--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ব্ৰহ্মপুত্ৰ নদীৰ পানী কমিছে যদিও তীব্র সোঁত হ্রাস পোৱা নাই। প্রবল সোঁতৰ বাবেই খহনীয়াৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক : বিলাসীপাৰা আৰু আটানী ৰাজহ চক্ৰৰ অন্তৰ্গত মায়াৰ চৰ কেবা খণ্ড আৰু শাইলধাৰা এলেকাত সম্প্ৰতি ব্ৰহ্মপুত্ৰ নদীৰ প্ৰচণ্ড খহনীয়া অব্যাহত আছে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ নদীৰ পানী কমিছে যদিও তীব্র সোঁত হ্রাস পোৱা নাই। প্রবল সোঁতৰ বাবেই খহনীয়াৰ সৃষ্টি হৈছে।


যোৱা কেইমাহত শাইলধাৰা, চেংগেৰ আলগা, বাকপাৰা, আলুপাৰা, মায়াৰ চৰ কেবাখণ্ড গাঁৱৰ প্ৰায় ২০টা পৰিয়ালৰ ক্ষতিসাধন হোৱা বুলি ৰাইজে জনাইছে। কেইবাটাও পৰিয়াল গৃহহীন হোৱা পৰিলক্ষিত হয়।


বর্তমান গৃহহীন পৰিয়ালবোৰে ৰাস্তাৰ ওপৰতে কোনোমতে আশ্রয় লৈ জীৱন নিৰ্বাহ কৰি আছে। কেইবাশ পৰিয়াল খহনীয়াৰ কবলত পৰিছে।


চৰকাৰী, বেচৰকাৰী অনুষ্ঠান আদিও জাহ যোৱাৰ উপৰি কেইবাখনো বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি আহি পৰিছে।


এম জি এনৰেগা, পি এম জি, ৰাস্তা-কার্লভার্ট নদীৰ বুকুত জাহ গৈছে। বহু পুৰণা বসতিস্থল, গছ-গছনি, খেতিপথাৰ নদীৰ বুকুত অদৃশ্য হৈ গল। চৰকাৰ আৰু ৰাজহ বিভাগৰ পৰা চক্ৰ বিষয়া, লাটমণ্ডল, জনপ্রতিনিধিয়ে আজিৰ তাৰিখলৈকে ভৰি দিয়া নাই বুলি ৰাইজে অভিযোগ কৰিছে। আনকি দুর্দশাগ্রস্তৰ কাষলৈ কোনো জনপ্রতিনিধি অহা নাই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ