--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈবাহিক ধৰ্ষণৰ ওপৰত অহা ৯ মে’ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। ইয়াক এক অপৰাধমূলক কাৰ্য হিচাপে বিবেচনা কৰিব পাৰি নে নোৱাৰি, এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। উচ্চতম ন্যায়ালয়ত বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে ঘোষণা কৰিবলৈ ইতিমধ্যে আহ্বান জনাই আবেদন দাখিল কৰা হৈছে। আবেদনৰ শুনানি গ্ৰহণ কৰি আজি শীৰ্ষ ন্যায়ালয়ে এই সন্দৰ্ভত বিতং শুনানিৰ বাবে ৯ মে’ৰ সময় নিৰ্ধাৰণ কৰিছে।

জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন কৰিছিল। আনহাতে কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই সন্দৰ্ভত কেন্দ্ৰৰ উত্তৰ সাজু আৰু বিষয়টোৰ পৰীক্ষা কৰিব লাগিব বুলি আদালতত উল্লেখ কৰে।

ইয়াৰ পিছতে শীৰ্ষ আদালতৰ বিচাৰপীঠে বিষয়টো ৯ মে’ত শুনানিৰ বাবে তালিকাভুক্ত কৰে। উল্লেখ্য যে, বিগত ১৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে বৈবাহিক ধৰ্ষণক অপৰাধমূলক কাৰ্য হিচাপে গণ্য কৰিবলৈ আহ্বান জনাই দাখিল কৰা কিছু আবেদনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা সঁহাৰি বিচাৰিছিল।

লক্ষণীয়ভাৱে যোৱা বৰ্ষৰ মে’ মাহত দিল্লী উচ্চ ন্যায়ালয়ে বৈবাহিক ধৰ্ষণক অপৰাধমূলক কাৰ্য হিচাপে বুলি গণ্য কৰিবলৈ আহ্বান জনোৱা এনে আবেদনৰ শুনানি গ্ৰহণ কৰি পৃথক পৃথক মতামত প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে