--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দুয়োপক্ষৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণভাৱে গোচৰ মীমাংসাৰ বাবে এগৰাকী মহিলাৰ প্ৰাক্তন স্বামীৰ বিৰুদ্ধে বিচাৰাধীন অপৰাধমূলক প্ৰক্ৰিয়া বাতিল কৰিছে।

২০০৩ চনৰ এটা ৰায়ৰ ওপৰত নিৰ্ভৰ কৰি ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত শীৰ্ষ আদালতৰ বিচাৰপীঠে মহিলাগৰাকীৰ প্ৰাক্তন স্বামীক সকাহ প্ৰদান কৰে আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৮এ, ৪২৭, ৫০৪ আৰু ৫০৬ সম্পৰ্কে তেওঁৰ বিৰুদ্ধে আৰম্ভ কৰা সকলো প্ৰক্ৰিয়া বাতিল কৰে ৷ 

 উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছিল যে, এইটো স্পষ্ট যে গোচৰীয়া পক্ষই  তেওঁলোকৰ বিবাদ সমাধান কৰিছিল আৰু এক মীমাংসা চুক্তিত উপনীত হৈছিল, যাৰ পিছত ২০১২  চনত দুয়োৰে  বিবাহ বিচ্ছেদৰ  মঞ্জুৰ কৰা হৈছিল। ইয়াৰ পিছত, লোকজনে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক প্ৰক্ৰিয়া বাতিল কৰিবলৈ বিচাৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কিন্তু তেওঁৰ প্ৰাৰ্থনা নাকচ কৰা হৈছিল। শীৰ্ষ ন্যায়ালয়ে উল্লেখ কৰিছিল যে গোচৰীয়া পক্ষসমূহৰ মাজত মীমাংসা হোৱা স্বত্বেও এইটো কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, মহিলাগৰাকীয়ে ইতিমধ্যে পুনৰ বিবাহ পাশত আৱদ্ধ হৈছিল ৷আনহাতে অভিযুক্ত লোকজন সীমান্ত সুৰক্ষা বাহিনীৰ এজন বিষয়া আৰু যি   দেশৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়োৱাই আহিছে৷ গতিকে  তেওঁৰ বিৰুদ্ধে অমীমাংসিত হৈ থকা অপৰাধমূলক প্ৰক্ৰিয়াবোৰ বাতিল কৰা হৈছিল।


এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে, "গোচৰটোৰ তথ্যত, আমি অনুভৱ নকৰোঁ যে গোচৰটো অব্যাহত ৰাখি কোনো উপযোগী উদ্দেশ্য পূৰণ কৰা হ'ব। সীমান্ত সুৰক্ষা বাহিনীৰ এজন বিষয়া আৰু চাকৰিৰ প্ৰয়োজনীয়তা অনুসৰি আপীলকাৰীজনে দেশৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াব লাগিব, তেওঁক হাৰাশাস্তিৰ সন্মুখীন কৰাহে  হ’ব৷ ”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু