--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰত আৰু চীনৰ মাজত যে কোনো ধৰণৰ সৌহাৰ্দপূৰ্ণ সম্পৰ্ক নাই সেই কথা পুনৰবাৰ দোহৰাৰ প্ৰয়োজন নাই। সময়ে সময়ে দুয়োখন দেশৰ মাজত সৃষ্টি হৈ আহিছে নানা বিবাদৰ। ভাৰতীয় সেনাৰে চীনা সৈন্যৰ মুখামুখী সংঘৰ্ষত প্ৰাণ হেৰুৱাবলগীয়া হৈছে সহস্ৰজনে। এইবাৰ চীনে গোপনে গোপনে পূৰ্ব বিতৰ্কিত পূৱ লাডাখত দলং নিৰ্মাণ কৰাৰ বাতৰি পোহৰলৈ আহিছে। শেহতীয়াকৈ, ভাৰতে স্বীকাৰ কৰিছে এই কথা। ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে সদৰী কৰে যে, ‘আজিৰ পৰা ৬০ বছৰ আগেয়ে অবৈধভাৱে অধিকৃত স্থানত দলং নিৰ্মাণ কৰি আছে চীনে।’ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে কয়, ‘পাংগঙত চীনৰ দলং নিৰ্মাণৰ কাৰ্যৰ ওপৰত চোকা নজৰ ৰাখিছে চৰকাৰে।

ভাৰতে কেতিয়াও চীনৰ দখলদ্বাৰিত্বক স্বীকাৰ কৰা নাই। চৰকাৰে আমাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সকলোধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে। এই পদক্ষেপবোৰৰ ভিতৰত আছে সীমান্ত আন্তঃগাঁথনি (পথ আৰু দলং) নিৰ্মাণৰ বাবে পুঁজি সৃষ্টি কৰা আৰু সশস্ত্ৰ বাহিনীৰ বাবে প্ৰয়োজনীয় ৰেচন যোগান ধৰা।’ ইয়াৰ মাজতে ভাৰতীয় সংবাদ মাধ্যমতো প্ৰকাশ পাইছে আন এক শিহৰণকাৰী তথ্য। ভূ-ৰাজনৈতিক বিশেষজ্ঞ আৰু ডিটেকটিভ ডেমিয়েন চাইমনৰ সন্ধানত ওলাই অহা উপগ্ৰহ ছবিৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ পাইছে। বিশেষজ্ঞজনে চীনত দলং নিৰ্মাণৰ কাম চলি থকাৰ বিষয়টো নিশ্চিেত কৰিছে। টুইটাৰত ডেমিয়েন চাইমনে প্ৰকাশ কৰা এখন ছবিত দলংখনৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠা দেখিবলৈ পোৱা গৈছে।সকলোৰে অলক্ষিতে চীনে এটা সৰু হ্ৰদৰ কাষত দলং খন নিৰ্মাণ কৰা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি