--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কোনোবাই হয়তো ঠিকেই কৈছিল প্ৰেমে নামানে কোনো বাধা, প্ৰেমে নামানে কোনো সীমা। কোৱা হয় প্ৰেমৰ কোনো বয়স নাই, মহাৰাষ্ট্ৰৰ এই দম্পতীৰ লগত কথাষাৰ বৰ্তমান একেবাৰে মিলি গ'ল। দৰাচলতে ৭৫ বছৰ বয়সত এজন বৃদ্ধ পুৰুষে এগৰাকী ৭০ বছৰীয়া বৃদ্ধাক বিয়া কৰাইছে। এতিয়া এই অনন্য বিবাহৰ বিষয়ে সমগ্ৰ মহাৰাষ্ট্ৰতে চৰ্চা চলিছে। ঘটনাটো মহাৰাষ্ট্ৰৰ কলহাপুৰ জিলাৰ । বিয়াৰ আগতে দৰা-কইনা বৃদ্ধাশ্ৰমত বাস কৰিছিল। য'ত দুয়োজনে ইজনে সিজনক চিনি পালে আৰু তাৰ পাছত ইজনে সিজনৰ লগত অধিক জীৱন কটাবলৈ সিদ্ধান্ত ল'লে। পুনে জিলাৰ ৱাঘোলিৰ এইগৰাকী ৭০ বছৰীয়া বৃদ্ধা কইনাৰ নাম অনুসূয়া শিণ্ডে। আনহাতে তহচিলৰ বাসিন্দা ৭৫ বছৰীয়া দৰাজনৰ নাম বাবুৰাও পাটিল। দুয়োজনেই ইতিমধ্যে পূৰ্বৰ জীৱন সংগীক  হেৰুৱাইছিল।

এই কাৰণতে দুয়োজন লোকে আগতে শিৰোল তহচিলৰ ঘোছাৰৱাডত থকা জানকী বৃদ্ধাশ্ৰমত বাস কৰিছিল। বৃদ্ধাশ্ৰমৰ পৰিচালক বাবাছাহেব পূজাৰীয়ে যেতিয়া তেওঁলোকৰ বিয়াৰ ইচ্ছাৰ কথা জানিব পাৰিলে, তেতিয়া তেওঁ প্ৰয়োজনীয় সকলো কাগজ-পত্ৰ সম্পূৰ্ণ কৰি দুয়োজন মানুহক বিয়া কৰাই দিলে।

বিয়াৰ আগতে দুয়োজন লোকেই অকলশৰীয়া জীৱনৰ দুখ কষ্টেৰে জীৱন অতিবাহিত কৰিছিল। চিনাকি হোৱাৰ পাছৰে পৰা ইজনে সিজনৰ লগত কথা পতা আৰু দুখৰ ভাগ-বতৰা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। এই অনন্য বিবাহ অনুষ্ঠিত হোৱাত গাঁৱৰ বিশিষ্ট লোকসকলৰ উপস্থিত হয় আৰু সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহ সম্পন্ন হৈছিল। এই বিবাহত কোনো জাতি, উচ্চ বা নিম্ন বা ৰাশিফলৰ মিল হোৱা নাই। দম্পতীহালৰ শাৰীৰিক সুখ বা আনকি ধন-সম্পত্তিৰ প্ৰতিও কোনো আকাংক্ষা নাই।

যদি এই দম্পতীৰ কোনো ইচ্ছা আছে, তেন্তে সেয়া হ'ল বাকী থকা জীৱনত ইজনে সিজনৰ লগত আনন্দেৰে জীৱন অতিবাহিত কৰা। বিয়াৰ পিছতো এই বৃদ্ধ দম্পতী বৃদ্ধাশ্ৰমত থাকিব। বিয়াৰ আগতেও দুয়োয়ে সকলো দিশৰ ওপৰত চিন্তা শেষ সিদ্ধান্ত লবলৈ সক্ষম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু