--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কোনোবাই হয়তো ঠিকেই কৈছিল প্ৰেমে নামানে কোনো বাধা, প্ৰেমে নামানে কোনো সীমা। কোৱা হয় প্ৰেমৰ কোনো বয়স নাই, মহাৰাষ্ট্ৰৰ এই দম্পতীৰ লগত কথাষাৰ বৰ্তমান একেবাৰে মিলি গ'ল। দৰাচলতে ৭৫ বছৰ বয়সত এজন বৃদ্ধ পুৰুষে এগৰাকী ৭০ বছৰীয়া বৃদ্ধাক বিয়া কৰাইছে। এতিয়া এই অনন্য বিবাহৰ বিষয়ে সমগ্ৰ মহাৰাষ্ট্ৰতে চৰ্চা চলিছে। ঘটনাটো মহাৰাষ্ট্ৰৰ কলহাপুৰ জিলাৰ । বিয়াৰ আগতে দৰা-কইনা বৃদ্ধাশ্ৰমত বাস কৰিছিল। য'ত দুয়োজনে ইজনে সিজনক চিনি পালে আৰু তাৰ পাছত ইজনে সিজনৰ লগত অধিক জীৱন কটাবলৈ সিদ্ধান্ত ল'লে। পুনে জিলাৰ ৱাঘোলিৰ এইগৰাকী ৭০ বছৰীয়া বৃদ্ধা কইনাৰ নাম অনুসূয়া শিণ্ডে। আনহাতে তহচিলৰ বাসিন্দা ৭৫ বছৰীয়া দৰাজনৰ নাম বাবুৰাও পাটিল। দুয়োজনেই ইতিমধ্যে পূৰ্বৰ জীৱন সংগীক  হেৰুৱাইছিল।

এই কাৰণতে দুয়োজন লোকে আগতে শিৰোল তহচিলৰ ঘোছাৰৱাডত থকা জানকী বৃদ্ধাশ্ৰমত বাস কৰিছিল। বৃদ্ধাশ্ৰমৰ পৰিচালক বাবাছাহেব পূজাৰীয়ে যেতিয়া তেওঁলোকৰ বিয়াৰ ইচ্ছাৰ কথা জানিব পাৰিলে, তেতিয়া তেওঁ প্ৰয়োজনীয় সকলো কাগজ-পত্ৰ সম্পূৰ্ণ কৰি দুয়োজন মানুহক বিয়া কৰাই দিলে।

বিয়াৰ আগতে দুয়োজন লোকেই অকলশৰীয়া জীৱনৰ দুখ কষ্টেৰে জীৱন অতিবাহিত কৰিছিল। চিনাকি হোৱাৰ পাছৰে পৰা ইজনে সিজনৰ লগত কথা পতা আৰু দুখৰ ভাগ-বতৰা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। এই অনন্য বিবাহ অনুষ্ঠিত হোৱাত গাঁৱৰ বিশিষ্ট লোকসকলৰ উপস্থিত হয় আৰু সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহ সম্পন্ন হৈছিল। এই বিবাহত কোনো জাতি, উচ্চ বা নিম্ন বা ৰাশিফলৰ মিল হোৱা নাই। দম্পতীহালৰ শাৰীৰিক সুখ বা আনকি ধন-সম্পত্তিৰ প্ৰতিও কোনো আকাংক্ষা নাই।

যদি এই দম্পতীৰ কোনো ইচ্ছা আছে, তেন্তে সেয়া হ'ল বাকী থকা জীৱনত ইজনে সিজনৰ লগত আনন্দেৰে জীৱন অতিবাহিত কৰা। বিয়াৰ পিছতো এই বৃদ্ধ দম্পতী বৃদ্ধাশ্ৰমত থাকিব। বিয়াৰ আগতেও দুয়োয়ে সকলো দিশৰ ওপৰত চিন্তা শেষ সিদ্ধান্ত লবলৈ সক্ষম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে