--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত কৰ্কট ৰোগ দ্ৰুতগতিত বিয়পি পৰা বিপদজনক ৰোগত পৰিণত হৈছে।  মহিলাৰ ক্ষেত্ৰতো স্তন কেন্সাৰ আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগৰ পিছত আন এটা কেন্সাৰ দ্ৰুতগতিত উত্থান ঘটিছে, যিটো অতি বিপজ্জনক। সেয়া হৈছে ‘ছাৰ্ভাইকেল কেন্সাৰ’। এইচ পি ভি ভাইৰাছৰ সংক্ৰমণৰ ফলত ছাৰ্ভাইকেল কেন্সাৰ হয়। ই এক যৌন সংক্ৰামক ভাইৰাছ, যি যৌন সম্পৰ্কৰ জৰিয়তে বিয়পে। যদি কোনোবাই বাৰে বাৰে এই ভাইৰাছত আক্ৰান্ত হয়, তেন্তে তেওঁ পিছত এই বিপজ্জনক ৰোগৰ বলি হ’ব পাৰে।

 মহিলাৰ জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰিছে যে ৯ৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীৰ বাবে এপ্ৰিল মাহত দেশজোৰা প্ৰতিষেধক অভিযান আৰম্ভ কৰা হ’ব। এই ড্ৰাইভৰ অধীনত সেই নতুন ভেকচিন ব্যৱহাৰ কৰা হ’ব, যিয়ে হিউমেন পেপিলোমা ভাইৰাছ (এইচ পি ভি)ক লক্ষ্য কৰি ল’ব পাৰে। এইচ পি ভি ভাইৰাছে নিজেই ভৱিষ্যতে ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা সৃষ্টি কৰে। কেতিয়াবা ইয়াৰ ফলত আন কেন্সাৰৰো সৃষ্টি হয়।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি, ২০১৯ চনৰ পৰা ভাৰতত ৪১ লাখ মহিলাই এই ভয়ংকৰ ৰোগৰ বাবে প্ৰাণ হেৰুৱাইছে। ২০৭০ চনৰ ভিতৰত ৫৭ লাখ মহিলাৰ মৃত্যুৰ সম্ভাৱনা আছে বুলিও WHO-এ দাবী কৰিছে। ছাৰ্ভাইকেল কেন্সাৰৰ সম্ভাৱনা কম কৰিবলৈ মহিলাৰ প্ৰতিৰোধমূলক টিকাকৰণৰ প্ৰয়োজন।

টিকাকৰণৰ নেশ্যনেল টেকনিকেল এডভাইজাৰী গ্ৰুপৰ অধ্যক্ষ এন কে অৰোৰাই ডব্লিউ এইচ অ’ক জনোৱা মতে, টিকাকৰণৰ বাবে এক সঠিক ৰোডমেপ আৰু কৌশল প্ৰস্তুত কৰা হৈছে। Covid vaccination drive ৰ পৰা লাভ কৰা অভিজ্ঞতাই আমাক বহুত সহায় কৰিছে। ভাৰতীয় ছিৰাম ইনষ্টিটিউট (SII)ৰ দ্বাৰা প্ৰস্তুত কৰা এই 'চতুৰ্ভুজ ভেকচিন', যাক "Cervavac" বুলিও কোৱা হয়। এই ভেকচিনে এইচ পি ভি ভাইৰাছৰ পৰা বহু দিশত সুৰক্ষা প্ৰদান কৰে।

বৰ্তমান ভাৰত ভেকচিনৰ বাবে সম্পূৰ্ণৰূপে বিদেশী নিৰ্মাতাৰ ওপৰত নিৰ্ভৰশীল, যিবোৰ অতি ব্যয়বহুল। ভাৰতে এইচ পি ভিৰ বিৰুদ্ধে অধিক সুলভ মূল্যৰ টিকাকৰণ বিচাৰে যাতে অধিক সংখ্যক মহিলাই এই সুবিধা লাভ কৰিব পাৰে। এইচ পি ভি হৈছে যৌন সংক্ৰামক ভাইৰাছ, যিয়ে যৌনাংগ, ডিঙি আৰু মুখত প্ৰভাৱ পেলায়। এই ৰোগৰ বিৰুদ্ধে নিৰ্মিত চেৰাভাক নামৰ ভেকচিনৰ উৎপাদন ২০২২ চনৰ শেষৰ ফালে আৰম্ভ হৈছিল। এই ভেকচিন প্ৰতি ড’জত ২০০ৰ পৰা ৪০০ ভাৰতীয় টকা খৰচ কৰি উপলব্ধ কৰা হ’ব। আশা কৰা হৈছে যে ভাৰতীয় ছিৰাম ইনষ্টিটিউটে দুবছৰৰ ভিতৰত প্ৰায় ২০ কোটি ড’জ উৎপাদন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক