--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বনজুয়ে সংহাৰৰ সৃষ্টি কৰা উত্তৰাখণ্ডৰ পৰিস্থিতিকলৈ উদ্বিগ্নতা ব্যক্ত কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে বুধবাৰে উত্তৰাখণ্ড চৰকাৰক বনজুইৰ প্ৰসংগত  সমালোচনা কৰি কয়  যে জুই নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পদক্ষেপৰ "অভাৱ" আছিল। আদালতে চৰকাৰক প্ৰশ্ন কৰে যে বনজুইৰ কৰ্মীসকলক কিয় নিৰ্বাচনৰ দায়িত্বত নিয়োজিত কৰা হৈছিল। 

ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত  শীৰ্ষ আদালতৰ বিচাৰপীঠে উত্তৰাখণ্ডৰ মুখ্য সচিবক ১৭ মে'ত ব্যক্তিগতভাৱে  আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে৷ ন্যায়াধীশ এছ ভি এন ভাট্টি আৰু সন্দীপ মেহতাক লৈ গঠিত বিচাৰপীঠে মন্তব্য কৰে যে যদিও একাধিক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছে, সেইবোৰৰ কাৰ্যকৰীকৰণৰ বাবে কোনো পদক্ষেপ লোৱা হোৱা নাই৷ শীৰ্ষ ন্যায়ালয়ে বন বিভাগৰ বৃহৎ খালী পদ পূৰণৰ  বিষয়টোও অৱলোকন কৰে।

বুধবাৰে উচ্চতম ন্যায়ালয়ে  উত্তৰাখণ্ডত বনজুইৰ ওপৰত এখন আবেদনৰ শুনানি গ্ৰহণ কৰে৷  আদালতৰ সমালোচনাৰ  প্ৰতি সঁহাৰি জনাই এজন  বিষয়াই কয়  যে বন অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীৰ  নিৰ্বাচনী কৰ্তব্য সমাপ্ত হৈছে ৷ উত্তৰাখণ্ড চৰকাৰে লগতে উল্লেখ কৰে  যে তেওঁলোকে কেন্দ্ৰৰ পৰা পুঁজি লাভ কৰা নাই। উত্তৰাখণ্ড চৰকাৰে কয় যে ৯,০০০ ৰো অধিক লোকে বনজুইত ক্ষতিগ্ৰস্তৰ সহায়ৰ বাবে  কাম কৰি আছে আৰু এতিয়ালৈকে ৪২০  টা গোচৰ পঞ্জীয়ন কৰা হৈছে। যদি কেন্দ্ৰ আৰু ৰাজ্য উভয়ে একেলগে কাম কৰে, এই সমস্যাটো সমাধান কৰিব পৰা যাব বুলিও চৰকাৰে । উচ্চতম ন্যায়ালয়ত প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু