--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাজু অন্যতম জনপ্ৰিয় শুকান ফল আৰু সকলো বয়সৰ লোকে খাই ভালপায়। ইয়াত থকা পুষ্টিকৰ উপাদানে স্বাস্থ্য ক্ষেত্ৰত বিশেষ অৰিহণা যোগায়। কিন্তু এইখন ভাৰততে কাজুৰ আকাশলংঘী দাম। য’ত কেজিত প্ৰায় ৮০০-১০০০ টকা দিবলগীয়া হয়। কিন্তু আপুনি জানি আচৰিত হ’ব যে ভাৰতৰ একমাত্ৰ এখন ঠাই য’ত প্ৰতি কেজিত কাজু ৩০-১০০ টকাৰ দৰত বিক্ৰী কৰা হয়। ঝাৰখণ্ডৰ জামতাৰা নামৰ জিলাখনে ইমান কম মূল্যত এই জনপ্ৰিয় শুকান ফলবিধ বিক্ৰী কৰে।

 কাজু চহৰ-

জামতাৰা চহৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দূৰত ‘নলা’ নামৰ এখন গাঁও আছে, যাক ঝাৰখণ্ডৰ ‘কাজু চহৰ’ বুলি কোৱা হয়। এই গাঁৱত প্ৰতি কেজি কাজুত ২০-৩০ টকা দৰত বিক্ৰী হয়, যিটো সমগ্ৰ দেশৰ আন যিকোনো শাক-পাচলিৰ দৰৰ সমান।

 ইয়াত কাজু ইমান সস্তা কিয়?

ইমান সস্তা হাৰত কাজু বিক্ৰী কৰাৰ প্ৰথম কাৰণটো হ’ল-এই গাঁওখনত ৫০ একৰ মাটিকালি আছে, য’ত গাঁওবাসীয়ে কাজুৰ খেতি কৰে। চৰকাৰী সূত্ৰৰ মতে, ২০১০ চনৰ আশে-পাশে যেতিয়া বন বিভাগে নলা গাঁৱৰ জলবায়ু আৰু মাটি কাজু খেতিৰ বাবে অনুকূল বুলি গম পাইছিল, তেতিয়া কাজু খেতি সকলোৰে দৃষ্টিগোচৰ হৈছিল।ইয়াৰ পাছত বৃহৎ পৰিসৰত কাজু খেতি কৰা হৈছিল। গছবোৰত কাজু ফল গজি উঠাৰ লগে লগে খেতিয়কসকলে সংগ্ৰহ কৰি ৰাস্তাৰ দাঁতিত বিক্ৰী কৰে দামৰ এক চতুৰ্থাংশত। এই ঠাইখন বিশেষ উন্নত নহয়, সেইবাবেই গাঁৱৰ মানুহে কাজু বাদাম ইমান সস্তা দামত বিক্ৰী কৰে।

 খেতি কেনেকৈ আৰম্ভ হ’ল?

সূত্ৰ অনুসৰি আই এ এছ কৃপানন্দ ঝা জামতাৰাৰ উপ-আয়ুক্ত হৈ থকাৰ সময়ত তেওঁ গম পাইছিল যে নলাৰ মাটি আৰু জলবায়ু কাজু খেতিৰ বাবে উপযোগী। এইদৰে তেওঁ একাংশ কৃষি বিজ্ঞানীৰ লগত কাজু খেতি কৰাৰ সন্দৰ্ভত আলোচনা কৰিছিল। ইয়াৰ পাছত বন বিভাগে উদ্যোগ লৈ নলাত ৫০ একৰ মাটিত কাজুৰ পুলি ৰোপণ কৰে। তেতিয়াৰ পৰা ঝাৰখণ্ডত কাজুৰ খেতি অব্যাহত আছে, কিন্তু দুখৰ বিষয় যে ইমান কম দামত কাজু বিক্ৰী কৰাৰ বাবে ইয়াৰ দ্বাৰা কৃষকসকল আজিও উপকৃত হ’ব পৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে