--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পশ্চিমবংগৰ বীৰভূমৰ ঘটনাই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হিংসা-প্ৰতিহিংসাৰ জুইত তগবগাই জ্বলিছে বীৰভূমৰ বগটুইত আঠ জনকৈ লোকক জীৱন্তে জ্বলাই দিয়াৰ পাছত পৰিস্থিতিয়ে অতি উত্তেজনাময় ৰূপ ধাৰণ কৰিছে। এই ঘটনাক লৈ ৰাজ্যখনৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ আৰু বিৰোধী দল বিজেপিয়ে যুযুধান ৰূপ ধাৰণ কৰিছে। শাসক-বিৰোধীৰ অভিযোগ প্ৰতি অভিযোগৰ মাজতে এতিয়া মাত মাতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বগটুইৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, তেওঁ বীৰভূমৰ ৰামপুৰহাটত সংঘটিত ঘটনাৰ বাবে তেওঁ গভীৰভাৱে দুঃখিত। পীড়িতসকলৰ পৰিয়াললৈ গভীৰ সমবেদেনা জ্ঞাপন কৰি এই ঘটনাত ভুক্তভোগীসকলক ন্যায় দিয়াৰ বাবে তেওঁ ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে। বুধবাৰে মোডীয়ে কয়, 'পশ্চিম বংগৰ বীৰভূমত সংঘটিত হিংসাত্মক ঘটনাত বলি হোৱা লোকসকলৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছোঁ।' এই ঘটনাৰে জড়িতসকলক  কৰায়ত্ত  কৰিবলৈ যিধৰণৰ সহায়ৰ প্ৰয়োজন হয়, সেয়া কেন্দ্ৰই ৰাজ্যলৈ আগবঢ়াব। মোৰ আশা যে ৰাজ্য চৰকাৰে অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যিসকলে এই দুৰ্বৃত্তসকলক উৎসাহিত কৰিছে তথা তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাইছে তেওঁলোককো ৰেহাই দিয়া নহ'ব।" ৰাজনৈতিক হিংসা, হত্যা-প্ৰতিহিংলা আৰু আক্ৰমণ-প্ৰত্যাক্ৰমণ কোনোটোৃৱেই বীৰভূমৰ বাবে নতুন কথা নহয়। দৰাচলতে, বিভিন্ন সময়ত যি হাৰত বীৰভূমৰ বিভিন্ন অঞ্চলত বোমা আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হয়, সয়া  আজিকালি সহজ সত্যত পৰিণত হৈছে। আৰক্ষী-প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই এনে এক অপৰাধাৰ ৰম্যভূমি গঢ় লৈ উঠাটো এতিয়া স্পষ্ট হৈ পৰিছে। কিন্তু বগটুইৰ ঘটনাই সকলো নৃশংসতা, প্ৰতিহংসাৰ ভয়াৱহতাৰ সীমা চেৰাই গৈছে আৰু তাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। ঘটনাটো শাসকীয় তৃণমূল কংগ্ৰেছৰ এজন নেতাক হত্যা কৰাৰ পৰা আৰম্ভ হৈছিল। এই হত্যাৰ প্ৰতিশোধকল্পেই ব্যাপক হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটোৱা হয় বুলি প্ৰকাশ পাইছে। অঞ্চলটোৰ কেইবাটাও ঘৰত জুই লগাই দিয়াৰ অভিযোগ উঠে। কিছুসংখ্যকে টিভি বিস্ফোৰিত হৈ আৰু শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি দাবী কৰিছিল যদিও এই ঘটা সামন্য বুলি প্ৰতিপন্ন কৰিব পৰা বিষয় হৈ থকা নাছিল। বিভিন্নজনে অভিযোগ কৰা অনুসৰি তৃণমূল নেতাৰ হত্যাৰ প্ৰতিশোধ ল'বলৈকে এই নাৰকীয় ঘটচনা সংঘটিত কৰা হয়। এটাৰ পিছত এটা ঘৰত জুই লগাই দিয়া আৰু ভুক্তভোগীক জ্বলাই দিয়াৰ পূৰ্বে ঘপিওা হোৱা বুলিও অভিযোগ উঠিছে। এগৰাকী ভুক্তভোগী মহিলাৰ সন্তানে অভিযোগ কৰিছে যে, তেওঁৰ মাকক জ্বলাই দিয়াৰ পূৰ্বে হত্যাকাৰীয়ে ঘপিয়াইছে। কাৰণ যিয়েই নহওক এই নাৰকীয় ঘটনাক গৰিহনা দিবলৈ ভাষা বিচাৰি পোৱা নাই কোন সংবেদনশীল লোকেই। আটাইতকৈ দুখজনক কথাটো হ'ল যে এই জুইত প্ৰাণ হেৰুওৱাসকলৰ বেছিসংখ্যকেই মহিলা। ইতিমধ্যে ঘটনাটোৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰ নিৰ্দেশ দিছে। কলকাতা উচ্চ ন্যায়ালয়ে ঘটনা সম্পৰ্কত এটা নিজাববীয়া গোচৰ ৰুজু কৰি তাৰ শুনানি গ্ৰহণ কৰিছে আৰু এই ঘটনাৰ সাক্ষীক ৰক্ষণাৱেক্ষণ দিয়া তথা আক্ৰান্ত অঞ্চলত চিচি টিভি স্থাপনৰ নিৰ্দেশ দিছে। আনহাতে, ঘটনাটোৰ পাছতে ৰাজ্যখনত ৰাজনীতি পুনৰ গৰম হৈ উঠিছে। বংগত ৰাষ্ট্ৰপতি শাসন বলৱত কৰাৰো দাবী উত্থাপন কৰিছে বিৰোধী শিবিৰে। ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ  জৰিয়তে ইয়াক কেন্দ্ৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ অাৰ বাবে দাবী জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে। ইফালে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘটনাটো সম্পৰ্কত  এক তাতক্ষণিক প্ৰতিবেদন  বিচাৰিছে। ৰাজ্যপাল জগদীপ ধানখৰেও ৰাজ্য চৰকাৰৰ  বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটোৱা দেখিবলৈ পোৱা গৈছে।এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে বাগটুইলৈ যাব আৰু তাৰ পৰিস্থিতিৰ বুজ লব বুলি জানিব পৰা গৈছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ