--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় দেওবাৰে বিশ্ব বিবাহ দিৱস পালন কৰা হয়। এই দিনটো প্ৰেম, দায়বদ্ধতা আৰু আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক। এইবাৰ ১১ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। এই দিনটোত সমগ্ৰ বিশ্বৰ দম্পতীয়ে নিজৰ বিবাহ জীৱন উদযাপন কৰি ইজনে সিজনৰ লগত প্ৰেম আৰু সুখৰ বান্ধোন দৃঢ় কৰে। 

বৰ্তমান ডিভৰ্চৰ সংখ্যাও বাঢ়িছে। খুব সোনকালেই সংসাৰবোৰত ভাঙোন আৰম্ভ হৈছে। আজি আমি আপোনালোকৰ লগত কিছু যাদুকৰী টিপচ্‌ শ্বেয়াৰ কৰিম, যিয়ে আপোনালোকৰ বিবাহিত জীৱনত প্ৰেম বজাই ৰখাত সহায় কৰিব।

১) ইজনে সিজনৰ বাবে সময় উলিয়াওকঃ ব্যস্ত জীৱনত ইজনে সিজনৰ বাবে সময় বিচাৰি পোৱাটো কঠিন হ’ব পাৰে, কিন্তু ই অতি গুৰুত্বপূৰ্ণ। দিনটোৰ ঘটনাৰ কথাই হওক বা আৱেগ ভাগ-বতৰা কৰাই হওক প্ৰতিদিনে কেইমিনিটমান ইজনে সিজনৰ লগত কথা পাতক।

২) প্ৰেম প্ৰকাশ কৰকঃ আপোনাৰ প্ৰেম আৰু মৰম দেখুৱাবলৈ জীৱনসংগীক "মই তোমাক ভাল পাওঁ" বুলি ক'বলৈ কুণ্ঠাবোধ নকৰিব। আলিংগন বা হাতত ধৰাৰ দৰে সৰু সৰু প্ৰেমৰ ইংগিতে সম্পৰ্ক এটাত গভীৰতা বৃদ্ধি কৰে।

৩) ইজনে সিজনক প্ৰশংসা কৰকঃ আপোনাৰ জীৱনসংগীৰ ভাল কামবোৰৰ শলাগ লওক। তেওঁলোকৰ কৃতিত্ব আৰু প্ৰচেষ্টাক স্বীকাৰ আৰু উৎসাহিত কৰক।

৪) ইজনে সিজনক ক্ষমা কৰিবঃ সম্পৰ্কত ভুল হোৱাটো সাধাৰণ কথা, ভুল হ'লে ক্ষমাশীল হৈ আগবাঢ়ি যাওক।

৫) একেলগে সময় কটাওকঃ একেলগে কিছুমান মজাৰ কামত লিপ্ত হওক, যেনে খোজ কঢ়া, ৰন্ধা-বঢ়া কৰা বা চিনেমা চোৱা। ইয়াৰ ফলত আপুনি ইজনে সিজনৰ ওচৰ চাপিব।

৬) ভাল কথা পাতকঃ আপোনাৰ আৱেগ, চিন্তা আৰু চৰ্চাসমূহ আপোনাৰ জীৱনসংগীৰ সৈতে মুকলিকৈ ভাগ-বতৰা কৰক। ভালদৰে যোগাযোগ কৰিলে সম্পৰ্কত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পায়।

৭) ৰোমাঞ্চক জীয়াই ৰাখকঃ আপোনাৰ সম্পৰ্কত ৰোমাঞ্চক জীয়াই ৰাখিবলৈ চেষ্টা কৰক। ছাৰপ্ৰাইজ গিফ্ট, ৰোমান্টিক ডিনাৰ বা চুটি ভ্ৰমণে সম্পৰ্কত সতেজতা আনিব পাৰে।

৮) পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটাওকঃ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটোৱাটোও সম্পৰ্কৰ বাবে উপকাৰী। ইয়াৰ লগে লগে দুয়োজনে ইজনে সিজনৰ পৰা অলপ বিৰতি পাব আৰু আপোনালোকৰ সম্পৰ্ক সুদৃঢ় কৰিব পাৰিব।

৯) ইজনে সিজনৰ প্ৰয়োজনীয়তাৰ যত্ন লওকঃ আপোনাৰ সংগীৰ প্ৰয়োজন আৰু ইচ্ছা বুজিবলৈ চেষ্টা কৰক। তেওঁক সহায় কৰক আৰু তেওঁক সমৰ্থন কৰক।

১০) মুকলি মনৰ হওকঃ  সময়ৰ লগে লগে পৰিৱৰ্তন আহিয়েই থাকে। মুকলি মনৰ হওক আৰু পৰিৱৰ্তন গ্ৰহণ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ