--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ওলমি থকা অৱস্থাত স্থানীয় লোকে মৃতদেহ দুটা দেখা পাই খবৰ দিয়ে মৰিগাঁও আৰক্ষীক। দুৰ্ভগীয়া বৃদ্ধ দম্পতীৰ নাম ক্ৰমে - ৰাকবৰ বৰদলৈ (৭৫) আৰু নিলেমাই বৰদলৈ (৭১)।

ডিজিটেল ডেস্কঃ মৰিগাঁৱত এহাল বৃদ্ধ দম্পতীৰ চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। কেমেৰাৰ সন্মুখত কোনেও মুখ খুলি ক'ব নিবিছাৰে বৃদ্ধ দম্পতীৰ আত্মহত্যাৰ সম্ভাব্য কাৰণ। কি কাৰণত এহাল সত্তৰোৰ্ধৰ দম্পতীয়ে ল'ব লগা হ'ল এনে চৰম সিদ্ধান্ত।


মৰিগাঁৱৰ সিধাবাৰীত সংঘটিত হ'ল এই হৃদয় বিদাৰক ঘটনা । বুধবাৰে আবেলি এক সত্তৰোৰ্দ্ধৰ বৃদ্ধ দম্পতীয়ে ল'লে চৰম সিদ্ধান্ত। একেটা কোঠাতে ওচৰা ওচৰিকৈ ডিঙিত চিপ লৈ আত্মহত্যা।


ওলমি থকা অৱস্থাত স্থানীয় লোকে মৃতদেহ দুটা দেখা পাই খবৰ দিয়ে মৰিগাঁও আৰক্ষীক। দুৰ্ভগীয়া বৃদ্ধ দম্পতীৰ নাম ক্ৰমে - ৰাকবৰ বৰদলৈ (৭৫) আৰু নিলেমাই বৰদলৈ (৭১)।


ঘটনাস্থলীত উপস্থিত হৈ মৰিগাঁও আৰক্ষীয়ে সোধ পোছ কৰে যদিও কোনেও যেন মুখ খুলি ক'ব নিবিছাৰে বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্তৰ সম্ভাব্য কাৰণ। সাংবাদিকৰ কেমেৰাৰ সন্মুখতো মুখ খুলি ক'ব নিবিছাৰে স্থানীয় লোকে।


কাৰো যেন সন্দেহ, অভিযোগ একো নাই বৃদ্ধ দম্পতীৰ এনে চৰম সিদ্ধান্তত, যিয়ে ঘটনাটো ৰহস্যজনক কৰি তুলিছে। কিমান আঘাত পালে, কিমান বব নোৱাৰা বেদনাত কলিজা কলা পৰিলে সত্তৰ উৰ্ধৰ এহাল পতি -পত্নীয়ে জীৱনক লৈ এনে কঠোৰ আৰু নিৰ্মম সিদ্ধান্ত ল'ব পাৰে!


দিন-হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বৃদ্ধ দম্পতী এনে কি মানসিক যন্ত্ৰনাত ভুগিছিল, যাৰ বাবে নিজকে নিঃশেষ কৰি নিজৰ ওপৰতে প্ৰতিশোধ লৈ নহা বাটেৰে গুছি গ'ল বুকুত এবুকু বেদনা লৈ। পুত্ৰ-বোৱাৰী বা আন কোনো সদস্য নথকা বৃদ্ধ দম্পতীৰ আত্মহত্যাৰ কাৰণ পাৰিবাৰিক সংঘাত হোৱাৰ আশংকা মুঠেই নাই।


এনেক্ষেত্ৰত সামাজিকভাৱে বৃদ্ধ দম্পতীৰ ওপৰত কোনো লোকে চলাইছিল নেকি মানসিক নিৰ্যাতন নে কোনো সামাজিক চক্ৰৰ চৰ্ত পূৰণ কৰিব নোৱাৰি জীৱনৰ প্ৰতি ক্ষোভ আক্ষেপত লোৱা চৰম সিন্ধান্ত এয়া। এয়াই যদি নহয়, তেন্তে নিৰুত্তৰ কিয় সকলো। ঘটনাটোৰ পাছত এনেবোৰ প্ৰশ্নৰ কোলোহলে আগভেটা দিছে সচেতন মহলক। এতিয়া আৰক্ষীৰ তদন্ততহে ওলাই পৰিব বৃদ্ধ দম্পতীৰ আত্মহত্যাৰ আঁৰৰ প্ৰকৃত ৰহস্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু