--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্কট ৰোগ এনেকুৱা এটা বেমাৰ, মাত্ৰ নাম শুনি মানুহৰ বুকু কঁপি উঠে। কেন্সাৰ বিভিন্ন প্ৰকাৰৰ, যাৰ নিজস্ব লক্ষণ আৰু বিপদ আছে। এনে পৰিস্থিতিত খাদ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ জৰিয়তে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পৰা যায়। শীতকালত কিছুমান খাদ্য খোৱা-বোৱাই বহু পৰিমাণে কৰ্কট ৰোগৰ সৈতে মোকাবিলা কৰাত ফলপ্ৰসূ হয়।

কেন্সাৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
বহু ফলমূল, ব্ৰকলি, বিলাহী আৰু পিঁয়াজৰ দৰে শাক-পাচলিত ফাইটোনিউট্ৰিয়েণ্ট পোৱা যায়। ইহঁতে আপোনাক আন বিপদ যেনে ভেঁকুৰ, বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও এনে উপাদান থাকে, যিয়ে শৰীৰক কেন্সাৰৰ দৰে ৰোগৰ পৰা ৰক্ষা কৰে।

কোনো খাদ্য সামগ্ৰীয়ে শৰীৰৰ পৰা কেন্সাৰ ওলাই অহা বা বিয়পি পৰাত বাধা দিব নোৱাৰে। কিন্তু নিয়মিতভাৱে কিছুমান শাক-পাচলি, ফল-মূল আৰু গোটা শস্য সেৱন কৰিলে ইয়াৰ আশংকা কমাব পাৰি। এতিয়া সেইবোৰ কথাৰ বিষয়ে জানি লওক, যিবোৰে কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে। সেই সমূহ খাদ্য সামগ্ৰী হ'ল-  

হালধি: আমি সকলোৱে দৈনন্দিন জীৱনত হালধি ব্যৱহাৰ কৰো। কিন্তু কমসংখ্যক লোকেহে জানে যে ইয়াত কাৰকুমিন নামৰ পদাৰ্থ এটা পোৱা যায়, যিয়ে হাওঁফাওঁ, স্তন, গেষ্ট্ৰাইটিছ আৰু ছালৰ কৰ্কট কোষৰ বৃদ্ধি ৰোধ কৰিব পাৰে।

বিলাহী: বিলাহী গুণৰ ভঁৰাল। হৃদৰোগ আৰু প্ৰষ্টেট কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ই উপকাৰী। ইয়াত লাইকোপিন নামৰ শক্তিশালী এন্টিঅক্সিডেন্ট ফাইটোকেমিকেল থাকে, যাৰ বাবে ইয়াৰ ৰং ৰঙা হয়। বহু গৱেষণাত প্ৰকাশ পাইছে যে লাইকোপেন থকা খাদ্য সামগ্ৰীয়ে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে।

আখৰোট: এইটো এটা আটাইতকৈ উপকাৰী বাদাম। ইয়াৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা আছে। ট’ক’ফেৰল আৰু ওমেগা ৩ ফেটি এচিডৰ দৰে জৈৱ সক্ৰিয় পদাৰ্থৰে সজ্জিত আখৰোটে টিউমাৰ গঠন হোৱাত বাধা দিয়ে। ইয়াত থকা ফাইটোষ্টেৰল আৰু ভিটামিন-ইয়েও কলেষ্টেৰল হ্ৰাস কৰে। স্তন কেন্সাৰ কোষৰ ইষ্ট্ৰজেন ৰিচেপ্টৰ ফাইট’ষ্টেৰলৰ জৰিয়তে বন্ধ কৰিব পাৰি।

ব্ৰকলিঃ কলন, মূত্ৰাশয় আৰু প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা কম কৰিবলৈ এইবিধ অতি উত্তম শাক। এই আঁহযুক্ত শাকত প্ৰচুৰ পৰিমাণে ছালফ’ৰাফেন থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। লগতে যিবোৰ বস্তুৱে কেন্সাৰৰ জন্ম দিয়ে সেইবোৰো ই মাৰি পেলায়।

নহৰু: নহৰুৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ শক্তি আছে বুলি বিশ্বাস কৰা হয়। ই প্ৰাকৃতিক হত্যাকাৰী কোষ, মেক্ৰ’ফেজ বৃদ্ধি কৰি কেন্সাৰ কোষৰ বৃদ্ধিত বাধা ৰাখে। আচাৰ হিচাপে বা আনকি কেঁচাও খাব পাৰে।

বীন: ইয়াত কেন্সাৰ প্ৰতিৰোধী পদাৰ্থ যেনে ফেনলিক এচিড, এন্থ’চাইনিন থাকে, যিয়ে কলৰেক্টাল কেন্সাৰৰ আশংকাৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু