--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসম পাৰহৈ বংগত প্ৰৱেশ কৰিছে৷ বংগতো এই যাত্ৰালৈ আক্ৰমণৰ ভাবুকি নামি আহিছে বুলি কংগ্ৰেছে অনুভৱ কৰিছে৷ সেয়ে  বংগত ৰাহুলৰ কাৰ্যসূচীক লৈ কংগ্ৰেছ চিন্তিত হৈ পৰিছে। এনে শংকাৰ মাজতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয়  সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শনিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ৰাহুল গান্ধীৰ নিৰাপত্তা বিচাৰি এখন পত্ৰ লিখিছে।

 পত্ৰ খনত কোৱা হৈছে -"ৰাহুল গান্ধীয়ে দেশৰ ঐক্য শক্তিশালী কৰিবলৈ মণিপুৰৰ পৰা মহাৰাষ্ট্ৰলৈ 'ভাৰত জোড়ো ন্যায় যাত্ৰা' আৰম্ভ কৰিছে। দুৰ্বৃত্তই বংগৰ সেই পদযাত্ৰাত আক্ৰমণ কৰিব পাৰে।  পদযাত্ৰা বন্ধ কৰাৰ  বেবে এনে আক্ৰমণ হ’ব পাৰে বা   ৰাজ্যপ্ৰশাসনক বদনামী কৰিবলৈও কোনোবা এনে কৰিব পাৰে৷ সেয়ে ৰাহুলৰ নিৰাপত্তাৰ প্ৰয়োজন৷ মমতালৈ লিখা খাৰ্গেই লগতে কয়, "গান্ধী পৰিয়ালৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক আছে। আশা কৰোঁ, ৰাহুল গান্ধী আৰু  পদযাত্ৰাৰ অংশগ্ৰহণকাৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰিব। ’’

উল্লেখ্য বৃহস্পতিবাৰে কংগ্ৰেছৰ ন্যায় যাত্ৰা অসমৰ পৰা বংগত প্ৰৱেশ কৰিছিল। অৱশ্যে, ৰাহুলে ভ্ৰমণটো মাজভাগতে সমাপ্ত কৰে আৰু দিল্লীলৈ উভতি আহে। ৰাহুল গান্ধীয়ে ২৮ জানুৱাৰীত জলপাইগুৰিৰ পৰা ভাৰত জোড়ো  ন্যায় যাত্ৰা আৰম্ভ কৰিব। দুপৰীয়া, তেওঁ বাগডোগ্ৰা বিমানবন্দৰত অৱতৰণ কৰিব আৰু পোনপটীয়াকৈ জলপাইগুৰি চহৰৰ ওচৰৰ পাহাৰপুৰলৈ যাব ।কাৰো  নাম নোলোৱাকৈ কংগ্ৰেছ সভাপতিগৰাকীয়ে অসমত ৰাহুলৰ যাত্ৰাৰ সময়ত হোৱা অস্থিৰতাৰ কথাও উল্লেখ কৰে।

তাৎপৰ্যপূৰ্ণভাৱে কথাটো হ’ল  তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে তেওঁৰ দলে  বংগত অকলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। অৱশ্যে, কংগ্ৰেছে মমতাৰ কাষ চাপিবলৈ প্ৰাণপণে চেষ্টা চলাই আছে। শনিবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মমতা বেনাৰ্জীক ভাৰত মিত্ৰজোঁটৰ সহ-ৰূপকাৰ  বুলি অভিহিত কৰে। অৱশ্যে শনিবাৰে জলপাইগুৰিত কংগ্ৰেছৰ পোষ্টাৰ  ফালি পেলোৱা বুলি অভিযোগ কৰা হৈছে। স্থানীয় কংগ্ৰেছ নেতাসকলে এই ঘটনাত  শাসকীয় দলৰ ফালে আঙুলি তুলিছে। এই সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত ৰাজ্যিক টিএমচিৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ কুনাল ঘোষে কয়, "এই ঘটনাসমূহৰ সৈতে টিএমচিৰ কোনো সম্পৰ্ক নাই। "       

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু