--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্কট ৰোগ এনেকুৱা এটা বেমাৰ, মাত্ৰ নাম শুনি মানুহৰ বুকু কঁপি উঠে। কেন্সাৰ বিভিন্ন প্ৰকাৰৰ, যাৰ নিজস্ব লক্ষণ আৰু বিপদ আছে। এনে পৰিস্থিতিত খাদ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ জৰিয়তে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পৰা যায়। শীতকালত কিছুমান খাদ্য খোৱা-বোৱাই বহু পৰিমাণে কৰ্কট ৰোগৰ সৈতে মোকাবিলা কৰাত ফলপ্ৰসূ হয়।

কেন্সাৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
বহু ফলমূল, ব্ৰকলি, বিলাহী আৰু পিঁয়াজৰ দৰে শাক-পাচলিত ফাইটোনিউট্ৰিয়েণ্ট পোৱা যায়। ইহঁতে আপোনাক আন বিপদ যেনে ভেঁকুৰ, বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও এনে উপাদান থাকে, যিয়ে শৰীৰক কেন্সাৰৰ দৰে ৰোগৰ পৰা ৰক্ষা কৰে।

কোনো খাদ্য সামগ্ৰীয়ে শৰীৰৰ পৰা কেন্সাৰ ওলাই অহা বা বিয়পি পৰাত বাধা দিব নোৱাৰে। কিন্তু নিয়মিতভাৱে কিছুমান শাক-পাচলি, ফল-মূল আৰু গোটা শস্য সেৱন কৰিলে ইয়াৰ আশংকা কমাব পাৰি। এতিয়া সেইবোৰ কথাৰ বিষয়ে জানি লওক, যিবোৰে কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে। সেই সমূহ খাদ্য সামগ্ৰী হ'ল-  

হালধি: আমি সকলোৱে দৈনন্দিন জীৱনত হালধি ব্যৱহাৰ কৰো। কিন্তু কমসংখ্যক লোকেহে জানে যে ইয়াত কাৰকুমিন নামৰ পদাৰ্থ এটা পোৱা যায়, যিয়ে হাওঁফাওঁ, স্তন, গেষ্ট্ৰাইটিছ আৰু ছালৰ কৰ্কট কোষৰ বৃদ্ধি ৰোধ কৰিব পাৰে।

বিলাহী: বিলাহী গুণৰ ভঁৰাল। হৃদৰোগ আৰু প্ৰষ্টেট কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ই উপকাৰী। ইয়াত লাইকোপিন নামৰ শক্তিশালী এন্টিঅক্সিডেন্ট ফাইটোকেমিকেল থাকে, যাৰ বাবে ইয়াৰ ৰং ৰঙা হয়। বহু গৱেষণাত প্ৰকাশ পাইছে যে লাইকোপেন থকা খাদ্য সামগ্ৰীয়ে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে।

আখৰোট: এইটো এটা আটাইতকৈ উপকাৰী বাদাম। ইয়াৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা আছে। ট’ক’ফেৰল আৰু ওমেগা ৩ ফেটি এচিডৰ দৰে জৈৱ সক্ৰিয় পদাৰ্থৰে সজ্জিত আখৰোটে টিউমাৰ গঠন হোৱাত বাধা দিয়ে। ইয়াত থকা ফাইটোষ্টেৰল আৰু ভিটামিন-ইয়েও কলেষ্টেৰল হ্ৰাস কৰে। স্তন কেন্সাৰ কোষৰ ইষ্ট্ৰজেন ৰিচেপ্টৰ ফাইট’ষ্টেৰলৰ জৰিয়তে বন্ধ কৰিব পাৰি।

ব্ৰকলিঃ কলন, মূত্ৰাশয় আৰু প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা কম কৰিবলৈ এইবিধ অতি উত্তম শাক। এই আঁহযুক্ত শাকত প্ৰচুৰ পৰিমাণে ছালফ’ৰাফেন থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। লগতে যিবোৰ বস্তুৱে কেন্সাৰৰ জন্ম দিয়ে সেইবোৰো ই মাৰি পেলায়।

নহৰু: নহৰুৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ শক্তি আছে বুলি বিশ্বাস কৰা হয়। ই প্ৰাকৃতিক হত্যাকাৰী কোষ, মেক্ৰ’ফেজ বৃদ্ধি কৰি কেন্সাৰ কোষৰ বৃদ্ধিত বাধা ৰাখে। আচাৰ হিচাপে বা আনকি কেঁচাও খাব পাৰে।

বীন: ইয়াত কেন্সাৰ প্ৰতিৰোধী পদাৰ্থ যেনে ফেনলিক এচিড, এন্থ’চাইনিন থাকে, যিয়ে কলৰেক্টাল কেন্সাৰৰ আশংকাৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement