--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বনজুয়ে সংহাৰৰ সৃষ্টি কৰা উত্তৰাখণ্ডৰ পৰিস্থিতিকলৈ উদ্বিগ্নতা ব্যক্ত কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে বুধবাৰে উত্তৰাখণ্ড চৰকাৰক বনজুইৰ প্ৰসংগত  সমালোচনা কৰি কয়  যে জুই নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পদক্ষেপৰ "অভাৱ" আছিল। আদালতে চৰকাৰক প্ৰশ্ন কৰে যে বনজুইৰ কৰ্মীসকলক কিয় নিৰ্বাচনৰ দায়িত্বত নিয়োজিত কৰা হৈছিল। 

ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত  শীৰ্ষ আদালতৰ বিচাৰপীঠে উত্তৰাখণ্ডৰ মুখ্য সচিবক ১৭ মে'ত ব্যক্তিগতভাৱে  আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে৷ ন্যায়াধীশ এছ ভি এন ভাট্টি আৰু সন্দীপ মেহতাক লৈ গঠিত বিচাৰপীঠে মন্তব্য কৰে যে যদিও একাধিক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছে, সেইবোৰৰ কাৰ্যকৰীকৰণৰ বাবে কোনো পদক্ষেপ লোৱা হোৱা নাই৷ শীৰ্ষ ন্যায়ালয়ে বন বিভাগৰ বৃহৎ খালী পদ পূৰণৰ  বিষয়টোও অৱলোকন কৰে।

বুধবাৰে উচ্চতম ন্যায়ালয়ে  উত্তৰাখণ্ডত বনজুইৰ ওপৰত এখন আবেদনৰ শুনানি গ্ৰহণ কৰে৷  আদালতৰ সমালোচনাৰ  প্ৰতি সঁহাৰি জনাই এজন  বিষয়াই কয়  যে বন অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীৰ  নিৰ্বাচনী কৰ্তব্য সমাপ্ত হৈছে ৷ উত্তৰাখণ্ড চৰকাৰে লগতে উল্লেখ কৰে  যে তেওঁলোকে কেন্দ্ৰৰ পৰা পুঁজি লাভ কৰা নাই। উত্তৰাখণ্ড চৰকাৰে কয় যে ৯,০০০ ৰো অধিক লোকে বনজুইত ক্ষতিগ্ৰস্তৰ সহায়ৰ বাবে  কাম কৰি আছে আৰু এতিয়ালৈকে ৪২০  টা গোচৰ পঞ্জীয়ন কৰা হৈছে। যদি কেন্দ্ৰ আৰু ৰাজ্য উভয়ে একেলগে কাম কৰে, এই সমস্যাটো সমাধান কৰিব পৰা যাব বুলিও চৰকাৰে । উচ্চতম ন্যায়ালয়ত প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ