--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰী  ধৰ্মেন্দ্ৰ প্ৰধানে  পৰীক্ষা পে চৰ্চা, ২০২৪ৰ বাবে চলিত প্ৰস্তুতিৰ বুজ লয়৷ প্ৰধানে আলোকপাত কৰে যে পৰীক্ষা পে চৰ্চা এক বাৰ্ষিক পৰম্পৰাত পৰিণত হৈছে, যাৰ বাবে এক্সাম ৱাৰিয়ৰ্ছ, অভিভাৱক আৰু শিক্ষক সকলোৱে আগ্ৰহেৰে বাট চাই থাকে, যাতে তেওঁলোকে উদ্বেগ অতিক্ৰম কৰি নিজৰ শ্ৰেষ্ঠতাখনি উজাৰি দিব পাৰে৷পৰীক্ষা পে চৰ্চা, ২০২৪ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বছৰৰ সৰ্বাধিক আগ্ৰহী মত বিনিময় অনুষ্ঠানৰ বাবে তেওঁ সকলোৰে মাজত পৰিলক্ষিত হোৱা ব্যাপক উৎসাহৰ কথা প্ৰকাশ কৰে।

 
“পৰীক্ষা পে চৰ্চা” (পিপিচি) হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৰীক্ষাৰ লগত জড়িত মানসিক চাপৰ পৰা উপশম আৰু ‘এক্সাম ৱাৰিয়ৰ্ছ’ৰ বৃহত্তৰ আন্দোলনৰ সৈতে সাদৃশ্য থকা জীৱনৰ প্ৰতি উদযাপনমূলক দৃষ্টিভংগীক প্ৰসাৰিত কৰাৰ এক অনন্য পদক্ষেপ। শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে আয়োজন কৰা পিপিচিয়ে যোৱা ছবছৰ ধৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলক সফলতাৰে জড়িত কৰি আহিছে। ক’ভিড-১৯ মহামাৰীৰ বাবে চতুৰ্থ সংস্কৰণ অনলাইনত অনুষ্ঠিত হোৱাৰ বিপৰীতে পঞ্চম আৰু ষষ্ঠ সংস্কৰণ পুনৰ আনুষ্ঠানিকভাৱে প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰি আহিছে৷ যোৱা বছৰ ৩১.২৪ লাখ ছাত্ৰ-ছাত্ৰী, ৫.৬০ লাখ শিক্ষক আৰু ১.৯৫ লাখ অভিভাৱকে অতি উৎসাহেৰে অংশগ্ৰহণ কৰিছিল।

বৰ্তমানৰ সপ্তম সংস্কৰণত মাইগভ পৰ্টেলত ২.২৬ কোটি লোকৰ পঞ্জীয়নৰ তথ্য পোৱা গৈছে, যিয়ে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহক প্ৰতিফলিত কৰিছে। ২৯ জানুৱাৰী, ২০২৪ত নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমৰ আইটিপিঅ’ত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত প্ৰায় ৩,০০০অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰিব। কলা উৎসৱৰ বিজয়ীসকলৰ লগতে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা দুজনকৈ ছাত্ৰ-ছাত্ৰী আৰু এজন শিক্ষকক আমন্ত্ৰণ জনোৱা হৈছে। একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে পিপিচিত অংশগ্ৰহণ কৰিব।

২০২৩ চনৰ ১১ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ১২ জানুৱাৰীলৈকে মাইগভ পৰ্টেলত অনুষ্ঠিত অনলাইন এমচিকিউ প্ৰতিযোগিতাত দাখিল কৰা প্ৰশ্নৰ ভিত্তিত অংশগ্ৰহণকাৰীসকলক নিৰ্বাচন কৰা হৈছে৷ নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলে পৰীক্ষা পে চৰ্চা কিট, য’ত “এক্সাম ৱাৰিয়ৰ্ছ” গ্ৰন্থ আৰু প্ৰধানমন্ত্ৰীৰ প্ৰমাণ পত্ৰ লাভ কৰিব৷

২০২৪ চনৰ ১২ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ সমগ্ৰ দেশতে বিদ্যালয় পৰ্যায়ৰ বিভিন্ন কাৰ্যসূচী, যেনে— মাৰাথন দৌৰ, সংগীত আৰু মিম প্ৰতিযোগিতা, বাটৰ নাট আৰু শিক্ষাৰ্থী-এংকৰ-শিক্ষাৰ্থী-অতিথি শীৰ্ষক আলোচনাৰ আয়োজন কৰা হৈছিল। ২০২৪ চনৰ ২৩ জানুৱাৰীত ৭৭৪খন জিলাৰ ৬৫৭খন কেন্দ্ৰীয় বিদ্যালয় আৰু ১২২খন নৱোদয় বিদ্যালয়ত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়, য'ত ৬০হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল "এক্সাম ৱাৰিয়ৰ্ছ" গ্ৰন্থৰ পৰীক্ষা মন্ত্ৰ।

২.২৬ কোটি পঞ্জীয়নেৰে ২৯ জানুৱাৰী, ২০২৪ত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা পে চৰ্চাৰ পৰৱৰ্তী সপ্তম সংস্কৰণে পৰীক্ষাৰ মানসিক চাপ দূৰ কৰাত আৰু ইতিবাচক শিক্ষণ সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত কাৰ্যসূচীৰ ভূমিকাক আলোকপাত কৰি অপৰিসীম প্ৰত্যাশাৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement