--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাজু অন্যতম জনপ্ৰিয় শুকান ফল আৰু সকলো বয়সৰ লোকে খাই ভালপায়। ইয়াত থকা পুষ্টিকৰ উপাদানে স্বাস্থ্য ক্ষেত্ৰত বিশেষ অৰিহণা যোগায়। কিন্তু এইখন ভাৰততে কাজুৰ আকাশলংঘী দাম। য’ত কেজিত প্ৰায় ৮০০-১০০০ টকা দিবলগীয়া হয়। কিন্তু আপুনি জানি আচৰিত হ’ব যে ভাৰতৰ একমাত্ৰ এখন ঠাই য’ত প্ৰতি কেজিত কাজু ৩০-১০০ টকাৰ দৰত বিক্ৰী কৰা হয়। ঝাৰখণ্ডৰ জামতাৰা নামৰ জিলাখনে ইমান কম মূল্যত এই জনপ্ৰিয় শুকান ফলবিধ বিক্ৰী কৰে।

 কাজু চহৰ-

জামতাৰা চহৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দূৰত ‘নলা’ নামৰ এখন গাঁও আছে, যাক ঝাৰখণ্ডৰ ‘কাজু চহৰ’ বুলি কোৱা হয়। এই গাঁৱত প্ৰতি কেজি কাজুত ২০-৩০ টকা দৰত বিক্ৰী হয়, যিটো সমগ্ৰ দেশৰ আন যিকোনো শাক-পাচলিৰ দৰৰ সমান।

 ইয়াত কাজু ইমান সস্তা কিয়?

ইমান সস্তা হাৰত কাজু বিক্ৰী কৰাৰ প্ৰথম কাৰণটো হ’ল-এই গাঁওখনত ৫০ একৰ মাটিকালি আছে, য’ত গাঁওবাসীয়ে কাজুৰ খেতি কৰে। চৰকাৰী সূত্ৰৰ মতে, ২০১০ চনৰ আশে-পাশে যেতিয়া বন বিভাগে নলা গাঁৱৰ জলবায়ু আৰু মাটি কাজু খেতিৰ বাবে অনুকূল বুলি গম পাইছিল, তেতিয়া কাজু খেতি সকলোৰে দৃষ্টিগোচৰ হৈছিল।ইয়াৰ পাছত বৃহৎ পৰিসৰত কাজু খেতি কৰা হৈছিল। গছবোৰত কাজু ফল গজি উঠাৰ লগে লগে খেতিয়কসকলে সংগ্ৰহ কৰি ৰাস্তাৰ দাঁতিত বিক্ৰী কৰে দামৰ এক চতুৰ্থাংশত। এই ঠাইখন বিশেষ উন্নত নহয়, সেইবাবেই গাঁৱৰ মানুহে কাজু বাদাম ইমান সস্তা দামত বিক্ৰী কৰে।

 খেতি কেনেকৈ আৰম্ভ হ’ল?

সূত্ৰ অনুসৰি আই এ এছ কৃপানন্দ ঝা জামতাৰাৰ উপ-আয়ুক্ত হৈ থকাৰ সময়ত তেওঁ গম পাইছিল যে নলাৰ মাটি আৰু জলবায়ু কাজু খেতিৰ বাবে উপযোগী। এইদৰে তেওঁ একাংশ কৃষি বিজ্ঞানীৰ লগত কাজু খেতি কৰাৰ সন্দৰ্ভত আলোচনা কৰিছিল। ইয়াৰ পাছত বন বিভাগে উদ্যোগ লৈ নলাত ৫০ একৰ মাটিত কাজুৰ পুলি ৰোপণ কৰে। তেতিয়াৰ পৰা ঝাৰখণ্ডত কাজুৰ খেতি অব্যাহত আছে, কিন্তু দুখৰ বিষয় যে ইমান কম দামত কাজু বিক্ৰী কৰাৰ বাবে ইয়াৰ দ্বাৰা কৃষকসকল আজিও উপকৃত হ’ব পৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ