--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিয়া পতাৰ পাছত এজন যুৱকৰ জীৱনলৈ কাল অমানিশা নামি আহিল। বহু হেঁপাহ, বহু আশাৰে সংসাৰৰ পাতনি মেলিছিল যুৱকজনে।

ডিজিটেল ডেস্ক : বিয়া পতাৰ পাছত এজন যুৱকৰ জীৱনলৈ কাল অমানিশা নামি আহিল। বহু হেঁপাহ, বহু আশাৰে সংসাৰৰ পাতনি মেলিছিল যুৱকজনে। কিন্তু বিয়াৰ ১০ দিনৰ পাছতেই সকলো উলট-পালট হৈ পৰিল। 


উত্তৰ প্ৰদেশৰ চণ্ডাউলিৰ পৰা এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে। ইয়াত বিয়াৰ মাত্ৰ ১০ দিনৰ পিছত এগৰাকী নৱবিবাহিত কইনাই স্বামীৰ সৈতে বজাৰ কৰিবলৈ গৈ পলায়ন কৰে। এই ঘটনা জিলাখনৰ মোগলচৰাই কোটৱালি অঞ্চলৰ, য’ত ভুক্তভোগী স্বামী শ্বমশ্বেৰ চৌহানে পত্নীৰ নিৰুদ্দেশৰ অভিযোগ থানাত দাখিল কৰিছে।


তথ্য অনুসৰি ছাইদপুৰা গাঁৱৰ বাসিন্দা শ্বমশ্বেৰ চৌহানে যোৱা ৪ জুনত মাৱাই খুৰদ গাঁৱৰ নিবাসী খুছিৰ লগত সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত ঘৰখনত সুখৰ পৰিবেশ বিৰাজ কৰিছিল যদিও ১৪ জুনত সকলো সলনি হৈ গ’ল।


শ্বমশ্বেৰে কয় যে সেইদিনা তেওঁৰ পত্নীয়ে মূৰৰ বিষৰ অভিযোগ কৰিছিল আৰু তেওঁক ডাক্তৰৰ ওচৰলৈ নিবলৈ কৈছিল। ঔষধ খোৱাৰ পিছত খুছিয়ে বজাৰ কৰিবলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে স্বামীৰ আগত। দুয়ো পণ্ডিত দীনদয়াল উপাধ্যায় নগৰৰ বজাৰ পালেগৈ।


বজাৰত কিছু বজাৰ কৰি দুয়োওচৰৰ ৰেষ্টুৰেণ্ট এখনত খাবলৈ সোমাল। ৰেষ্টুৰেণ্টত চিংৰা আৰু চাহ অৰ্ডাৰ দিয়াৰ পিছত খুছিয়ে ৱাশ্বৰুমলৈ যাব বিচৰা বুলি কৈ টেবুলৰ পৰা উঠি গ’ল। বহুসময় ঘূৰি নহাৰ পাছত শ্বমশ্বেৰে সকলোকে সোধা-পোছা কৰি খুছিৰ সন্ধান কৰে কিন্তু খুছিক ক’তো পোৱা নগ’ল। খুছিৰ ফোনটোও ছুইটছ অফ হৈ পৰে। ইফালে সিফালে বিচাৰি ফুৰাৰ পিছতো যেতিয়া তেওঁ পত্নীক বিচাৰি নাপালে, তেতিয়া শ্বমশ্বেৰে ঘৰলৈ উভতি আহি পৰিয়ালৰ লোকক এই বিষয়ে অৱগত কৰে।


পৰিয়ালৰ সৈতে মিলি শ্বমশ্বেৰে থানালৈ গৈ নিৰুদ্দেশ হোৱা পত্নীৰ বিৰু্দ্ধে এজাহাৰ দাখিল কৰে। শহুৰেকৰ ঘৰত খবৰ দিয়াৰ লগে লগে খুছি মাতৃগৃহত উপস্থিত হোৱা নাই বুলিও পোহৰলৈ আহিল। উপ-অধীক্ষক ৰাজীৱ ছিছ’দিয়াই ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক