--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত কৰ্কট ৰোগ দ্ৰুতগতিত বিয়পি পৰা বিপদজনক ৰোগত পৰিণত হৈছে।  মহিলাৰ ক্ষেত্ৰতো স্তন কেন্সাৰ আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগৰ পিছত আন এটা কেন্সাৰ দ্ৰুতগতিত উত্থান ঘটিছে, যিটো অতি বিপজ্জনক। সেয়া হৈছে ‘ছাৰ্ভাইকেল কেন্সাৰ’। এইচ পি ভি ভাইৰাছৰ সংক্ৰমণৰ ফলত ছাৰ্ভাইকেল কেন্সাৰ হয়। ই এক যৌন সংক্ৰামক ভাইৰাছ, যি যৌন সম্পৰ্কৰ জৰিয়তে বিয়পে। যদি কোনোবাই বাৰে বাৰে এই ভাইৰাছত আক্ৰান্ত হয়, তেন্তে তেওঁ পিছত এই বিপজ্জনক ৰোগৰ বলি হ’ব পাৰে।

 মহিলাৰ জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰিছে যে ৯ৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীৰ বাবে এপ্ৰিল মাহত দেশজোৰা প্ৰতিষেধক অভিযান আৰম্ভ কৰা হ’ব। এই ড্ৰাইভৰ অধীনত সেই নতুন ভেকচিন ব্যৱহাৰ কৰা হ’ব, যিয়ে হিউমেন পেপিলোমা ভাইৰাছ (এইচ পি ভি)ক লক্ষ্য কৰি ল’ব পাৰে। এইচ পি ভি ভাইৰাছে নিজেই ভৱিষ্যতে ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা সৃষ্টি কৰে। কেতিয়াবা ইয়াৰ ফলত আন কেন্সাৰৰো সৃষ্টি হয়।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি, ২০১৯ চনৰ পৰা ভাৰতত ৪১ লাখ মহিলাই এই ভয়ংকৰ ৰোগৰ বাবে প্ৰাণ হেৰুৱাইছে। ২০৭০ চনৰ ভিতৰত ৫৭ লাখ মহিলাৰ মৃত্যুৰ সম্ভাৱনা আছে বুলিও WHO-এ দাবী কৰিছে। ছাৰ্ভাইকেল কেন্সাৰৰ সম্ভাৱনা কম কৰিবলৈ মহিলাৰ প্ৰতিৰোধমূলক টিকাকৰণৰ প্ৰয়োজন।

টিকাকৰণৰ নেশ্যনেল টেকনিকেল এডভাইজাৰী গ্ৰুপৰ অধ্যক্ষ এন কে অৰোৰাই ডব্লিউ এইচ অ’ক জনোৱা মতে, টিকাকৰণৰ বাবে এক সঠিক ৰোডমেপ আৰু কৌশল প্ৰস্তুত কৰা হৈছে। Covid vaccination drive ৰ পৰা লাভ কৰা অভিজ্ঞতাই আমাক বহুত সহায় কৰিছে। ভাৰতীয় ছিৰাম ইনষ্টিটিউট (SII)ৰ দ্বাৰা প্ৰস্তুত কৰা এই 'চতুৰ্ভুজ ভেকচিন', যাক "Cervavac" বুলিও কোৱা হয়। এই ভেকচিনে এইচ পি ভি ভাইৰাছৰ পৰা বহু দিশত সুৰক্ষা প্ৰদান কৰে।

বৰ্তমান ভাৰত ভেকচিনৰ বাবে সম্পূৰ্ণৰূপে বিদেশী নিৰ্মাতাৰ ওপৰত নিৰ্ভৰশীল, যিবোৰ অতি ব্যয়বহুল। ভাৰতে এইচ পি ভিৰ বিৰুদ্ধে অধিক সুলভ মূল্যৰ টিকাকৰণ বিচাৰে যাতে অধিক সংখ্যক মহিলাই এই সুবিধা লাভ কৰিব পাৰে। এইচ পি ভি হৈছে যৌন সংক্ৰামক ভাইৰাছ, যিয়ে যৌনাংগ, ডিঙি আৰু মুখত প্ৰভাৱ পেলায়। এই ৰোগৰ বিৰুদ্ধে নিৰ্মিত চেৰাভাক নামৰ ভেকচিনৰ উৎপাদন ২০২২ চনৰ শেষৰ ফালে আৰম্ভ হৈছিল। এই ভেকচিন প্ৰতি ড’জত ২০০ৰ পৰা ৪০০ ভাৰতীয় টকা খৰচ কৰি উপলব্ধ কৰা হ’ব। আশা কৰা হৈছে যে ভাৰতীয় ছিৰাম ইনষ্টিটিউটে দুবছৰৰ ভিতৰত প্ৰায় ২০ কোটি ড’জ উৎপাদন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু