--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ওলমি থকা অৱস্থাত স্থানীয় লোকে মৃতদেহ দুটা দেখা পাই খবৰ দিয়ে মৰিগাঁও আৰক্ষীক। দুৰ্ভগীয়া বৃদ্ধ দম্পতীৰ নাম ক্ৰমে - ৰাকবৰ বৰদলৈ (৭৫) আৰু নিলেমাই বৰদলৈ (৭১)।

ডিজিটেল ডেস্কঃ মৰিগাঁৱত এহাল বৃদ্ধ দম্পতীৰ চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। কেমেৰাৰ সন্মুখত কোনেও মুখ খুলি ক'ব নিবিছাৰে বৃদ্ধ দম্পতীৰ আত্মহত্যাৰ সম্ভাব্য কাৰণ। কি কাৰণত এহাল সত্তৰোৰ্ধৰ দম্পতীয়ে ল'ব লগা হ'ল এনে চৰম সিদ্ধান্ত।


মৰিগাঁৱৰ সিধাবাৰীত সংঘটিত হ'ল এই হৃদয় বিদাৰক ঘটনা । বুধবাৰে আবেলি এক সত্তৰোৰ্দ্ধৰ বৃদ্ধ দম্পতীয়ে ল'লে চৰম সিদ্ধান্ত। একেটা কোঠাতে ওচৰা ওচৰিকৈ ডিঙিত চিপ লৈ আত্মহত্যা।


ওলমি থকা অৱস্থাত স্থানীয় লোকে মৃতদেহ দুটা দেখা পাই খবৰ দিয়ে মৰিগাঁও আৰক্ষীক। দুৰ্ভগীয়া বৃদ্ধ দম্পতীৰ নাম ক্ৰমে - ৰাকবৰ বৰদলৈ (৭৫) আৰু নিলেমাই বৰদলৈ (৭১)।


ঘটনাস্থলীত উপস্থিত হৈ মৰিগাঁও আৰক্ষীয়ে সোধ পোছ কৰে যদিও কোনেও যেন মুখ খুলি ক'ব নিবিছাৰে বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্তৰ সম্ভাব্য কাৰণ। সাংবাদিকৰ কেমেৰাৰ সন্মুখতো মুখ খুলি ক'ব নিবিছাৰে স্থানীয় লোকে।


কাৰো যেন সন্দেহ, অভিযোগ একো নাই বৃদ্ধ দম্পতীৰ এনে চৰম সিদ্ধান্তত, যিয়ে ঘটনাটো ৰহস্যজনক কৰি তুলিছে। কিমান আঘাত পালে, কিমান বব নোৱাৰা বেদনাত কলিজা কলা পৰিলে সত্তৰ উৰ্ধৰ এহাল পতি -পত্নীয়ে জীৱনক লৈ এনে কঠোৰ আৰু নিৰ্মম সিদ্ধান্ত ল'ব পাৰে!


দিন-হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বৃদ্ধ দম্পতী এনে কি মানসিক যন্ত্ৰনাত ভুগিছিল, যাৰ বাবে নিজকে নিঃশেষ কৰি নিজৰ ওপৰতে প্ৰতিশোধ লৈ নহা বাটেৰে গুছি গ'ল বুকুত এবুকু বেদনা লৈ। পুত্ৰ-বোৱাৰী বা আন কোনো সদস্য নথকা বৃদ্ধ দম্পতীৰ আত্মহত্যাৰ কাৰণ পাৰিবাৰিক সংঘাত হোৱাৰ আশংকা মুঠেই নাই।


এনেক্ষেত্ৰত সামাজিকভাৱে বৃদ্ধ দম্পতীৰ ওপৰত কোনো লোকে চলাইছিল নেকি মানসিক নিৰ্যাতন নে কোনো সামাজিক চক্ৰৰ চৰ্ত পূৰণ কৰিব নোৱাৰি জীৱনৰ প্ৰতি ক্ষোভ আক্ষেপত লোৱা চৰম সিন্ধান্ত এয়া। এয়াই যদি নহয়, তেন্তে নিৰুত্তৰ কিয় সকলো। ঘটনাটোৰ পাছত এনেবোৰ প্ৰশ্নৰ কোলোহলে আগভেটা দিছে সচেতন মহলক। এতিয়া আৰক্ষীৰ তদন্ততহে ওলাই পৰিব বৃদ্ধ দম্পতীৰ আত্মহত্যাৰ আঁৰৰ প্ৰকৃত ৰহস্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ