--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ অনুশক্তি নগৰ বিধান সভা সমষ্টিত স্বামী ফাহাদ আহমেদৰ পৰাজয়ৰ পিছত অভিনেত্ৰী স্বৰা ভাস্কৰে অনিয়মৰ অভিযোগ উত্থাপন কৰিছে।এন চি পি (এছ পি)ৰ প্ৰাৰ্থী আহমেদে প্ৰথম বিধানসভা নিৰ্বাচনত এন চি পিৰ জ্যেষ্ঠ নেতা নবাব মালিকৰ কন্যা ছানা মালিকৰ হাতত পৰাস্ত হয়। অজিত পাৱাৰ নেতৃত্বাধীন এন চি পি ফৈদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ছানা মালিকে আহমেদক ৩৩৭৮টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ত ভোট গণনাৰ সময়ত অনিয়ম সংঘটিত হোৱা বুলি ছ’চিয়েল মিডিয়াত অভিযোগ কৰে স্বৰাই। তেওঁ দাবী কৰে যে দৌৰত আগবাঢ়ি থকা ফাহাদে ১৭, ১৮ আৰু ১৯ ৰাউণ্ডৰ গণনাত ‘৯৯ শতাংশ বেটাৰী’ থকা ইভিএম খোলাৰ লগে লগে ফলাফলত হঠাৎ পৰিৱৰ্তন দেখা পাইছিল।

সামাজিক মাধ্যম এক্সত এই বিষয়ত প্ৰশ্ন উত্থাপন কৰি স্বৰাই কয় যে, "যিবোৰ মেচিনত গোটেই দিনটো ভোটদান কৰা হৈছে, সেইবোৰৰ বেটাৰী কেনেকৈ ৯৯ শতাংশ চাৰ্জ কৰিব পাৰি?" তেওঁ লগতে উদ্বেগ প্ৰকাশ কৰে যে "৯৯ শতাংশ চাৰ্জ বেটাৰী" বিজেপি সমৰ্থিত প্ৰাৰ্থীৰ অনুকূল যেন লাগে।

নিৰ্বাচন আয়োগক সম্বোধন কৰি ফাহাদ আহমেদেও নিজৰ সন্দেহ প্ৰকাশ কৰি ফলাফলক “ৰেংক মেনিপুলেচন” বুলি অভিহিত কৰি নিৰ্বাচনী ৰাউণ্ড পুনৰ গণনাৰ দাবী জনায়। ১৭ ৰাউণ্ডলৈকে মই আগবাঢ়ি আছিলো।চিইউ (কণ্ট্ৰল ইউনিট)ৰ ৯৯% বেটাৰীৰ সমস্যাটোৰ সমাধান কৰাটো প্ৰয়োজন।’

সমাজবাদী পাৰ্টিৰ প্ৰাক্তন সদস্য ফাহাদে অক্টোবৰ মাহত এন চি পি (এছ পি)ত যোগদান কৰিছিল। ছাত্ৰ ৰাজনীতি আৰু কা বিৰোধী প্ৰতিবাদত সক্ৰিয় অংশগ্ৰহণৰ বাবে তেওঁ পৰিচিত৷ ছনা মালিকৰ এই জয় ৰাজ্যৰ ৰাজনীতিত তেওঁৰ প্ৰথমটো জয়, কিয়নো পূৰ্বৰ নিৰ্বাচনত তেওঁৰ পিতৃ নবাব মালিকে অনুশক্তিৰ নগৰৰ আসন দখল কৰিছিল। 

মহাৰাষ্ট্ৰত ৬৬ শতাংশতকৈ অধিক ভোটদান হৈছে, যিটো ২০১৯ চনৰ নিৰ্বাচনত ৬১ শতাংশ ভোটদানৰ তুলনাত অধিক। কংগ্ৰেছ, শিৱসেনা (ইউবিটি) আৰু এনচিপি (এছপি)ক লৈ গঠিত এমভিএ মিত্ৰজোঁটক অতিক্ৰম কৰিলে বিজেপি, শিৱসেনা আৰু এনচিপিৰে গঠিত মহাযুতি মিত্ৰজোঁট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু