--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ তৈল-কোম্পানীসমূহে পেট্ৰ’লত ইথানলৰ মাত্ৰা ২-৬.৭ শতাংশৰ পৰা ১০ শতাংশলৈ বৃদ্ধি কৰা সিদ্ধান্তত এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে তৈল-কোম্পানীক দিয়া এই সিদ্ধান্তত এতিয়া জাঙুৰ খাই উঠিছে দেশৰ সাধাৰণ জনতা। বহুজাতিক কোম্পানী আৰু বণিক গোষ্ঠীৰ স্বাৰ্থতেই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও বহুতেই চোকা সমালোচনাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক।


১০ ফেব্ৰুৱাৰীৰপৰা উত্তৰ-প্ৰদেশত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰেই বিজেপি চৰকাৰে এতিয়া আন এক কুটনৈতিক কৌশলৰ আশ্ৰয় লৈ এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা বুলি সৰ্বৰ্তে সমালোচিত হৈছে। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ইথানল উৎপাদনকাৰী ৰাজ্যৰ ভিতৰত শীৰ্ষত আছে উত্তৰ-প্ৰদেশ। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-প্ৰদেশৰ চেনিকলসমূহৰ পৰা ২১ হাজাৰ কোটি টকাৰ ইথানল ক্ৰয় কৰাটো এতিয়া অতি গুৰুত্বপূৰ্ণ খবৰ হিচাপে বিবেচিত হৈছে।


উত্তৰ-প্ৰদেশৰ চেনিকলৰ মালিকক সন্তুষ্ট কৰিবলৈকে বিজেপি চৰকাৰে এই বৃহৎ পৰিমাণৰ ইথানল ক্ৰয় কৰিছে। বিনিময়ত কেন্দ্ৰীয় চৰকাৰে আগন্তুক নিৰ্বাচনৰ বাবে পুঁজিপতি মালিক গোষ্ঠীৰ পৰা আৰ্থিক সহায় লাভৰ আশাৰে সমগ্ৰ দেশৰ জনতাৰ মূৰত মাধমাৰ শোধাইছে নেকি তাক লৈ এতিয়া উত্থাপিত হৈছে প্ৰশ্ন। কিয়নো পেট্ৰ’লত ইথানলৰ মাত্ৰা বৃদ্ধি কৰিলে হ’ব পৰা ক্ষয়-ক্ষতি আৰু লাভালাভ সম্পৰ্কে প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল। সেই সমিতিখনে পৰ্যায়ক্ৰমে পেট্ৰ’লত ইথানলৰ মাত্ৰা বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল। কিন্তু সেই সমিতিৰ পৰামৰ্শক আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰে একেবাৰেই ১০ শতাংশলৈ বৃদ্ধি কৰিলে ইথানলৰ মাত্ৰা। বিশেষজ্ঞ সমিতিখনে লগতে এই পৰামৰ্শও দিছিল যে, ২০৩০ চনৰ ভিতৰত পৰ্যায়ক্ৰমে এই মাত্ৰা ২০ শতাংশলৈ বৃদ্ধি কৰিব পৰা যাব। কিন্তু কেন্দ্ৰীয় চৰকাৰে নামত মাত্ৰ বিশেষজ্ঞ কেন্দ্ৰীয়খন গঠন কৰি জনতাক আঁভুৱাভাৰিবলৈ চেষ্টা কৰাহে দেখা গ’ল। কাৰ্যতঃ সমিতিখনৰ কোনো সিদ্ধান্তকেই আদৰণি জনোৱা নাই কেন্দ্ৰীয় চৰকাৰে। পৰিণতিত মাত্ৰ তিনিবছৰৰ ভিতৰতেই ইথানলৰ মাত্ৰা প্ৰতিলিটাৰত ২০ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।
বিশেষজ্ঞ সমিতিৰ পৰামৰ্শক আওকাণ কৰি ততাতৈয়াকৈ লোৱা সিদ্ধান্ত আৰু উত্তৰ-প্ৰদেশৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যখনৰ চেনিকলৰ কোম্পানীৰ মালিকৰ পৰা ২১ হাজাৰ কোটি টকাৰ ইথানল ক্ৰয় কৰিবলৈ তৈল-কোম্পানীসমূহক বাধ্য কৰোৱাৰ আঁৰত কেন্দ্ৰৰ কি অভিসন্ধি লুকাই আছে, সেয়া জনসাধাৰণৰ চকুত লাহে লাহে স্পষ্ট হৈ পৰিছে।


পেট্ৰ’লত ইথানল মিহলিৰ কাৰণটো খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰা বাবে গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে যুক্তি দিছে যদিও এয়া কোনোপধ্যেই মননশীল নহয়। কিয়নো ইথানল মিহলি বাহনবোৰ পৰীক্ষাৰ সময়ত ৪ৰ পৰা ৭ শতাংশ মাইলেজ কমি যোৱা দেখা গৈছে। অৰ্থাৎ ইথানল মিহলি বাহনে পূৰ্বৰ তুলনাত অধিক ইন্ধন বহন কৰিব। ট্ৰেফিক চিগনেলত দুই মিনিটৰ বাবেও বাহন ৰ’ব লগা হ’লে ইঞ্জিন বন্ধ কৰিবলৈ বিজ্ঞাপন প্ৰকাশ কৰা তথা বিদেশৰ পৰা পেট্ৰ’লিয়াম দ্ৰব্যৰ আমদানি হ্ৰাস কৰা বাবে ইথানলৰ মাত্ৰা বঢ়োৱা বুলি অদ্ভুদ যুক্তি প্ৰদৰ্শন কৰা কেন্দ্ৰীয় চৰকাৰৰ বাবে এই সিদ্ধান্ত স্ব-বিৰোধী বুলি বিবেচিত হৈছে। পেট্ৰ’লত ইথানলৰ মাত্ৰা বৃদ্ধি কৰিলে ইন্ধনৰ ব্যৱহাৰ কম হোৱাৰ তুলনাত অধিক বৃদ্ধিহে পাব।


উন্নত কিছুমান দেশ যেনে আমেৰিকা, কানাডা আদি দেশে ইথানল ব্যৱহাৰ কৰি পেট্ৰ’লৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছে। ভাৰতেও সেই দেশৰ সৈতে খোজ মিলাবলৈ প্ৰাৰম্ভতে প্ৰয়োজনীয় কাম-কাজবোৰ সম্পন্ন কৰিব লাগিব। এতিয়াও ভাৰতৰ গাড়ী নিৰ্মাণ কৰা কোম্পানীবোৰে ইথানল মিশ্ৰিত ইন্ধন ব্যৱহাৰ কৰিব পৰা গাড়ী প্ৰস্তুত কৰিবলৈ সমৰ্থ হোৱা নাই। তেওঁলোকে ইতিমধ্যে ভাৰত চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটীখনক জনাই দিছিল যে ইথানল মিশ্ৰিত ইন্ধন ব্যৱহাৰ কৰিবলৈ বৰ্তমান চলিত বাহনবোৰৰ ইঞ্জিনৰ বহুলাংশই পৰিৱৰ্তন কৰিব লাগিব। অন্যথা গাড়ীৰ ইঞ্জিন, ফিল্টাৰ আদিকে ধৰি বিভিন্ন যন্ত্ৰাংশৰ বিসংগতি দেখিবলৈ পোৱা যাব। কিন্তু তাৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰি উত্তৰ-প্ৰদেশৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থতেই ৰাজ্যখনৰ চেনিকলৰ মালিকক সন্তুষ্ট কৰিবলৈ ২১ কোটিৰ ইথানল ক্ৰয় কৰাটো কেন্দ্ৰীয় চৰকাৰৰ এক আত্মঘাটী সিদ্ধান্ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক