--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ তৈল-কোম্পানীসমূহে পেট্ৰ’লত ইথানলৰ মাত্ৰা ২-৬.৭ শতাংশৰ পৰা ১০ শতাংশলৈ বৃদ্ধি কৰা সিদ্ধান্তত এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে তৈল-কোম্পানীক দিয়া এই সিদ্ধান্তত এতিয়া জাঙুৰ খাই উঠিছে দেশৰ সাধাৰণ জনতা। বহুজাতিক কোম্পানী আৰু বণিক গোষ্ঠীৰ স্বাৰ্থতেই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও বহুতেই চোকা সমালোচনাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক।


১০ ফেব্ৰুৱাৰীৰপৰা উত্তৰ-প্ৰদেশত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰেই বিজেপি চৰকাৰে এতিয়া আন এক কুটনৈতিক কৌশলৰ আশ্ৰয় লৈ এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা বুলি সৰ্বৰ্তে সমালোচিত হৈছে। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ইথানল উৎপাদনকাৰী ৰাজ্যৰ ভিতৰত শীৰ্ষত আছে উত্তৰ-প্ৰদেশ। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-প্ৰদেশৰ চেনিকলসমূহৰ পৰা ২১ হাজাৰ কোটি টকাৰ ইথানল ক্ৰয় কৰাটো এতিয়া অতি গুৰুত্বপূৰ্ণ খবৰ হিচাপে বিবেচিত হৈছে।


উত্তৰ-প্ৰদেশৰ চেনিকলৰ মালিকক সন্তুষ্ট কৰিবলৈকে বিজেপি চৰকাৰে এই বৃহৎ পৰিমাণৰ ইথানল ক্ৰয় কৰিছে। বিনিময়ত কেন্দ্ৰীয় চৰকাৰে আগন্তুক নিৰ্বাচনৰ বাবে পুঁজিপতি মালিক গোষ্ঠীৰ পৰা আৰ্থিক সহায় লাভৰ আশাৰে সমগ্ৰ দেশৰ জনতাৰ মূৰত মাধমাৰ শোধাইছে নেকি তাক লৈ এতিয়া উত্থাপিত হৈছে প্ৰশ্ন। কিয়নো পেট্ৰ’লত ইথানলৰ মাত্ৰা বৃদ্ধি কৰিলে হ’ব পৰা ক্ষয়-ক্ষতি আৰু লাভালাভ সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল। সেই সমিতিখনে পৰ্যায়ক্ৰমে পেট্ৰ’লত ইথানলৰ মাত্ৰা বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল। কিন্তু সেই সমিতিৰ পৰামৰ্শক আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰে একেবাৰেই ১০ শতাংশলৈ বৃদ্ধি কৰিলে ইথানলৰ মাত্ৰা। বিশেষজ্ঞ সমিতিখনে লগতে এই পৰামৰ্শও দিছিল যে, ২০৩০ চনৰ ভিতৰত পৰ্যায়ক্ৰমে এই মাত্ৰা ২০ শতাংশলৈ বৃদ্ধি কৰিব পৰা যাব। কিন্তু কেন্দ্ৰীয় চৰকাৰে নামত মাত্ৰ বিশেষজ্ঞ কেন্দ্ৰীয়খন গঠন কৰি জনতাক আঁভুৱাভাৰিবলৈ চেষ্টা কৰাহে দেখা গ’ল। কাৰ্যতঃ সমিতিখনৰ কোনো সিদ্ধান্তকেই আদৰণি জনোৱা নাই কেন্দ্ৰীয় চৰকাৰে। পৰিণতিত মাত্ৰ তিনিবছৰৰ ভিতৰতেই ইথানলৰ মাত্ৰা প্ৰতিলিটাৰত ২০ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।
বিশেষজ্ঞ সমিতিৰ পৰামৰ্শক আওকাণ কৰি ততাতৈয়াকৈ লোৱা সিদ্ধান্ত আৰু উত্তৰ-প্ৰদেশৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যখনৰ চেনিকলৰ কোম্পানীৰ মালিকৰ পৰা ২১ হাজাৰ কোটি টকাৰ ইথানল ক্ৰয় কৰিবলৈ তৈল-কোম্পানীসমূহক বাধ্য কৰোৱাৰ আঁৰত কেন্দ্ৰৰ কি অভিসন্ধি লুকাই আছে, সেয়া জনসাধাৰণৰ চকুত লাহে লাহে স্পষ্ট হৈ পৰিছে।


পেট্ৰ’লত ইথানল মিহলিৰ কাৰণটো খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰা বাবে গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে যুক্তি দিছে যদিও এয়া কোনোপধ্যেই মননশীল নহয়। কিয়নো ইথানল মিহলি বাহনবোৰ পৰীক্ষাৰ সময়ত ৪ৰ পৰা ৭ শতাংশ মাইলেজ কমি যোৱা দেখা গৈছে। অৰ্থাৎ ইথানল মিহলি বাহনে পূৰ্বৰ তুলনাত অধিক ইন্ধন বহন কৰিব। ট্ৰেফিক চিগনেলত দুই মিনিটৰ বাবেও বাহন ৰ’ব লগা হ’লে ইঞ্জিন বন্ধ কৰিবলৈ বিজ্ঞাপন প্ৰকাশ কৰা তথা বিদেশৰ পৰা পেট্ৰ’লিয়াম দ্ৰব্যৰ আমদানি হ্ৰাস কৰা বাবে ইথানলৰ মাত্ৰা বঢ়োৱা বুলি অদ্ভুদ যুক্তি প্ৰদৰ্শন কৰা কেন্দ্ৰীয় চৰকাৰৰ বাবে এই সিদ্ধান্ত স্ব-বিৰোধী বুলি বিবেচিত হৈছে। পেট্ৰ’লত ইথানলৰ মাত্ৰা বৃদ্ধি কৰিলে ইন্ধনৰ ব্যৱহাৰ কম হোৱাৰ তুলনাত অধিক বৃদ্ধিহে পাব।


উন্নত কিছুমান দেশ যেনে আমেৰিকা, কানাডা আদি দেশে ইথানল ব্যৱহাৰ কৰি পেট্ৰ’লৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছে। ভাৰতেও সেই দেশৰ সৈতে খোজ মিলাবলৈ প্ৰাৰম্ভতে প্ৰয়োজনীয় কাম-কাজবোৰ সম্পন্ন কৰিব লাগিব। এতিয়াও ভাৰতৰ গাড়ী নিৰ্মাণ কৰা কোম্পানীবোৰে ইথানল মিশ্ৰিত ইন্ধন ব্যৱহাৰ কৰিব পৰা গাড়ী প্ৰস্তুত কৰিবলৈ সমৰ্থ হোৱা নাই। তেওঁলোকে ইতিমধ্যে ভাৰত চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীখনক জনাই দিছিল যে ইথানল মিশ্ৰিত ইন্ধন ব্যৱহাৰ কৰিবলৈ বৰ্তমান চলিত বাহনবোৰৰ ইঞ্জিনৰ বহুলাংশই পৰিৱৰ্তন কৰিব লাগিব। অন্যথা গাড়ীৰ ইঞ্জিন, ফিল্টাৰ আদিকে ধৰি বিভিন্ন যন্ত্ৰাংশৰ বিসংগতি দেখিবলৈ পোৱা যাব। কিন্তু তাৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰি উত্তৰ-প্ৰদেশৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থতেই ৰাজ্যখনৰ চেনিকলৰ মালিকক সন্তুষ্ট কৰিবলৈ ২১ কোটিৰ ইথানল ক্ৰয় কৰাটো কেন্দ্ৰীয় চৰকাৰৰ এক আত্মঘাটী সিদ্ধান্ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি