--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেট্ৰ’লচালিত বাহনৰ গৰাকীসকললৈ দুঃখবৰ কঢ়িয়াই আজিৰে পৰা উত্তৰ-পূবৰ পেট্ৰ’লত বৃদ্ধি পালে ইথানলৰ মাত্ৰা। পেট্ৰ’লচালিত বাহনৰ লাখ লাখ গৰাকী আৰু উত্তৰ-পূবৰ পেট্ৰ’ল ডিপোসমূহৰ তীব্ৰ বিৰোধিতা সত্ত্বেও তৈল-কোম্পানীসমূহে গ্ৰহণ কৰিছে এই হঠকাৰী সিদ্ধান্ত। উল্লেখযোগ্য যে, পেট্ৰ’লত বৃদ্ধি পাব লগা ইথানলৰ বৰ্ধিত পৰিমাণে পেট্ৰ’ল ইঞ্জিনবোৰৰ ওপৰত সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব। আৰু এই প্ৰভাৱৰ বাবে লোকচানৰ সন্মুখীন হ’ব লাগিব বাহনসমূহৰ গৰাকীসকল।


বৰ্তমান সমগ্ৰ দেশতে পেট্ৰ’লত মিহলি কৰা ইথানলৰ পৰিমাণ হৈছে প্ৰতি লিটাৰত ২ শতাংশৰ পৰা ৬.৭ শতাংশ। কেন্দ্ৰ চৰকাৰে পেট্ৰ’লৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ আৰু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰা উদ্দেশ্যে প্ৰতিলিটাৰ পেট্ৰ’লত ১০ শতাংশলৈ ইথানলৰ মাত্ৰা বৃদ্ধি কৰা হ’ব বুলি জনাইছে। ইতিমধ্যে কেন্দ্ৰ চৰকাৰে ‘ইথানল ব্লেডিং প্ৰগ্ৰেম’ নামৰ এক আঁচনি হাতত লৈছে। যাৰ দ্বাৰা এই বছৰৰ ভিতৰতে প্ৰতিলিটাৰ পেট্ৰ’লত ইথানলৰ মাত্ৰা ১০শতাংশ বৃদ্ধি কৰা হ’ব। এই মাত্ৰাৰ পৰিমাণ বৃদ্ধি কৰি ২০২৫ চনৰ ভিতৰত ২০ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৪১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ‘ইথানল ব্লেডিং প্ৰগ্ৰেম’ নামৰ এই আঁচনি গ্ৰহণ কৰিছে। চৰকাৰৰ মতে এই আঁচনিৰ দ্বাৰা বছৰি প্ৰায় ৩০ হাজাৰ কোটি টকা ৰাহি হ’ব। কিন্তু তাৰ সমান্তৰালকৈ গ্ৰাহক তথা গাড়ীৰ গৰাকীসকলৰ হ’ব পৰা সম্ভাব্য লোকচানৰ দিশটো সমূলঞ্চে উলাই কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।


পেট্ৰ’লত ইথানলৰ বৰ্ধিত মাত্ৰাই গাড়ীৰ ইঞ্জিনত বিসংগতিৰ সৃষ্টি কৰাৰ লগতে হ’ব পৰা বিভিন্ন যান্ত্ৰিক আসোঁৱাহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এনে সিদ্ধান্তক হঠকাৰী আখ্যা দিছে বিভিন্ন ব্যক্তিয়ে। ইতিমধ্যে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি জাঙুৰ খাই উঠিছে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েচন (নেপডা)। ১০ শতাংশ ইথানল মিহলি পেট্ৰ’লে গাড়ীৰ ইঞ্জিনলৈ কোনো বিসংগতি কঢ়িয়াই নানে বুলি নিশ্চিতি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰিছে সংগঠনটোৱে। ইয়াৰোপৰি ইথানল মিহলি পেট্ৰ’ল সন্দৰ্ভত জনসাধাৰণক সজাগ-সচেতন কৰাৰ লগতে বাহনৰ কোনো ক্ষয়-ক্ষতিৰ বাবে তৈল-কোম্পানীসমূহে দায়িত্ব স্বীকাৰ কৰিবলৈয়ো নেপদাই বিভিন্ন তৈল-কোম্পানী, যেনে – ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড (আই অ’ চি এল), হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেড (এইচ পি চি এল), ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেড (বি পি চি এল) আদিক দাবী জনাইছে।


উল্লেখযোগ্য যে চৰকাৰে ইন্ধনৰ মূল্য নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ হৈ সেই দুৰ্বলতা গাপ দিয়াৰ উদ্দেশ্যে গেছলিন দ্ৰব্যত সস্তীয়া দ্ৰাৱক মিহলাই জৈৱ ইন্ধনৰ ৰাহি কৰা বা প্ৰদূষণ নিয়ন্ত্ৰণৰ যুক্তি প্ৰদৰ্শন কৰাত এতিয়া চকু কপালত উঠিছে সচেতন মহলৰ। ব্যৱসায়িক লাভালাভৰ উদ্দেশ্যে বণিক গোষ্ঠীৰ স্বাৰ্থত গ্ৰহণ কৰা এনে সিদ্ধান্তই এতিয়া বিপদত পেলাব পাৰে কোটি কোটি সাধাৰন জনতাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি