--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিয়া পতাৰ পাছত এজন যুৱকৰ জীৱনলৈ কাল অমানিশা নামি আহিল। বহু হেঁপাহ, বহু আশাৰে সংসাৰৰ পাতনি মেলিছিল যুৱকজনে।

ডিজিটেল ডেস্ক : বিয়া পতাৰ পাছত এজন যুৱকৰ জীৱনলৈ কাল অমানিশা নামি আহিল। বহু হেঁপাহ, বহু আশাৰে সংসাৰৰ পাতনি মেলিছিল যুৱকজনে। কিন্তু বিয়াৰ ১০ দিনৰ পাছতেই সকলো উলট-পালট হৈ পৰিল। 


উত্তৰ প্ৰদেশৰ চণ্ডাউলিৰ পৰা এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে। ইয়াত বিয়াৰ মাত্ৰ ১০ দিনৰ পিছত এগৰাকী নৱবিবাহিত কইনাই স্বামীৰ সৈতে বজাৰ কৰিবলৈ গৈ পলায়ন কৰে। এই ঘটনা জিলাখনৰ মোগলচৰাই কোটৱালি অঞ্চলৰ, য’ত ভুক্তভোগী স্বামী শ্বমশ্বেৰ চৌহানে পত্নীৰ নিৰুদ্দেশৰ অভিযোগ থানাত দাখিল কৰিছে।


তথ্য অনুসৰি ছাইদপুৰা গাঁৱৰ বাসিন্দা শ্বমশ্বেৰ চৌহানে যোৱা ৪ জুনত মাৱাই খুৰদ গাঁৱৰ নিবাসী খুছিৰ লগত সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত ঘৰখনত সুখৰ পৰিবেশ বিৰাজ কৰিছিল যদিও ১৪ জুনত সকলো সলনি হৈ গ’ল।


শ্বমশ্বেৰে কয় যে সেইদিনা তেওঁৰ পত্নীয়ে মূৰৰ বিষৰ অভিযোগ কৰিছিল আৰু তেওঁক ডাক্তৰৰ ওচৰলৈ নিবলৈ কৈছিল। ঔষধ খোৱাৰ পিছত খুছিয়ে বজাৰ কৰিবলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰে স্বামীৰ আগত। দুয়ো পণ্ডিত দীনদয়াল উপাধ্যায় নগৰৰ বজাৰ পালেগৈ।


বজাৰত কিছু বজাৰ কৰি দুয়োওচৰৰ ৰেষ্টুৰেণ্ট এখনত খাবলৈ সোমাল। ৰেষ্টুৰেণ্টত চিংৰা আৰু চাহ অৰ্ডাৰ দিয়াৰ পিছত খুছিয়ে ৱাশ্বৰুমলৈ যাব বিচৰা বুলি কৈ টেবুলৰ পৰা উঠি গ’ল। বহুসময় ঘূৰি নহাৰ পাছত শ্বমশ্বেৰে সকলোকে সোধা-পোছা কৰি খুছিৰ সন্ধান কৰে কিন্তু খুছিক ক’তো পোৱা নগ’ল। খুছিৰ ফোনটোও ছুইটছ অফ হৈ পৰে। ইফালে সিফালে বিচাৰি ফুৰাৰ পিছতো যেতিয়া তেওঁ পত্নীক বিচাৰি নাপালে, তেতিয়া শ্বমশ্বেৰে ঘৰলৈ উভতি আহি পৰিয়ালৰ লোকক এই বিষয়ে অৱগত কৰে।


পৰিয়ালৰ সৈতে মিলি শ্বমশ্বেৰে থানালৈ গৈ নিৰুদ্দেশ হোৱা পত্নীৰ বিৰু্দ্ধে এজাহাৰ দাখিল কৰে। শহুৰেকৰ ঘৰত খবৰ দিয়াৰ লগে লগে খুছি মাতৃগৃহত উপস্থিত হোৱা নাই বুলিও পোহৰলৈ আহিল। উপ-অধীক্ষক ৰাজীৱ ছিছ’দিয়াই ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ