--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ বৈষ্ণোদেৱী মন্দিৰ হিন্দুসকলৰ এক বিখ্যাত তীৰ্থস্থান। য’ত হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ভীৰ কৰে৷ শেহতীয়া কৈ এই মন্দিৰলৈ যতায়ত ব্যৱস্থাত এক নতুন সংযোজন ঘটাবলৈ গৈ আছে৷ এই লৈ এতিয়া স্থানীয় ব্যৱসায়ী সকলৰ মাজত সৃষ্টি হৈছে বিৰোধ৷   

বৈষ্ণোদেৱী মন্দিৰৰ পৰিচালনা কৰা শ্ৰী মাতা বৈষ্ণোদেৱী শ্ৰাইন ব'ৰ্ডে জম্মু-কাশ্মীৰৰ বৈষ্ণোদেৱীৰৰ ৰ’পৱে প্ৰকল্পৰ বৰোধিতা কৰি স্থানীয় ব্যৱসায়ীসকলে আহ্বান জনোৱা ৭২ ঘণ্টীয়া বন্ধৰ আজি দ্বিতীয় দিন শনিবাৰ। ইয়াৰ পিছতো বন্ধ চলি থাকিব নেকি সেই লৈ ইতিমধ্যে ভক্তসকল চিন্তিত হৈ পৰিছে। স্থানীয় ব্যৱসায়ীসকলৰ এই বন্ধত ভক্তসকল সমস্যাৰ সন্মুখীন হৈছে।

উল্লেখনীয় যে বৈষ্ণোদেৱীলৈ যাবলৈ বহু তীৰ্থযাত্ৰী ঘোঁৰাত উঠি পাহাৰীয়া পথেৰে যাত্ৰা কৰে। যাৰ বাবে এই ব্যৱসায় চলি আছে আৰু বহুলোক এই বৃত্তিৰ লগত জড়িত। এই প্ৰকল্পই তেওঁলোকৰ জীৱিকা ওপৰত প্ৰভাৱ পেলাব। সেয়ে পোনপটীয়াকৈ বৈষ্ণোদেৱীলৈ যাবলৈ ৰ’পৱেৰ ব্যৱস্থাৰ প্ৰকল্পটো আৰম্ভ হোৱাৰ আগতেই প্ৰতিবাদত বহিল ব্যৱসায়ীসকল। তেওঁলোকে আশংকা কৰিছে যে ৰ’পৱে মুকলি হ’লে বহুতে জীৱিকা হেৰুৱাব। সেয়ে ব্যৱসায়ীসকলে ৰ’পৱে আৰম্ভ নকৰিবৰ বাবে বিৰোধিতা কৰিছে।

ব্যৱসায়ীসকলে কয় যে বিগত তিনিবছৰ ধৰি ইয়াৰ বিৰুদ্ধে যুঁজি আহিছে। তেওঁ লোকক মন্দিৰ পৰিচালনা সমিতিয়ে আশ্বাস দি আহিছিল। কিন্তু এতিয়া মন্দিৰ কমিটীয়ে এই প্ৰকল্পটো আৰম্ভ কৰিছে। তেওঁলোকৰ দাবী পূৰণ নহ’লে এই বন্ধ চলি থাকিব বুলি সদৰি কৰিছে৷ 

মন্দিৰ সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া আনছুল গাৰ্গে কয়, ‘এই প্ৰকল্পই অঞ্চলটোলৈ সমৃদ্ধি কঢ়িয়াই আনিব। বিশেষকৈ যিসকলে পাহাৰীয়া পথত খোজ কাঢ়িব নোৱাৰে, এই প্ৰকল্পৰ ৰূপায়ণে ভক্তসকল যথেষ্ট উপকাৰিত হ’ব বুলি উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু