--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ অনুশক্তি নগৰ বিধান সভা সমষ্টিত স্বামী ফাহাদ আহমেদৰ পৰাজয়ৰ পিছত অভিনেত্ৰী স্বৰা ভাস্কৰে অনিয়মৰ অভিযোগ উত্থাপন কৰিছে।এন চি পি (এছ পি)ৰ প্ৰাৰ্থী আহমেদে প্ৰথম বিধানসভা নিৰ্বাচনত এন চি পিৰ জ্যেষ্ঠ নেতা নবাব মালিকৰ কন্যা ছানা মালিকৰ হাতত পৰাস্ত হয়। অজিত পাৱাৰ নেতৃত্বাধীন এন চি পি ফৈদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ছানা মালিকে আহমেদক ৩৩৭৮টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ত ভোট গণনাৰ সময়ত অনিয়ম সংঘটিত হোৱা বুলি ছ’চিয়েল মিডিয়াত অভিযোগ কৰে স্বৰাই। তেওঁ দাবী কৰে যে দৌৰত আগবাঢ়ি থকা ফাহাদে ১৭, ১৮ আৰু ১৯ ৰাউণ্ডৰ গণনাত ‘৯৯ শতাংশ বেটাৰী’ থকা ইভিএম খোলাৰ লগে লগে ফলাফলত হঠাৎ পৰিৱৰ্তন দেখা পাইছিল।

সামাজিক মাধ্যম এক্সত এই বিষয়ত প্ৰশ্ন উত্থাপন কৰি স্বৰাই কয় যে, "যিবোৰ মেচিনত গোটেই দিনটো ভোটদান কৰা হৈছে, সেইবোৰৰ বেটাৰী কেনেকৈ ৯৯ শতাংশ চাৰ্জ কৰিব পাৰি?" তেওঁ লগতে উদ্বেগ প্ৰকাশ কৰে যে "৯৯ শতাংশ চাৰ্জ বেটাৰী" বিজেপি সমৰ্থিত প্ৰাৰ্থীৰ অনুকূল যেন লাগে।

নিৰ্বাচন আয়োগক সম্বোধন কৰি ফাহাদ আহমেদেও নিজৰ সন্দেহ প্ৰকাশ কৰি ফলাফলক “ৰেংক মেনিপুলেচন” বুলি অভিহিত কৰি নিৰ্বাচনী ৰাউণ্ড পুনৰ গণনাৰ দাবী জনায়। ১৭ ৰাউণ্ডলৈকে মই আগবাঢ়ি আছিলো।চিইউ (কণ্ট্ৰল ইউনিট)ৰ ৯৯% বেটাৰীৰ সমস্যাটোৰ সমাধান কৰাটো প্ৰয়োজন।’

সমাজবাদী পাৰ্টিৰ প্ৰাক্তন সদস্য ফাহাদে অক্টোবৰ মাহত এন চি পি (এছ পি)ত যোগদান কৰিছিল। ছাত্ৰ ৰাজনীতি আৰু কা বিৰোধী প্ৰতিবাদত সক্ৰিয় অংশগ্ৰহণৰ বাবে তেওঁ পৰিচিত৷ ছনা মালিকৰ এই জয় ৰাজ্যৰ ৰাজনীতিত তেওঁৰ প্ৰথমটো জয়, কিয়নো পূৰ্বৰ নিৰ্বাচনত তেওঁৰ পিতৃ নবাব মালিকে অনুশক্তিৰ নগৰৰ আসন দখল কৰিছিল। 

মহাৰাষ্ট্ৰত ৬৬ শতাংশতকৈ অধিক ভোটদান হৈছে, যিটো ২০১৯ চনৰ নিৰ্বাচনত ৬১ শতাংশ ভোটদানৰ তুলনাত অধিক। কংগ্ৰেছ, শিৱসেনা (ইউবিটি) আৰু এনচিপি (এছপি)ক লৈ গঠিত এমভিএ মিত্ৰজোঁটক অতিক্ৰম কৰিলে বিজেপি, শিৱসেনা আৰু এনচিপিৰে গঠিত মহাযুতি মিত্ৰজোঁট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ