--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বন্ধুত্বৰ জয়গান। কাৰগাৰৰ বন্ধ কুঠৰীত দুই বন্ধুৰ আত্মীয়তাই মন মোহিছে একাংশৰ। শ্বাহৰুখৰ পুত্ৰ আৰিয়ানৰ সৈতে আৰবাজ মাৰ্চেণ্টকো ২ অক্টোবৰৰ নিশা এনচিবি-এ আটক কৰিছিল। গ্ৰেপ্তাৰৰ পাছতে আৰ্থাৰ ৰোড কাৰাগাৰত আৰিয়ান ৰ সৈতে ২৫ দিনৰ বাবে কাৰাগাৰত ৰখা হৈছে মাৰ্চেণ্টক। জানিবলৈ পোৱা মতে, আৰিয়ান ৰ ঘনিষ্ঠ বন্ধু আৰবাজ মাৰ্চেণ্টৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছে। পুত্ৰৰ অস্বাভাৱিক স্বাস্থ্যত চিন্তিত মাৰ্চেণ্ট পিতৃ। উল্লেখ্য যে, আৰবাজৰ পিতৃ পেছাত এগৰাকী অধিবক্তা। পুত্ৰৰ জামিনৰ বাবে শ্বাহৰূখৰ দৰে মাৰ্চেণ্ট পিতৃয়েও আৰ্থাৰ ৰোড কাৰাগাৰলৈ অহা-যোৱা কৰি আছে।

আৰবাজৰ সৈতে সাক্ষাৎ হোৱাৰ পাছত মাৰ্চেণ্ট পিতৃয়ে কয়, ‘মই মাৰ্চেণ্টৰ জামিনৰ বিষয়ে কথা পতাৰ উদ্দেশ্যে কাৰাগাৰলৈ গৈছিলো। মই মোৰ পুত্ৰৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত। তেওঁৰ ওজন ৭ কিলোগ্ৰামলৈ হ্ৰাস পাইছে। স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে মাৰ্চেণ্টৰ। কাৰাগাৰৰ খাদ্য ভাল নহয়। সেইবাবে মাৰ্চেণ্টে খোৱা-শোৱা সকলো ত্যাগ কৰিছে। আৰম্ভণিৰে পৰা বন্ধ কুঠৰীত বিভীষিকাময় সময় কটাই মানসিকভাৱে ভাগি পৰিছে মোৰ পুত্ৰ।’ ইফালে আৰিয়ানক লৈয়ো উদ্বিগ্ন আৰবাজ। এই সন্দৰ্ভত আৰবাজ পিতৃয়ে কয়, ‘আৰিয়ানক কাৰাগাৰত অকলে থৈ বাহিৰলৈ যাব খোজা নাই আৰবাজে। আৰিয়ানৰ যাতে একো ক্ষতি নহয় তাক লৈয়ো বেছ সচেতন আৰবাজ।’ কাৰাগাৰলৈ একেলগে আহিছো যেতিয়া একেলগে ওলাই যোৱাৰো দৃঢ় অংগীকাৰ আৰবাজ মাৰ্চেণ্টৰ। পুত্ৰৰ এই কথা শুনাৰ পাছতে আৱেগিক হৈ পৰিছে পিতৃ।

স্বাভাৱিকতে কাৰাগাৰৰ বন্ধ কুঠৰীত বন্ধুত্বৰ উত্কৃকষ্ট নিদৰ্শন দাঙি ধৰিছে আৰিয়ান-আৰবাজে।
আৰবাজৰ পিতৃয়ে কয়, 'সিহঁতৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন। সংস্থাটোৱে ইয়াৰ অনুসন্ধান কৰি আছে। ইমান দিনৰ আগতে এই বিষয়ে কোৱাটো উচিত নহয়। এইক্ষেত্ৰত এনচিবিয়ে আমাক যথেষ্ট সহায় কৰিছে। সিহঁতৰ সৈতে এনচিবি বিষয়াসকলৰ ব্যৱহাৰ বৰ ভাল। এজন অধিবক্তা হিচাপে, আদালতৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে। সত্যৰ জয় হ’বই। আৰবাজ-আৰিয়ান নিৰ্দোষ প্ৰমাণিত হ'ব মোৰ বিশ্বাস।’ উল্লেখ্য যে, আজি পুনৰ মুম্বাইত আৰিয়ানৰ জামিনৰ শুনানি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে