানৰ জামিনৰ শুনানি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক