--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ চিকাৰীয়েই পৰিছে জালত। শ্বাহৰুখ তনয় আৰিয়ান খানক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰৰ পাছৰ পৰা ভালেমান বিতৰ্কই দেশত আলোড়ন সৃষ্টি কৰিছে। এই বিতৰ্কৰ মূল কেন্দ্ৰবিন্দু নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰোৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰে যদিও আন এটা নাম এই সংক্ৰান্তত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছিল। কে পি গোছাৱী। প্ৰাইভেট ডিটেকটিভ পৰিচয়ৰে এই চাঞ্চল্যকৰ কাণ্ডত মিডিয়াৰ নজৰলৈ অহা কে পি গোছাৱীৰ স্বৰূপ প্ৰকাশ পায় মহাৰাষ্ট্ৰ চৰকাৰৰ তথা আৰক্ষীৰ ততপৰতাৰ বাবে। কে পি গোছাৱীক এনচিবি-এ ক্ৰুজ কাণ্ডৰ সাক্ষী হিচাপে প্ৰক্ষেপ কৰিছিল যদিও বিলাসী জাহাজখনত তালাচী চলোৱাৰৰ সময়ত তেওঁৰ উপস্থিতি আৰু আনকি এনচিবিৰ জিম্মাত আৰিয়ান খান থকাৰ সময়ত আৰিয়ানৰে কে পিৰ ছেলফী ভাইৰেল হৈ পৰে আৰু এই ঘটনাক লৈ বিতৰ্ক আৰম্ভ হৈ যায়। মহাৰাষ্ট্ৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে থকা প্ৰৱঞ্চনাৰ গোচৰ সংক্ৰান্তত কে পি গোছাৱীৰ বিৰুদ্ধে লুক আউট নটিচ জাৰি কৰে আৰু তাৰ পাছৰ পৰাই কে পি গোছাৱী ৰহস্যজনকভাৱে হৈ পৰে অন্তৰ্ধান। কিন্তু এই কে পি গোছাৱী এতিয়া জালত পৰিছে। পুনে আৰক্ষীৰ হাতত ধৰা দিবলৈ বাধ্য হৈছে পলাতক অপৰাধীজন।


পুনেৰ আৰক্ষী আয়ুক্ত অমিতাভ গুপ্তই সদৰি কৰিছে যে, ‘মুম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছ কাণ্ডৰ এনচিবিৰ অন্যতম সাক্ষী কে পি গোছৱীক আটক কৰিছে আৰক্ষীয়ে।’ ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত তেওঁৰ ভালেমান আলোকচিত্ৰও প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে, কে পি গোছাৱীয়ে মু্ম্বাইৰ পৰা পলাই গৈ উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব বিচাৰিছিল যদিও সেই কাৰ্যত তেওঁ সফল নহ’ল। উপায়বিহীন হৈ পুনে আৰক্ষীৰ শৰনাপন্ন হৈছে গোছাৱী।

মন কৰিবলগীয়া যে, আৰিয়ানক গ্ৰপ্তাৰ কৰি শ্বাহৰুখৰ পৰা ২৫কোটি টকা দাবী কৰাৰ অভিযোগ লৈ গোছাৱীৰ সহযোগীয়েই শপতনামা দাখিল কৰিছিল। প্ৰভাকৰ ছাইল নামৰ গোছাৱীৰ বডীগাৰ্ড বুলি পৰিচয় দিয়া লোকজনে এনচিবিৰ বিষয়া সমীৰ ৱাংখেৰে বিৰুদ্ধেও আনিছিল গুৰুতৰ অভিযোগ। প্ৰভাকৰৰ অভিযোগ অনুসৰি তেওঁৰ পৰা সমীৰ ৱাংখেৰেই উকা কাগজত তেওঁৰ পৰা স্বাক্ষৰ গ্ৰহণ কৰিছিল। তদুপৰি ২৫কোটি দাবী কৰাৰ পাছত ১৮ কোটি আৰিয়ান কাণ্ডৰ ডীল ঠিক হোৱা বুলিও অভিযোগ আনিছিল। এই ১৮ কোটিৰ ৮কোটি দিয়াৰ কথা আছিল সমীৰ ৱাংখেৰেক। এনে গুৰুতৰ অভিযোগৰ পাছত সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে এনচিবিৰ ভিজিলেন্সে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। সমীৰৰ দুজনকৈ সাক্ষী এনেদৰে মহাৰাষ্ট্ৰ আৰক্ষীৰ হাতলৈ অহাৰ পাছত সমীৰ ৱাংখেৰে বিপদত পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। প্ৰভাকৰৰ দৰে এতিয়া কে পি গোছাৱীয়েও যদি সমীৰ ৱাংখেৰৰ বিৰুদ্ধে আৰক্ষীৰ তদন্তত সমীৰৰ বিৰুদ্ধে মুখ খোলে তেন্তে এইবাৰ সমীৰ ৱাংখেৰে বিপদত পৰাটো নিশ্চিত।

মন কৰিবলগীয়া যে, বাৰে বাৰে বলীউড তাৰকাসকলক এনচিবি-এ হাৰাশাস্তি কৰি থকাৰ অভিযোগত মহাৰাষ্ট্ৰ চৰকাৰে মুকলিলৈ এনচিবিৰ বিৰোধিতা কৰা দেখা গৈছে। কেৱল এয়াই নহয়, মন্ত্ৰী নৱাব মালিকে নানা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এনচিবিৰ বিষয়া সসমীৰ ৱাংখেৰেৰ বিৰুদ্ধে। সমীৰ ৱাংখেৰেই ভুৱা গোচৰ প্ৰস্তুত কৰি তাৰকাক ব্লেকমেইলিং কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে। তেওঁ বিজেপিৰ হৈ কাম কৰি থকাৰ অভিযোগো আনিছে নেতাগৰাকীয়ে। শেহতীয়াকৈ মুম্বাই আৰক্ষীয়ে সমীৰ ৱাংখেৰেৰ বিৰু্দ্ধে উঠা ধন দাবীৰ অভিযোগৰ তদন্তৰ বাবে বিশেষ গোট গঠন কৰিছে। এনে পৰিপ্ৰেক্ষিতত কে পি গোছাৱীয়ে যদি সমীৰৰ বিৰুদ্ধে মুখ খোলে তেন্তে তেওঁ অধিক শলঠেকত পৰাটো নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে