--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ডেৰাডুনত শপতগ্ৰহণ কৰিলে উত্তৰাখণ্ডৰ নৱ-নিৰ্বাচিত চৰকাৰখনে৷ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে পুস্কৰ সিং ধামীয়ে৷ পিছে, আজি অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানতে সংঘটিত আন এটি ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে৷ খবৰ অনুসৰি, শপতগ্ৰহণৰ সময়ছোৱাত মন্ত্ৰী সৌৰভ বহুগুণাৰ হেৰাইছে এটি ‘আইফোন-১৩’ মোবাইল ফোন৷ বুধবাৰে উত্তৰাখণ্ড চৰকাৰত শপত গ্ৰহণ কৰা মন্ত্ৰী সৌৰভ বহুগুণাৰ সৈতে এই ঘটনা সংঘটিত হৈছে। উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনৰ পেৰেড গ্ৰাউণ্ডত শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত তেওঁৰ মোবাইল ফোনটো হেৰাইছে৷ মন্ত্ৰীগৰাকীয়ে এই তথ্য সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে৷ তেওঁ ছ’চিয়েল মিডিয়াযোগে লিখিছে এনেদৰে, আজি ডেৰাডুন পেৰেড গ্ৰাউণ্ডত শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত মোৰ মোবাইল ফোন (আইফোন-১৩) ক’ৰবাত পৰিছে। এনে পৰিস্থিতিত যদি আপোনালোকৰ কোনোবাই মোবাইলটো ঘূৰাই পায়, মোৰ ফেচবুক পেজত মোৰ সৈতে যোগাযোগ কৰক। যদি কোনোবাই মোৰ সম্পৰ্কিত নম্বৰৰ পৰা কল পায়, অনুগ্ৰহ কৰি সাৱধান হওক।’ সৌৰভ বহুগুণা সীতাৰগঞ্জ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় বহুগুণাৰ কনিষ্ঠ পুত্ৰ সৌৰভ বহুগুণাৰ ককাক হেমৱাতি নন্দন বহুগুণা প্ৰাক্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল। আজি উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিঙে পুষ্কৰ সিং ধামীক মুখ্যমন্ত্ৰী আৰু আন আঠজন বিধায়কৰ বাবে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে৷ কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে ধন সিং ৰাৱট, গণেশ যোশী, ৰেখা আৰ্য, সুবোধ ইউনিয়াল, সৌৰভ বহুগুণা, প্ৰেম চান্দ আগৰৱালা, চন্দন ৰাম দাস আৰু সতপাল মহাৰাজে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক