--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈবাহিক ধৰ্ষণৰ ওপৰত অহা ৯ মে’ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। ইয়াক এক অপৰাধমূলক কাৰ্য হিচাপে বিবেচনা কৰিব পাৰি নে নোৱাৰি, এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। উচ্চতম ন্যায়ালয়ত বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে ঘোষণা কৰিবলৈ ইতিমধ্যে আহ্বান জনাই আবেদন দাখিল কৰা হৈছে। আবেদনৰ শুনানি গ্ৰহণ কৰি আজি শীৰ্ষ ন্যায়ালয়ে এই সন্দৰ্ভত বিতং শুনানিৰ বাবে ৯ মে’ৰ সময় নিৰ্ধাৰণ কৰিছে।

জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন কৰিছিল। আনহাতে কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই সন্দৰ্ভত কেন্দ্ৰৰ উত্তৰ সাজু আৰু বিষয়টোৰ পৰীক্ষা কৰিব লাগিব বুলি আদালতত উল্লেখ কৰে।

ইয়াৰ পিছতে শীৰ্ষ আদালতৰ বিচাৰপীঠে বিষয়টো ৯ মে’ত শুনানিৰ বাবে তালিকাভুক্ত কৰে। উল্লেখ্য যে, বিগত ১৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে বৈবাহিক ধৰ্ষণক অপৰাধমূলক কাৰ্য হিচাপে গণ্য কৰিবলৈ আহ্বান জনাই দাখিল কৰা কিছু আবেদনৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা সঁহাৰি বিচাৰিছিল।

লক্ষণীয়ভাৱে যোৱা বৰ্ষৰ মে’ মাহত দিল্লী উচ্চ ন্যায়ালয়ে বৈবাহিক ধৰ্ষণক অপৰাধমূলক কাৰ্য হিচাপে বুলি গণ্য কৰিবলৈ আহ্বান জনোৱা এনে আবেদনৰ শুনানি গ্ৰহণ কৰি পৃথক পৃথক মতামত প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ