--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰত আৰু চীনৰ মাজত যে কোনো ধৰণৰ সৌহাৰ্দপূৰ্ণ সম্পৰ্ক নাই সেই কথা পুনৰবাৰ দোহৰাৰ প্ৰয়োজন নাই। সময়ে সময়ে দুয়োখন দেশৰ মাজত সৃষ্টি হৈ আহিছে নানা বিবাদৰ। ভাৰতীয় সেনাৰে চীনা সৈন্যৰ মুখামুখী সংঘৰ্ষত প্ৰাণ হেৰুৱাবলগীয়া হৈছে সহস্ৰজনে। এইবাৰ চীনে গোপনে গোপনে পূৰ্ব বিতৰ্কিত পূৱ লাডাখত দলং নিৰ্মাণ কৰাৰ বাতৰি পোহৰলৈ আহিছে। শেহতীয়াকৈ, ভাৰতে স্বীকাৰ কৰিছে এই কথা। ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে সদৰী কৰে যে, ‘আজিৰ পৰা ৬০ বছৰ আগেয়ে অবৈধভাৱে অধিকৃত স্থানত দলং নিৰ্মাণ কৰি আছে চীনে।’ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে কয়, ‘পাংগঙত চীনৰ দলং নিৰ্মাণৰ কাৰ্যৰ ওপৰত চোকা নজৰ ৰাখিছে চৰকাৰে।

ভাৰতে কেতিয়াও চীনৰ দখলদ্বাৰিত্বক স্বীকাৰ কৰা নাই। চৰকাৰে আমাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সকলোধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে। এই পদক্ষেপবোৰৰ ভিতৰত আছে সীমান্ত আন্তঃগাঁথনি (পথ আৰু দলং) নিৰ্মাণৰ বাবে পুঁজি সৃষ্টি কৰা আৰু সশস্ত্ৰ বাহিনীৰ বাবে প্ৰয়োজনীয় ৰেচন যোগান ধৰা।’ ইয়াৰ মাজতে ভাৰতীয় সংবাদ মাধ্যমতো প্ৰকাশ পাইছে আন এক শিহৰণকাৰী তথ্য। ভূ-ৰাজনৈতিক বিশেষজ্ঞ আৰু ডিটেকটিভ ডেমিয়েন চাইমনৰ সন্ধানত ওলাই অহা উপগ্ৰহ ছবিৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ পাইছে। বিশেষজ্ঞজনে চীনত দলং নিৰ্মাণৰ কাম চলি থকাৰ বিষয়টো নিশ্চিেত কৰিছে। টুইটাৰত ডেমিয়েন চাইমনে প্ৰকাশ কৰা এখন ছবিত দলংখনৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠা দেখিবলৈ পোৱা গৈছে।সকলোৰে অলক্ষিতে চীনে এটা সৰু হ্ৰদৰ কাষত দলং খন নিৰ্মাণ কৰা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক