--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ চিকাৰীয়েই পৰিছে জালত। শ্বাহৰুখ তনয় আৰিয়ান খানক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰৰ পাছৰ পৰা ভালেমান বিতৰ্কই দেশত আলোড়ন সৃষ্টি কৰিছে। এই বিতৰ্কৰ মূল কেন্দ্ৰবিন্দু নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰোৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰে যদিও আন এটা নাম এই সংক্ৰান্তত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছিল। কে পি গোছাৱী। প্ৰাইভেট ডিটেকটিভ পৰিচয়ৰে এই চাঞ্চল্যকৰ কাণ্ডত মিডিয়াৰ নজৰলৈ অহা কে পি গোছাৱীৰ স্বৰূপ প্ৰকাশ পায় মহাৰাষ্ট্ৰ চৰকাৰৰ তথা আৰক্ষীৰ ততপৰতাৰ বাবে। কে পি গোছাৱীক এনচিবি-এ ক্ৰুজ কাণ্ডৰ সাক্ষী হিচাপে প্ৰক্ষেপ কৰিছিল যদিও বিলাসী জাহাজখনত তালাচী চলোৱাৰৰ সময়ত তেওঁৰ উপস্থিতি আৰু আনকি এনচিবিৰ জিম্মাত আৰিয়ান খান থকাৰ সময়ত আৰিয়ানৰে কে পিৰ ছেলফী ভাইৰেল হৈ পৰে আৰু এই ঘটনাক লৈ বিতৰ্ক আৰম্ভ হৈ যায়। মহাৰাষ্ট্ৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে থকা প্ৰৱঞ্চনাৰ গোচৰ সংক্ৰান্তত কে পি গোছাৱীৰ বিৰুদ্ধে লুক আউট নটিচ জাৰি কৰে আৰু তাৰ পাছৰ পৰাই কে পি গোছাৱী ৰহস্যজনকভাৱে হৈ পৰে অন্তৰ্ধান। কিন্তু এই কে পি গোছাৱী এতিয়া জালত পৰিছে। পুনে আৰক্ষীৰ হাতত ধৰা দিবলৈ বাধ্য হৈছে পলাতক অপৰাধীজন।


পুনেৰ আৰক্ষী আয়ুক্ত অমিতাভ গুপ্তই সদৰি কৰিছে যে, ‘মুম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছ কাণ্ডৰ এনচিবিৰ অন্যতম সাক্ষী কে পি গোছৱীক আটক কৰিছে আৰক্ষীয়ে।’ ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত তেওঁৰ ভালেমান আলোকচিত্ৰও প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে, কে পি গোছাৱীয়ে মু্ম্বাইৰ পৰা পলাই গৈ উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব বিচাৰিছিল যদিও সেই কাৰ্যত তেওঁ সফল নহ’ল। উপায়বিহীন হৈ পুনে আৰক্ষীৰ শৰনাপন্ন হৈছে গোছাৱী।

মন কৰিবলগীয়া যে, আৰিয়ানক গ্ৰপ্তাৰ কৰি শ্বাহৰুখৰ পৰা ২৫কোটি টকা দাবী কৰাৰ অভিযোগ লৈ গোছাৱীৰ সহযোগীয়েই শপতনামা দাখিল কৰিছিল। প্ৰভাকৰ ছাইল নামৰ গোছাৱীৰ বডীগাৰ্ড বুলি পৰিচয় দিয়া লোকজনে এনচিবিৰ বিষয়া সমীৰ ৱাংখেৰে বিৰুদ্ধেও আনিছিল গুৰুতৰ অভিযোগ। প্ৰভাকৰৰ অভিযোগ অনুসৰি তেওঁৰ পৰা সমীৰ ৱাংখেৰেই উকা কাগজত তেওঁৰ পৰা স্বাক্ষৰ গ্ৰহণ কৰিছিল। তদুপৰি ২৫কোটি দাবী কৰাৰ পাছত ১৮ কোটি আৰিয়ান কাণ্ডৰ ডীল ঠিক হোৱা বুলিও অভিযোগ আনিছিল। এই ১৮ কোটিৰ ৮কোটি দিয়াৰ কথা আছিল সমীৰ ৱাংখেৰেক। এনে গুৰুতৰ অভিযোগৰ পাছত সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে এনচিবিৰ ভিজিলেন্সে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। সমীৰৰ দুজনকৈ সাক্ষী এনেদৰে মহাৰাষ্ট্ৰ আৰক্ষীৰ হাতলৈ অহাৰ পাছত সমীৰ ৱাংখেৰে বিপদত পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। প্ৰভাকৰৰ দৰে এতিয়া কে পি গোছাৱীয়েও যদি সমীৰ ৱাংখেৰৰ বিৰুদ্ধে আৰক্ষীৰ তদন্তত সমীৰৰ বিৰুদ্ধে মুখ খোলে তেন্তে এইবাৰ সমীৰ ৱাংখেৰে বিপদত পৰাটো নিশ্চিত।

মন কৰিবলগীয়া যে, বাৰে বাৰে বলীউড তাৰকাসকলক এনচিবি-এ হাৰাশাস্তি কৰি থকাৰ অভিযোগত মহাৰাষ্ট্ৰ চৰকাৰে মুকলিলৈ এনচিবিৰ বিৰোধিতা কৰা দেখা গৈছে। কেৱল এয়াই নহয়, মন্ত্ৰী নৱাব মালিকে নানা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এনচিবিৰ বিষয়া সসমীৰ ৱাংখেৰেৰ বিৰুদ্ধে। সমীৰ ৱাংখেৰেই ভুৱা গোচৰ প্ৰস্তুত কৰি তাৰকাক ব্লেকমেইলিং কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে। তেওঁ বিজেপিৰ হৈ কাম কৰি থকাৰ অভিযোগো আনিছে নেতাগৰাকীয়ে। শেহতীয়াকৈ মুম্বাই আৰক্ষীয়ে সমীৰ ৱাংখেৰেৰ বিৰু্দ্ধে উঠা ধন দাবীৰ অভিযোগৰ তদন্তৰ বাবে বিশেষ গোট গঠন কৰিছে। এনে পৰিপ্ৰেক্ষিতত কে পি গোছাৱীয়ে যদি সমীৰৰ বিৰুদ্ধে মুখ খোলে তেন্তে তেওঁ অধিক শলঠেকত পৰাটো নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক