--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় দেওবাৰে বিশ্ব বিবাহ দিৱস পালন কৰা হয়। এই দিনটো প্ৰেম, দায়বদ্ধতা আৰু আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক। এইবাৰ ১১ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। এই দিনটোত সমগ্ৰ বিশ্বৰ দম্পতীয়ে নিজৰ বিবাহ জীৱন উদযাপন কৰি ইজনে সিজনৰ লগত প্ৰেম আৰু সুখৰ বান্ধোন দৃঢ় কৰে। 

বৰ্তমান ডিভৰ্চৰ সংখ্যাও বাঢ়িছে। খুব সোনকালেই সংসাৰবোৰত ভাঙোন আৰম্ভ হৈছে। আজি আমি আপোনালোকৰ লগত কিছু যাদুকৰী টিপচ্‌ শ্বেয়াৰ কৰিম, যিয়ে আপোনালোকৰ বিবাহিত জীৱনত প্ৰেম বজাই ৰখাত সহায় কৰিব।

১) ইজনে সিজনৰ বাবে সময় উলিয়াওকঃ ব্যস্ত জীৱনত ইজনে সিজনৰ বাবে সময় বিচাৰি পোৱাটো কঠিন হ’ব পাৰে, কিন্তু ই অতি গুৰুত্বপূৰ্ণ। দিনটোৰ ঘটনাৰ কথাই হওক বা আৱেগ ভাগ-বতৰা কৰাই হওক প্ৰতিদিনে কেইমিনিটমান ইজনে সিজনৰ লগত কথা পাতক।

২) প্ৰেম প্ৰকাশ কৰকঃ আপোনাৰ প্ৰেম আৰু মৰম দেখুৱাবলৈ জীৱনসংগীক "মই তোমাক ভাল পাওঁ" বুলি ক'বলৈ কুণ্ঠাবোধ নকৰিব। আলিংগন বা হাতত ধৰাৰ দৰে সৰু সৰু প্ৰেমৰ ইংগিতে সম্পৰ্ক এটাত গভীৰতা বৃদ্ধি কৰে।

৩) ইজনে সিজনক প্ৰশংসা কৰকঃ আপোনাৰ জীৱনসংগীৰ ভাল কামবোৰৰ শলাগ লওক। তেওঁলোকৰ কৃতিত্ব আৰু প্ৰচেষ্টাক স্বীকাৰ আৰু উৎসাহিত কৰক।

৪) ইজনে সিজনক ক্ষমা কৰিবঃ সম্পৰ্কত ভুল হোৱাটো সাধাৰণ কথা, ভুল হ'লে ক্ষমাশীল হৈ আগবাঢ়ি যাওক।

৫) একেলগে সময় কটাওকঃ একেলগে কিছুমান মজাৰ কামত লিপ্ত হওক, যেনে খোজ কঢ়া, ৰন্ধা-বঢ়া কৰা বা চিনেমা চোৱা। ইয়াৰ ফলত আপুনি ইজনে সিজনৰ ওচৰ চাপিব।

৬) ভাল কথা পাতকঃ আপোনাৰ আৱেগ, চিন্তা আৰু চৰ্চাসমূহ আপোনাৰ জীৱনসংগীৰ সৈতে মুকলিকৈ ভাগ-বতৰা কৰক। ভালদৰে যোগাযোগ কৰিলে সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পায়।

৭) ৰোমাঞ্চক জীয়াই ৰাখকঃ আপোনাৰ সম্পৰ্কত ৰোমাঞ্চক জীয়াই ৰাখিবলৈ চেষ্টা কৰক। ছাৰপ্ৰাইজ গিফ্ট, ৰোমান্টিক ডিনাৰ বা চুটি ভ্ৰমণে সম্পৰ্কত সতেজতা আনিব পাৰে।

৮) পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটাওকঃ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটোৱাটোও সম্পৰ্কৰ বাবে উপকাৰী। ইয়াৰ লগে লগে দুয়োজনে ইজনে সিজনৰ পৰা অলপ বিৰতি পাব আৰু আপোনালোকৰ সম্পৰ্ক সুদৃঢ় কৰিব পাৰিব।

৯) ইজনে সিজনৰ প্ৰয়োজনীয়তাৰ যত্ন লওকঃ আপোনাৰ সংগীৰ প্ৰয়োজন আৰু ইচ্ছা বুজিবলৈ চেষ্টা কৰক। তেওঁক সহায় কৰক আৰু তেওঁক সমৰ্থন কৰক।

১০) মুকলি মনৰ হওকঃ  সময়ৰ লগে লগে পৰিৱৰ্তন আহিয়েই থাকে। মুকলি মনৰ হওক আৰু পৰিৱৰ্তন গ্ৰহণ কৰক।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট