--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাতিপুৱা প্ৰায় পাঁচ মান বজাত যোৰাবাটত আৰক্ষী আৰু যোৰাবাট যান বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

ডিজিটেল ডেস্ক : যোৰাবাটৰ তেৰ মাইলত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ। মৃতদেহটো ৪০ উৰ্ধৰ এগৰাকী মহিলাৰ।


২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ দাঁতিত পৰি আছিল মৃতদেহটো।


ৰাতিপুৱা প্ৰায় পাঁচ মান বজাত যোৰাবাটত আৰক্ষী আৰু যোৰাবাট যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।


মৃতদেহটো উদ্ধাৰ হোৱা ঠাইত দুৰ্ঘটনা হোৱাৰ কোনো চিহ্ন পোৱা নাই আৰক্ষীয়ে। মৃতদেহটোৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট।


সম্পূৰ্ণ ঘটনা ৰহস্যৰ আৱৰ্তত। অচিনাক্ত মহিলাগৰাকীৰ দুৰ্ঘটনাত মৃত্যু হৈছিল নে কোনোবাই এন্ধাৰৰ সুযোগ লৈ হত্যা কৰি পেলাই থৈ গৈছিল সেয়া সন্দেহৰ আৱৰ্তত ।


যোৰাবাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ