--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দুয়োপক্ষৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণভাৱে গোচৰ মীমাংসাৰ বাবে এগৰাকী মহিলাৰ প্ৰাক্তন স্বামীৰ বিৰুদ্ধে বিচাৰাধীন অপৰাধমূলক প্ৰক্ৰিয়া বাতিল কৰিছে।

২০০৩ চনৰ এটা ৰায়ৰ ওপৰত নিৰ্ভৰ কৰি ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত শীৰ্ষ আদালতৰ বিচাৰপীঠে মহিলাগৰাকীৰ প্ৰাক্তন স্বামীক সকাহ প্ৰদান কৰে আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৯৮এ, ৪২৭, ৫০৪ আৰু ৫০৬ সম্পৰ্কে তেওঁৰ বিৰুদ্ধে আৰম্ভ কৰা সকলো প্ৰক্ৰিয়া বাতিল কৰে ৷ 

 উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছিল যে, এইটো স্পষ্ট যে গোচৰীয়া পক্ষই  তেওঁলোকৰ বিবাদ সমাধান কৰিছিল আৰু এক মীমাংসা চুক্তিত উপনীত হৈছিল, যাৰ পিছত ২০১২  চনত দুয়োৰে  বিবাহ বিচ্ছেদৰ  মঞ্জুৰ কৰা হৈছিল। ইয়াৰ পিছত, লোকজনে তেওঁৰ বিৰুদ্ধে অপৰাধমূলক প্ৰক্ৰিয়া বাতিল কৰিবলৈ বিচাৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কিন্তু তেওঁৰ প্ৰাৰ্থনা নাকচ কৰা হৈছিল। শীৰ্ষ ন্যায়ালয়ে উল্লেখ কৰিছিল যে গোচৰীয়া পক্ষসমূহৰ মাজত মীমাংসা হোৱা স্বত্বেও এইটো কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, মহিলাগৰাকীয়ে ইতিমধ্যে পুনৰ বিবাহ পাশত আৱদ্ধ হৈছিল ৷আনহাতে অভিযুক্ত লোকজন সীমান্ত সুৰক্ষা বাহিনীৰ এজন বিষয়া আৰু যি   দেশৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়োৱাই আহিছে৷ গতিকে  তেওঁৰ বিৰুদ্ধে অমীমাংসিত হৈ থকা অপৰাধমূলক প্ৰক্ৰিয়াবোৰ বাতিল কৰা হৈছিল।


এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে, "গোচৰটোৰ তথ্যত, আমি অনুভৱ নকৰোঁ যে গোচৰটো অব্যাহত ৰাখি কোনো উপযোগী উদ্দেশ্য পূৰণ কৰা হ'ব। সীমান্ত সুৰক্ষা বাহিনীৰ এজন বিষয়া আৰু চাকৰিৰ প্ৰয়োজনীয়তা অনুসৰি আপীলকাৰীজনে দেশৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াব লাগিব, তেওঁক হাৰাশাস্তিৰ সন্মুখীন কৰাহে  হ’ব৷ ”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক