--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসম পাৰহৈ বংগত প্ৰৱেশ কৰিছে৷ বংগতো এই যাত্ৰালৈ আক্ৰমণৰ ভাবুকি নামি আহিছে বুলি কংগ্ৰেছে অনুভৱ কৰিছে৷ সেয়ে  বংগত ৰাহুলৰ কাৰ্যসূচীক লৈ কংগ্ৰেছ চিন্তিত হৈ পৰিছে। এনে শংকাৰ মাজতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয়  সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শনিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ৰাহুল গান্ধীৰ নিৰাপত্তা বিচাৰি এখন পত্ৰ লিখিছে।

 পত্ৰ খনত কোৱা হৈছে -"ৰাহুল গান্ধীয়ে দেশৰ ঐক্য শক্তিশালী কৰিবলৈ মণিপুৰৰ পৰা মহাৰাষ্ট্ৰলৈ 'ভাৰত জোড়ো ন্যায় যাত্ৰা' আৰম্ভ কৰিছে। দুৰ্বৃত্তই বংগৰ সেই পদযাত্ৰাত আক্ৰমণ কৰিব পাৰে।  পদযাত্ৰা বন্ধ কৰাৰ  বেবে এনে আক্ৰমণ হ’ব পাৰে বা   ৰাজ্যপ্ৰশাসনক বদনামী কৰিবলৈও কোনোবা এনে কৰিব পাৰে৷ সেয়ে ৰাহুলৰ নিৰাপত্তাৰ প্ৰয়োজন৷ মমতালৈ লিখা খাৰ্গেই লগতে কয়, "গান্ধী পৰিয়ালৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক আছে। আশা কৰোঁ, ৰাহুল গান্ধী আৰু  পদযাত্ৰাৰ অংশগ্ৰহণকাৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰিব। ’’

উল্লেখ্য বৃহস্পতিবাৰে কংগ্ৰেছৰ ন্যায় যাত্ৰা অসমৰ পৰা বংগত প্ৰৱেশ কৰিছিল। অৱশ্যে, ৰাহুলে ভ্ৰমণটো মাজভাগতে সমাপ্ত কৰে আৰু দিল্লীলৈ উভতি আহে। ৰাহুল গান্ধীয়ে ২৮ জানুৱাৰীত জলপাইগুৰিৰ পৰা ভাৰত জোড়ো  ন্যায় যাত্ৰা আৰম্ভ কৰিব। দুপৰীয়া, তেওঁ বাগডোগ্ৰা বিমানবন্দৰত অৱতৰণ কৰিব আৰু পোনপটীয়াকৈ জলপাইগুৰি চহৰৰ ওচৰৰ পাহাৰপুৰলৈ যাব ।কাৰো  নাম নোলোৱাকৈ কংগ্ৰেছ সভাপতিগৰাকীয়ে অসমত ৰাহুলৰ যাত্ৰাৰ সময়ত হোৱা অস্থিৰতাৰ কথাও উল্লেখ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে কথাটো হ’ল  তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে তেওঁৰ দলে  বংগত অকলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। অৱশ্যে, কংগ্ৰেছে মমতাৰ কাষ চাপিবলৈ প্ৰাণপণে চেষ্টা চলাই আছে। শনিবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মমতা বেনাৰ্জীক ভাৰত মিত্ৰজোঁটৰ সহ-ৰূপকাৰ  বুলি অভিহিত কৰে। অৱশ্যে শনিবাৰে জলপাইগুৰিত কংগ্ৰেছৰ পোষ্টাৰ  ফালি পেলোৱা বুলি অভিযোগ কৰা হৈছে। স্থানীয় কংগ্ৰেছ নেতাসকলে এই ঘটনাত  শাসকীয় দলৰ ফালে আঙুলি তুলিছে। এই সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত ৰাজ্যিক টিএমচিৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ কুনাল ঘোষে কয়, "এই ঘটনাসমূহৰ সৈতে টিএমচিৰ কোনো সম্পৰ্ক নাই। "       

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক