--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ বৈষ্ণোদেৱী মন্দিৰ হিন্দুসকলৰ এক বিখ্যাত তীৰ্থস্থান। য’ত হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ভীৰ কৰে৷ শেহতীয়া কৈ এই মন্দিৰলৈ যতায়ত ব্যৱস্থাত এক নতুন সংযোজন ঘটাবলৈ গৈ আছে৷ এই লৈ এতিয়া স্থানীয় ব্যৱসায়ী সকলৰ মাজত সৃষ্টি হৈছে বিৰোধ৷   

বৈষ্ণোদেৱী মন্দিৰৰ পৰিচালনা কৰা শ্ৰী মাতা বৈষ্ণোদেৱী শ্ৰাইন ব'ৰ্ডে জম্মু-কাশ্মীৰৰ বৈষ্ণোদেৱীৰৰ ৰ’পৱে প্ৰকল্পৰ বৰোধিতা কৰি স্থানীয় ব্যৱসায়ীসকলে আহ্বান জনোৱা ৭২ ঘণ্টীয়া বন্ধৰ আজি দ্বিতীয় দিন শনিবাৰ। ইয়াৰ পিছতো বন্ধ চলি থাকিব নেকি সেই লৈ ইতিমধ্যে ভক্তসকল চিন্তিত হৈ পৰিছে। স্থানীয় ব্যৱসায়ীসকলৰ এই বন্ধত ভক্তসকল সমস্যাৰ সন্মুখীন হৈছে।

উল্লেখনীয় যে বৈষ্ণোদেৱীলৈ যাবলৈ বহু তীৰ্থযাত্ৰী ঘোঁৰাত উঠি পাহাৰীয়া পথেৰে যাত্ৰা কৰে। যাৰ বাবে এই ব্যৱসায় চলি আছে আৰু বহুলোক এই বৃত্তিৰ লগত জড়িত। এই প্ৰকল্পই তেওঁলোকৰ জীৱিকা ওপৰত প্ৰভাৱ পেলাব। সেয়ে পোনপটীয়াকৈ বৈষ্ণোদেৱীলৈ যাবলৈ ৰ’পৱেৰ ব্যৱস্থাৰ প্ৰকল্পটো আৰম্ভ হোৱাৰ আগতেই প্ৰতিবাদত বহিল ব্যৱসায়ীসকল। তেওঁলোকে আশংকা কৰিছে যে ৰ’পৱে মুকলি হ’লে বহুতে জীৱিকা হেৰুৱাব। সেয়ে ব্যৱসায়ীসকলে ৰ’পৱে আৰম্ভ নকৰিবৰ বাবে বিৰোধিতা কৰিছে।

ব্যৱসায়ীসকলে কয় যে বিগত তিনিবছৰ ধৰি ইয়াৰ বিৰুদ্ধে যুঁজি আহিছে। তেওঁ লোকক মন্দিৰ পৰিচালনা সমিতিয়ে আশ্বাস দি আহিছিল। কিন্তু এতিয়া মন্দিৰ কমিটীয়ে এই প্ৰকল্পটো আৰম্ভ কৰিছে। তেওঁলোকৰ দাবী পূৰণ নহ’লে এই বন্ধ চলি থাকিব বুলি সদৰি কৰিছে৷ 

মন্দিৰ সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া আনছুল গাৰ্গে কয়, ‘এই প্ৰকল্পই অঞ্চলটোলৈ সমৃদ্ধি কঢ়িয়াই আনিব। বিশেষকৈ যিসকলে পাহাৰীয়া পথত খোজ কাঢ়িব নোৱাৰে, এই প্ৰকল্পৰ ৰূপায়ণে ভক্তসকল যথেষ্ট উপকাৰিত হ’ব বুলি উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ