--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ব্ৰহ্মপুত্ৰ নদীৰ পানী কমিছে যদিও তীব্র সোঁত হ্রাস পোৱা নাই। প্রবল সোঁতৰ বাবেই খহনীয়াৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক : বিলাসীপাৰা আৰু আটানী ৰাজহ চক্ৰৰ অন্তৰ্গত মায়াৰ চৰ কেবা খণ্ড আৰু শাইলধাৰা এলেকাত সম্প্ৰতি ব্ৰহ্মপুত্ৰ নদীৰ প্ৰচণ্ড খহনীয়া অব্যাহত আছে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ নদীৰ পানী কমিছে যদিও তীব্র সোঁত হ্রাস পোৱা নাই। প্রবল সোঁতৰ বাবেই খহনীয়াৰ সৃষ্টি হৈছে।


যোৱা কেইমাহত শাইলধাৰা, চেংগেৰ আলগা, বাকপাৰা, আলুপাৰা, মায়াৰ চৰ কেবাখণ্ড গাঁৱৰ প্ৰায় ২০টা পৰিয়ালৰ ক্ষতিসাধন হোৱা বুলি ৰাইজে জনাইছে। কেইবাটাও পৰিয়াল গৃহহীন হোৱা পৰিলক্ষিত হয়।


বর্তমান গৃহহীন পৰিয়ালবোৰে ৰাস্তাৰ ওপৰতে কোনোমতে আশ্রয় লৈ জীৱন নিৰ্বাহ কৰি আছে। কেইবাশ পৰিয়াল খহনীয়াৰ কবলত পৰিছে।


চৰকাৰী, বেচৰকাৰী অনুষ্ঠান আদিও জাহ যোৱাৰ উপৰি কেইবাখনো বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি আহি পৰিছে।


এম জি এনৰেগা, পি এম জি, ৰাস্তা-কার্লভার্ট নদীৰ বুকুত জাহ গৈছে। বহু পুৰণা বসতিস্থল, গছ-গছনি, খেতিপথাৰ নদীৰ বুকুত অদৃশ্য হৈ গল। চৰকাৰ আৰু ৰাজহ বিভাগৰ পৰা চক্ৰ বিষয়া, লাটমণ্ডল, জনপ্রতিনিধিয়ে আজিৰ তাৰিখলৈকে ভৰি দিয়া নাই বুলি ৰাইজে অভিযোগ কৰিছে। আনকি দুর্দশাগ্রস্তৰ কাষলৈ কোনো জনপ্রতিনিধি অহা নাই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ