--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেট্ৰ’লচালিত বাহনৰ গৰাকীসকললৈ দুঃখবৰ কঢ়িয়াই আজিৰে পৰা উত্তৰ-পূবৰ পেট্ৰ’লত বৃদ্ধি পালে ইথানলৰ মাত্ৰা। পেট্ৰ’লচালিত বাহনৰ লাখ লাখ গৰাকী আৰু উত্তৰ-পূবৰ পেট্ৰ’ল ডিপোসমূহৰ তীব্ৰ বিৰোধিতা সত্ত্বেও তৈল-কোম্পানীসমূহে গ্ৰহণ কৰিছে এই হঠকাৰী সিদ্ধান্ত। উল্লেখযোগ্য যে, পেট্ৰ’লত বৃদ্ধি পাব লগা ইথানলৰ বৰ্ধিত পৰিমাণে পেট্ৰ’ল ইঞ্জিনবোৰৰ ওপৰত সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব। আৰু এই প্ৰভাৱৰ বাবে লোকচানৰ সন্মুখীন হ’ব লাগিব বাহনসমূহৰ গৰাকীসকল।


বৰ্তমান সমগ্ৰ দেশতে পেট্ৰ’লত মিহলি কৰা ইথানলৰ পৰিমাণ হৈছে প্ৰতি লিটাৰত ২ শতাংশৰ পৰা ৬.৭ শতাংশ। কেন্দ্ৰ চৰকাৰে পেট্ৰ’লৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ আৰু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰা উদ্দেশ্যে প্ৰতিলিটাৰ পেট্ৰ’লত ১০ শতাংশলৈ ইথানলৰ মাত্ৰা বৃদ্ধি কৰা হ’ব বুলি জনাইছে। ইতিমধ্যে কেন্দ্ৰ চৰকাৰে ‘ইথানল ব্লেডিং প্ৰগ্ৰেম’ নামৰ এক আঁচনি হাতত লৈছে। যাৰ দ্বাৰা এই বছৰৰ ভিতৰতে প্ৰতিলিটাৰ পেট্ৰ’লত ইথানলৰ মাত্ৰা ১০শতাংশ বৃদ্ধি কৰা হ’ব। এই মাত্ৰাৰ পৰিমাণ বৃদ্ধি কৰি ২০২৫ চনৰ ভিতৰত ২০ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৪১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ‘ইথানল ব্লেডিং প্ৰগ্ৰেম’ নামৰ এই আঁচনি গ্ৰহণ কৰিছে। চৰকাৰৰ মতে এই আঁচনিৰ দ্বাৰা বছৰি প্ৰায় ৩০ হাজাৰ কোটি টকা ৰাহি হ’ব। কিন্তু তাৰ সমান্তৰালকৈ গ্ৰাহক তথা গাড়ীৰ গৰাকীসকলৰ হ’ব পৰা সম্ভাব্য লোকচানৰ দিশটো সমূলঞ্চে উলাই কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।


পেট্ৰ’লত ইথানলৰ বৰ্ধিত মাত্ৰাই গাড়ীৰ ইঞ্জিনত বিসংগতিৰ সৃষ্টি কৰাৰ লগতে হ’ব পৰা বিভিন্ন যান্ত্ৰিক আসোঁৱাহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এনে সিদ্ধান্তক হঠকাৰী আখ্যা দিছে বিভিন্ন ব্যক্তিয়ে। ইতিমধ্যে চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি জাঙুৰ খাই উঠিছে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েচন (নেপডা)। ১০ শতাংশ ইথানল মিহলি পেট্ৰ’লে গাড়ীৰ ইঞ্জিনলৈ কোনো বিসংগতি কঢ়িয়াই নানে বুলি নিশ্চিতি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰিছে সংগঠনটোৱে। ইয়াৰোপৰি ইথানল মিহলি পেট্ৰ’ল সন্দৰ্ভত জনসাধাৰণক সজাগ-সচেতন কৰাৰ লগতে বাহনৰ কোনো ক্ষয়-ক্ষতিৰ বাবে তৈল-কোম্পানীসমূহে দায়িত্ব স্বীকাৰ কৰিবলৈয়ো নেপদাই বিভিন্ন তৈল-কোম্পানী, যেনে – ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড (আই অ’ চি এল), হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেড (এইচ পি চি এল), ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেড (বি পি চি এল) আদিক দাবী জনাইছে।


উল্লেখযোগ্য যে চৰকাৰে ইন্ধনৰ মূল্য নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ হৈ সেই দুৰ্বলতা গাপ দিয়াৰ উদ্দেশ্যে গেছলিন দ্ৰব্যত সস্তীয়া দ্ৰাৱক মিহলাই জৈৱ ইন্ধনৰ ৰাহি কৰা বা প্ৰদূষণ নিয়ন্ত্ৰণৰ যুক্তি প্ৰদৰ্শন কৰাত এতিয়া চকু কপালত উঠিছে সচেতন মহলৰ। ব্যৱসায়িক লাভালাভৰ উদ্দেশ্যে বণিক গোষ্ঠীৰ স্বাৰ্থত গ্ৰহণ কৰা এনে সিদ্ধান্তই এতিয়া বিপদত পেলাব পাৰে কোটি কোটি সাধাৰন জনতাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক